বিশ্বকাপ ক্ৰিকেট বুলিলেই আছে অন্য এক সুকীয়া মাদকতা । ৩০ মে’ৰ পৰা ইংলেণ্ডত আৰম্ভ হ’ব বিশ্ব ক্ৰিকেটৰ সৰ্ববৃহৎ প্ৰতিযোগিতাখন । ইতিমধ্যে প্ৰতিযোগিতাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে প্ৰতিটো ক্ৰিকেট দলেই । বিশ্বকাপৰ প্ৰতিটো সংস্কৰণতে বলাৰে লৈ আহিছে গুৰুত্বপূৰ্ণ ভুমিকা ।
![]()
বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট দখল কৰা বলাৰৰ তালিকাৰ শীৰ্ষত আছে অষ্ট্ৰেলিয়াৰ এসময়ৰ বিধ্বংসী বলাৰ গ্লেন মেগ্ৰাথ । বিশ্বকাপত সৰ্বমুঠ ৩৯ খন খেলত ভাগলৈ মেগ্ৰাথে ৭১ টা উইকেট দখল কৰিছে । ২০০৩ চনৰ বিশ্বকাপৰ ফাইনেলত শচিন টেণ্ডুলকাৰৰ উইকেট দখল কৰি অষ্ট্ৰেলিয়াৰ জয়ত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছিল গ্লেন মেগ্ৰাথে ।
![]()
তালিকাৰ দ্বিতীয় স্থানত আছে বিশ্বৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ বলাৰ শ্ৰীলংকাৰ মুথিয়া মুৰুলীধৰণ। বিশ্বকাপত সৰ্বমুঠ ৪০ খন খেলত ভাগলৈ মুৰুলীয়ে দখল কৰিছে ৬৮ টা উইকেট ।
![]()
বিশ্বকাপৰ খেলত উজ্বলি উঠা অন্য এগৰাকী ক্ৰিকেটাৰ হ’ল পাকিস্তানৰ ৱাছিম আক্ৰাম। বিশ্বকাপ ক্ৰিকেটত সৰ্বাধিক উইকেট পোৱা বলাৰৰ তৃতীয় স্থানত আছে পাকিস্তানী খেলুৱৈ জন। আক্ৰামে মুঠ ৩৮ খন খেলত ভাগলৈ দখল কৰিছে ৫৫ টা উইকেট।
![]()
তালিকাৰ চতুৰ্থ স্থানত আছে শ্ৰীলংকাৰ পেছবলাৰ ছামিন্দা ব্যাস । ২০০৩ চনৰ বিশ্বকাপত ব্যাসে চমকপ্ৰ’দ প্ৰদৰ্শন কৰিছিল । ব্যাসে বিশ্বকাপত মুঠ ৩১ খন খেলত ভাগলৈ ৪৯ টা উইকেট দখল কৰিছে ।
![]()
তালিকাৰ পঞ্চম স্থানত আছে ভাৰতৰ দুই দুৰ্দান্ত পেছ বলাৰ জভাগল শ্ৰীনাথ আৰু জাহিৰ খান । দুয়োগৰাকীয়ে বিশ্বকাপত দখল কৰিছে ৪৪ টাকৈ উইকেট।
![]()
য’ত শ্ৰীনাথে ৩৪ খন বিশ্বকাপৰ খেলত ভাগ লোৱাৰ বিপৰীতে জাহিৰে মুঠ ২৩ খন খেলত ভাগ লৈছিল ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|