মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»Tokyo Olympic: ইতিহাস সৃষ্টি কৰিলে জামাইকান স্পৃণ্টাৰে! স্বৰ্ণ পদকেৰে জ্বিলিকি উঠিল বিশ্বৰ দ্ৰুততম মহিলা এলেইন থম্পছন হেৰাহ

Tokyo Olympic: ইতিহাস সৃষ্টি কৰিলে জামাইকান স্পৃণ্টাৰে! স্বৰ্ণ পদকেৰে জ্বিলিকি উঠিল বিশ্বৰ দ্ৰুততম মহিলা এলেইন থম্পছন হেৰাহ

News18 Assam | News18-Assam
Updated:August 1, 2021, 9:33 AM IST
Tokyo Olympic: ইতিহাস সৃষ্টি কৰিলে জামাইকান স্পৃণ্টাৰে! স্বৰ্ণ পদকেৰে জ্বিলিকি উঠিল বিশ্বৰ দ্ৰুততম মহিলা এলেইন থম্পছন হেৰাহ
অলিম্পিক গেমছৰ আকৰ্ষণীয় ইভেণ্টটোত আইভৰী কোষ্টৰ জোছী মাৰিয়া, ছুইজাৰলেণ্ডৰ আজলা ডেল পণ্ট আৰু ছুইজাৰলেণ্ডৰ মুজিংগা কামবুনডিজিয়ে ক্ৰমে চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান লাভ কৰে।

অলিম্পিক গেমছৰ আকৰ্ষণীয় ইভেণ্টটোত আইভৰী কোষ্টৰ জোছী মাৰিয়া, ছুইজাৰলেণ্ডৰ আজলা ডেল পণ্ট আৰু ছুইজাৰলেণ্ডৰ মুজিংগা কামবুনডিজিয়ে ক্ৰমে চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান লাভ কৰে।

  • Share this:
টকিঅ'ৰ অলিম্পিক ষ্টেডিয়ামত পুনৰ বাৰ ইতিহাস সৃষ্টি কৰিলে জামাইকান স্পৃণ্টাৰে। বিশ্বৰ দ্ৰততম মহিলা হিচাপে পুনৰবাৰ নিজকে প্ৰতিপন্ন কৰিলে জামাইকাৰ এলেইন থম্পছন হেৰাহ। অলিম্পিক গেমছৰ আকৰ্ষণীয় মহিলাৰ ১০০ মিটাৰ দৌৰৰ প্ৰথম তিনিটা স্থান লাভ কৰে জামাইকান স্পৃণ্টাৰে।

শনিবাৰে নিশা অনুষ্ঠিত খেলত এলেইন থম্পছন হেৰাহে মাত্ৰ ০০:১০:৬১ ছেকেণ্ড সময়লৈ বিশ্ব অভিলেখ স্থাপনেৰে স্বৰ্ণপদক লাভ কৰে। তাৎপৰ্যপূৰ্ণ যে মহিলাৰ ১০০ মিটাৰ দৌৰত তিনিওটা পদকেই জামাইকান স্পৃণ্টাৰে লাভ কৰে। এলেইন থম্পছন হেৰাহৰ পিছতেই ০০:১০:৭৪ ছেকেণ্ডেৰে ৰূপৰ পদক লাভ কৰে জামাইকাৰ ছেলী এন ফ্ৰেছাৰ প্ৰেছীয়ে। ০০:১০:৭৬ ছেকেণ্ডেৰে ইভেণ্টটোত তৃতীয় স্থান লাভ কৰে ছেৰিক্কা জেকছনে।

অলিম্পিক গেমছৰ আকৰ্ষণীয় ইভেণ্টটোত আইভৰী কোষ্টৰ জোছী মাৰিয়া, ছুইজাৰলেণ্ডৰ আজলা ডেল পণ্ট আৰু ছুইজাৰলেণ্ডৰ মুজিংগা কামবুনডিজিয়ে ক্ৰমে চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান লাভ কৰে।

উল্লেখযোগ্য যে, বিশ্বৰ দ্ৰুততম মহিলা হিচাপে পুনৰবাৰ নিজকে প্ৰতিপন্ন কৰা জামাইকাৰ এলেইন থম্পছন হেৰাহে ২০১৬ চনৰ ৰিঅ' অলিম্পিকৰ মহিলাৰ ১০০ মিটাৰ আৰু ২০০ মিটাৰত অভিলেখ সৃষ্টি কৰি স্বৰ্ণপদক লাভ কৰিছিল। বিশ্ব শ্ৰেষ্ঠ মহিলা স্পৃণ্টাৰ এলেইনৰ স্বামী প্ৰাক্তন এথলীট আৰু বৰ্তমানৰ প্ৰশিক্ষক ডৰেন হেৰাহ। ২৯ বছৰীয়া এলেইন থম্পছন হেৰাহৰ সফলতাত উৎফুল্লিত বিশ্বৰ দ্ৰুততম মানৱ জামাইকান উছেইন বল্ট।
Published by: Himangshu Bhuyan
First published: August 1, 2021, 9:27 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি