বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / বিশ্ব / Tokyo Olympics: জেভেলিন থ্ৰো ইভেণ্টৰ ফাইনেলত দেশৰ তাৰকা নীৰজ চোপ্ৰা ! ৭ আগষ্টৰ ফাইনেললৈ অপেক্ষা দেশবাসীৰ...

Tokyo Olympics: জেভেলিন থ্ৰো ইভেণ্টৰ ফাইনেলত দেশৰ তাৰকা নীৰজ চোপ্ৰা ! ৭ আগষ্টৰ ফাইনেললৈ অপেক্ষা দেশবাসীৰ...

PC-AP

PC-AP

Tokyo Olympics 2020ত ভাৰতৰ তাৰকা খেলুৱৈ আৰু পদক আশাবাদী নীৰজ চোপ্ৰা (Neeraj Chopra) জেভেলিন থ্ৰো ইভেণ্টৰ ফাইনেলত উপনীত হৈছে।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

টকিঅ’ অলিম্পিকত (Tokyo Olympics 2020) ভাৰতৰ তাৰকা খেলুৱৈ আৰু পদক আশাবাদী নীৰজ চোপ্ৰা (Neeraj Chopra) জেভেলিন থ্ৰো ইভেণ্টৰ ফাইনেলত উপনীত হৈছে। নীৰজ চোপ্ৰাই প্ৰথম প্ৰচেষ্টাত ৮৬.৬৫ মিটাৰৰ সৈতে ৮৩.৫০ মিটাৰ অৰ্হতাৰ মাৰ্ক অৰ্জন কৰিছিল। নীৰজে তেওঁৰ প্ৰথম প্ৰচেষ্টাত তেওঁৰ প্ৰথম অলিম্পিকত যিধৰণে প্ৰদৰ্শন কৰিছিল সেয়া তেওঁৰ পদকৰ আশা আৰু বৃদ্ধি কৰিছে। নীৰজে ২০১৮ এছিয়ান গেমছত সোণৰ পদক জিকিছিল। তেতিয়া তেওঁ ৮৮.০৬ মিটাৰ দূৰত দলিয়াই দিছিল। এইটো এটা ৰাষ্ট্ৰীয় অভিলেখ।

বিজ্ঞাপন

সমগ্ৰ দেশএতিয়া ৭ আগষ্টলৈ অপেক্ষা কৰি আছে যেতিয়া ভাৰতৰ তাৰকা খেলুৱৈ নীৰজ চোপ্ৰাই ইতিহাস ৰচনা কৰিবলৈ খেলপথাৰত অৱতীৰ্ণ হ’ব। পুৰুষৰ জেভেলিন থ্ৰোৰ ফাইনেল ৭ আগষ্টত অনুষ্ঠিত হ’ব। শক্তিশালী সোণৰ পদকৰ দাবীদাৰ হিচাপে বিবেচিত বেট্টৰে দুটা চেষ্টাত ৮২.০৪ আৰু ৮২.৮ মিটাৰ দলিয়াইছে।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন