মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Neeraj Chopra Gold : সৰুতে গাওঁবুঢ়া বুলি জোকাইছিল সমনীয়াই, জীমৰ পৰা উলিয়াই দিছিল, মলাই খাই ১২ বছৰতে ওজন হৈছিল ৮৫ কিলোগ্ৰাম, আজি তেওঁ সমগ্ৰ দেশৰ গৌৰৱ...

Neeraj Chopra Gold : সৰুতে গাওঁবুঢ়া বুলি জোকাইছিল সমনীয়াই, জীমৰ পৰা উলিয়াই দিছিল, মলাই খাই ১২ বছৰতে ওজন হৈছিল ৮৫ কিলোগ্ৰাম, আজি তেওঁ সমগ্ৰ দেশৰ গৌৰৱ...

Neeraj Chopra Gold: টকিঅ' অলিম্পিক (Tokyo Olympics)ত সোণৰ পদক পাই ইতিহাস ৰচনা কৰা নীৰজ চোপ্ৰাৰ ওজন ১২ বছৰ বয়সত ৮৫ কিলোগ্ৰাম আছিল। যাৰ বাবে তেওঁ যেতিয়াই কুৰ্তা পিন্ধি বাহিৰলৈ ওলাইছিল গাঁৱৰ ল'ৰাই গাওঁবুঢ়া বুলি জোকাই হাৰাশাস্তি কৰিছিল।

  • Share this:
নীৰজ চোপ্ৰা (Neeraj Chopra)ই  টকিঅ' অলিম্পিক (Tokyo Olympics)ত সোণৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিলে। আনহাতে এথলেটিকছত ভাৰতৰ এইটোৱেই হ'ল প্ৰথমটো পদক। নীৰজে ৮৭.৫৮ মিটাৰ যাঠি দলিয়াই সোণৰ পদক দেশবাসীক উপহাৰ দিলে। নীৰজে ইয়াকো প্ৰমাণ কৰিলে যে তেওঁ বৰ্তমান কিমান ফিট। এটা সময় আছিল, যেতিয়া তেওঁক গাঁৱৰ ল'ৰাই গাওঁবুঢ়া বুলি জোকাই জোকাই বাহিৰলৈ ওলাব নোৱাৰা কৰিছিল। ইয়াৰ পিছতেই নীৰজক দেউতাকে জিমত ভৰ্তি কৰি দিবলৈ বাধ্য হৈছিল।

আচলতে, যেতিয়া নীৰজৰ বয়স ১২ বছৰ আছিল তেতিয়া মিঠা মলাই খোৱাৰ বাবে তেওঁৰ ওজন ৮৫ কিলোগ্ৰাম হৈছিলগৈ। তেতিয়া তেওঁ বাহিৰলৈ ওলালেই গাঁৱৰ সমনীয়াই গাওঁবুঢ়া বুলি জোকাই হাৰাশাস্তি কৰিছিল। কেৱল নিজৰ সপোন পূৰাবৰ বাবেই এৰি দিছিল প্ৰিয় মিঠাই।

কেৱল নিজৰ সপোন পূৰাবৰ বাবেই এৰি দিছিল প্ৰিয় মিঠাই :

জীমতো সকলোতকৈ সৰু হোৱাৰ কাৰণে তেওঁক জীমলৈ যাবলৈ মানা কৰি দিছিল। ইয়াৰ পাছত তেওঁ খেলপথাৰত খোজ পেলায় আৰু প্ৰশিক্ষক জয়বীৰ সিঙে তেওঁৰ টেলেণ্টক ভালদৰেই চিনাক্ত কৰে।

প্ৰশিক্ষণ নোহোৱাকৈয়ে নীৰজে ৪০ মিটাৰ পৰ্যন্ত যাঠি বা জেভলিন দলিয়াবলৈ সক্ষম হৈছিল। তাৰ পাছতে তেওঁৰ এক নতুন যাত্ৰা আৰম্ভ হয়।

নীৰজ চোপ্ৰাই নিজৰ সপোন পূৰাবৰ কাৰণে তেওঁৰ প্ৰিয় মিঠা পৰ্য্যন্ত ত্যাগ কৰিছিল। এতিয়া অলিম্পিকত সোণ পোৱাৰ পিছত নীৰজৰ মাতৃয়ে কয় যে তেওঁ এইবাৰ পুত্ৰ উভতি অহাৰ পাছত হেঁপাহ পলুৱাই মিঠাই খুৱাব।

নীৰজে সৰ্বপ্ৰথমে জেবলিন খেলা কলা আৰম্ভ কৰে পানীপথৰ প্ৰশিক্ষক জয়বীৰ সিঙৰ লগত। ইয়াৰ পাছত পঞ্চকুলাত তেওঁ ২০১১ চনৰ পৰা ২০১৬ চনৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ লয়। নীৰজে কেৱল জেভেলিনেই নেখেলে লগতে দৌৰতো আছে নীৰজৰ দখল।

শেহতীয়া বাতৰি