অৰ্থনৈতিক সংকটত জৰ্জৰিত পাকিস্তানৰ বজাৰত জুই! প্ৰতি কেজি বিলাহীৰ দাম ৩২০ টকা

News18-Assam
Updated:November 11, 2019, 2:45 PM IST
অৰ্থনৈতিক সংকটত জৰ্জৰিত পাকিস্তানৰ বজাৰত জুই! প্ৰতি কেজি বিলাহীৰ দাম ৩২০ টকা
Source-Google

ভয়ংকৰ আৰ্থিক সংকটত পৰিছে চুবুৰীয়া সন্ত্ৰাসজৰ্জৰ ৰাষ্ট্ৰ পাকিস্তান

  • Share this:
ভয়ংকৰ আৰ্থিক সংকটত পৰিছে চুবুৰীয়া সন্ত্ৰাসজৰ্জৰ ৰাষ্ট্ৰ পাকিস্তান। দেশখনত এতিয়া মূল্য বৃদ্ধিও হৈ পৰিছে জনসাধাৰণৰ বাবে মূৰৰ কামোৰণি। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিত এতিয়া জুৰুলা হৈছে পাকিস্তান। মাত্ৰ এদিনতে পাকিস্তানত প্ৰতি কেজি বিলাহীৰ দামত ১৬০ টকা বৃদ্ধি হৈছে। ইয়াৰ ফলত পাকিস্তানৰ বহু কেইখন চহৰত প্ৰতিকেজি বিলাহীৰ দাম হৈছেগৈ ৩২০ টকা।

চৰকাৰো এতিয়া সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত। দেশখনত বিলাহীৰ লগতে অন্যান্য পাচলিৰ দামো বৃদ্ধি পাইছে। সেইদৰে একেদিনাই ২০ টকা বৃদ্ধি পাই পিঁয়াজৰ দাম হৈছেগৈ ৮০ টকা প্ৰতি কেজি। তেনেদৰে কেপচিকামৰ প্ৰতি কেজিৰ মূল্য হৈছেগৈ ৩২০ টকা।
আৰু চাওক পৰৱৰ্তী বাতৰি