মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»Sex in Tokyo Olympics 2020 : টকিঅ' অলিম্পিকছত যৌন বিতৰ্ক! অলিম্পিক গেমছ ভিলেজত যৌনতা অপৰিহাৰ্য নেকি!

Sex in Tokyo Olympics 2020 : টকিঅ' অলিম্পিকছত যৌন বিতৰ্ক! অলিম্পিক গেমছ ভিলেজত যৌনতা অপৰিহাৰ্য নেকি!

News18 Assam | News18-Assam
Updated:August 1, 2021, 2:10 PM IST
Sex in Tokyo Olympics 2020 : টকিঅ' অলিম্পিকছত যৌন  বিতৰ্ক! অলিম্পিক গেমছ ভিলেজত যৌনতা অপৰিহাৰ্য নেকি!
“যৌন সম্ভোগৰ পিছত খেলুৱৈসকলে এক নতুন উদ্যম অনুভৱ কৰে।" এই মন্তব্য প্ৰাক্তন জাৰ্মান মহিলা অলিম্পিয়ান ছুছান টিটকে (Susen Tiedtke)ৰ।

“যৌন সম্ভোগৰ পিছত খেলুৱৈসকলে এক নতুন উদ্যম অনুভৱ কৰে।" এই মন্তব্য প্ৰাক্তন জাৰ্মান মহিলা অলিম্পিয়ান ছুছান টিটকে (Susen Tiedtke)ৰ।

  • Share this:
টকিঅ' অলিম্পিকছ (Tokyo Olympics 2020)আৰম্ভ হোৱাৰ আগে আগে গেমছ ভিলেজত কাৰ্ড বোৰ্ডৰ বিছনা লগাই এক প্ৰকাৰ গেমছ ভিলেজত যৌন কাৰ্য (Sex) নিষিদ্ধ বুলি ইংগিত দিছিল আয়োজকে। তাৰ পিছৰ পৰাই গেমছ ভিলেজত যৌন কাৰ্যক লৈ বিতৰ্ক চলি আছে খেলৰ সমানে সমানে।

শেহতীয়াকৈ এগৰাকী প্ৰাক্তন অলিম্পিয়ানে এই সন্দৰ্ভত কৰিছে আন এক চাঞ্চল্যকৰ মন্তব্য। প্ৰাক্তন জাৰ্মান মহিলা অলিম্পিয়ান আৰু লং জাম্পাৰ ছুছান টিটকে (Susen Tiedtke)ই কৈছে অলিম্পিকৰ গেমছ ভিলেজত যৌনতা অপৰিহাৰ্য লাগিলে সৈয়া বাৰণ কৰিবলৈ আয়োজকে যি পন্থাই নলওক।

ছুছান টিটকেই কয়,  "এইটো (যৌন কাৰ্য) নিষিদ্ধ  কৰাটো মোৰ বাবে এক হাস্যাস্পদ কথা। এইটোৱে আচলতে একো কাম নকৰে। কিন্তু যৌনতা গেমছ ভিলেজত সদায় এটা বিতৰ্কিত বিষয় হৈয়েই আছে।”

ছুছানে আকৌ কয়, "নিষেধাজ্ঞাৰ এই ব্যৱস্থাবোৰে কোনো কাম নকৰে, কাৰণ মানুহবোৰে যৌন সম্ভোগৰ বাবে আগ্ৰহী হৈ পৰে, কাৰণ তাত (গেমছ ভিলেজত) বহুত পাৰ্টী হয়, সুৰাৰ বাহাৰ হয়, ইজনে সিজনক লগ পায়, এথলীটসকলে খেলৰ চাপৰ বাবে ঠিকমতে টোপনি যাব নোৱাৰে...বহু খেলুৱৈয়ে পুৱাও যৌন কাৰ্য (Morning Sex)ত লিপ্ত হয়।"


ছুছান টিটকে যি ১৯৯২ আৰু ২০০০ চনৰ অলিম্পিকত অংশ লৈছিল আকৌ কয় যে “যৌন সম্ভোগৰ পিছত খেলুৱৈসকলে এক নতুন উদ্যম অনুভৱ কৰে। অলিম্পিকত ৰূমমেট সকল এই ক্ষেত্ৰত খুবেই সহায়ক হয়। তেওঁলোকে পৰিস্থিতিটো বুজি পায় আৰু লগৰজনৰ বাবে ৰূমটো এৰি যায়।”

আমেৰিকাৰ দুবাৰৰ স্বৰ্ণ জয়ী এথলীট হোপ ছোলো (Hope Solo)ৱেও ২০১২ চনত ESPNত এই বিষয়ে মন্তব্য কৰিছিল। তেওঁ কৈছিল, “অলিম্পিকছত যথেষ্ট যৌন কাৰ্যকলাপ হয়। বহু সময়ত কোনো কোনোৱে দুয়া বিল্ডিঙৰ মাজত আৰু ঘাহনিতো যৌন কাৰ্যত লিপ্ত হোৱা মই দেখিছোঁ।”
Published by: Manjumoni Borah
First published: August 1, 2021, 2:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি