মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»Tokyo Olympics: ছেমি ফাইনেলত পৰাস্ত ভাৰতীয় পুৰুষ হকী দল, অৱশ্যে এতিয়াও বাকী আছে ব্ৰঞ্জৰ বাবে যুঁজ...

Tokyo Olympics: ছেমি ফাইনেলত পৰাস্ত ভাৰতীয় পুৰুষ হকী দল, অৱশ্যে এতিয়াও বাকী আছে ব্ৰঞ্জৰ বাবে যুঁজ...

Kokil Sarma | News18-Assam
Updated:August 3, 2021, 9:38 AM IST
Tokyo Olympics: ছেমি ফাইনেলত পৰাস্ত ভাৰতীয় পুৰুষ হকী দল, অৱশ্যে এতিয়াও বাকী আছে ব্ৰঞ্জৰ বাবে যুঁজ...
Tokyo Olympics: প্ৰথমখন ছেমি ফাইনেলত ভাৰতীয় পুৰুষ হকী(Indian Hockey Team) দলক বিশ্ব চেম্পিয়ন বেলজিয়ামে ৫-২ গ'লত পৰাস্ত কৰে। ভাৰতৰ পদক(medal)ৰ আশা নাইকিয়া হোৱা নাই, ব্ৰঞ্জ(Bronze)ৰ পদকৰ বাবে ৫ আগষ্টত যুঁজ হ'ব।

Tokyo Olympics: প্ৰথমখন ছেমি ফাইনেলত ভাৰতীয় পুৰুষ হকী(Indian Hockey Team) দলক বিশ্ব চেম্পিয়ন বেলজিয়ামে ৫-২ গ'লত পৰাস্ত কৰে। ভাৰতৰ পদক(medal)ৰ আশা নাইকিয়া হোৱা নাই, ব্ৰঞ্জ(Bronze)ৰ পদকৰ বাবে ৫ আগষ্টত যুঁজ হ'ব।

  • Share this:
Tokyo Olympics: প্ৰথমখন ছেমি ফাইনেলত ভাৰতীয় পুৰুষ হকী(Indian Hockey Team) দল পৰাজিত হয়। বিশ্ব চেম্পিয়ন বেলজিয়ামে ভাৰতক ৫-২ গ'লত পৰাস্ত কৰে। পৰাজয়ৰ পাছতো ভাৰতৰ পদক(medal)ৰ আশা নাইকিয়া হোৱা নাই। ব্ৰঞ্জ(Bronze)ৰ পদকৰ বাবে ৫ আগষ্টত যুঁজ হ'ব। দ্বিতীয় খন ছেমি ফাইনেলত অষ্ট্ৰেলিয়া আৰু জাৰ্মানীৰ মাজত সংঘৰ্ষ হ'ব। এই খেলখনত পৰাজিত দলটোৱে ভাৰতৰ সৈতে খেলিব। ভাৰতে(India) ১৯৮০ চনৰ পিছত পদকৰ বাবে অপেক্ষা কৰি আছে।

পুৰুষৰ শ্ৰেণীৰ প্ৰথমখন ছেমি ফাইনেলত বেলজিয়ামে সুন্দৰ আৰম্ভণি কৰে৷ দ্বিতীয় মিনিটত লক লুইপাৰ্টে পেনাল্টি কৰ্ণাৰত গ'ল কৰি বেলজিয়ামক ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে৷ তাৰ পিছত ভাৰতীয় দলটো উভতি আহে৷ ৭ মিনিটত হামৰমনপ্ৰীত সিঙে পেনাল্টি কৰ্ণাৰত গ'ল কৰি ১-১ ত সমতা আনিছিল৷ মনদীপ সিঙে ৮ ম মিনিটত গ'ল কৰি ভাৰতক ২-১ ৰ অগ্ৰগতি প্ৰদান কৰে। দ্বিতীয় কোৱাৰ্টাৰত বেলজিয়ামে উভতি আহে, ১৯ মিনিটত আলেকজেণ্ডাৰ হেণ্ড্ৰিক্সে কৰ্ণাৰত গ'ল কৰি স্ক'ৰত ২-২ ত সমতা আনি দিয়ে। অৰ্ধ-সময়ত স্ক'ৰ ২-২ ত টাই হৈছিল।

হেণ্ড্ৰিক্সে হেট্ৰিকেৰে জয়ৰ দিশে আগুৱাই লৈ যায়

অৱশ্যে খেলখনৰ তৃতীয় কোৱাৰ্টাৰত দুয়োটা দলে তেওঁলোকৰ গতি হেৰুৱায় আৰু কোনো গ'ল কৰা নহয়। ৪৯ মিনিটত হেণ্ড্ৰিক্সে পেনাল্টি কৰ্ণাৰত দ্বিতীয়টো গ'ল কৰি বেলজিয়ামক ৩-২ ৰ অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পিছত আলেকজেণ্ডাৰ হেণ্ড্ৰিক্সে ৫৩ মিনিটত পেনাল্টি ষ্ট্ৰোকত হেট্ৰিক সম্পূৰ্ণ কৰি বেলজিয়ামক ৪-২ ৰ অগ্ৰগতি প্ৰদান কৰে। ৬০ মিনিটত দোহমেনে গ'ল কৰি বেলজিয়ামক ৫-২ গ'লত অগ্ৰগতি দিয়ে। ভাৰতে একেৰাহে ৪ খন মেচ জিকিছিল, কিন্তু দলটোৱে ছেমি ফাইনেলত প্ৰদৰ্শন পুনৰাবৃত্তি কৰিব নোৱাৰিলে। বেলজিয়ামে প্ৰথম অলিম্পিক স্বৰ্ণ পদকৰ বাবে অপেক্ষা কৰি আছে।

ভাৰতে শেষবাৰৰ বাবে সোণৰ পদক জিকিছিল

ভাৰতীয় হকী দলে শেষবাৰৰ বাবে ১৯৮০ চনত এটা পদক জিকিছিল। দলটোৱে সোণৰ পদক লাভ কৰিছিল। কিন্তু এতিয়া টকিঅ'ৰ দলটোৱে কেৱল অধিকসংখ্যক ব্ৰঞ্জৰ পদক হে পাব পাৰে। দলটোৱে ইয়াৰ পূৰ্বে ১৯২৮, ১৯৩২, ১৯৩৬, ১৯৪৮, ১৯৫২, ১৯৫৬, ১৯৬৪ আৰু ১৯৮০ চনত সোণৰ পদক জিকিছিল। ১৯৬০ চনত ৰূপৰ পদক জিকিছিল আৰু ১৯৬৮ আৰু ১৯৭২ চনত ব্ৰঞ্জৰ পদক জিকিছিল।
Published by: Kokil Sarma
First published: August 3, 2021, 9:38 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি