মহাকাশযানত কেনেদৰে মল–মূত্ৰ ত্যাগ কৰে মহাকাশচাৰীয়ে? ভিডিঅ’ দেখিলে অবাক হ’ব আপুনি

News18 Assam | News18-Assam
Updated:October 14, 2020, 2:10 PM IST
মহাকাশযানত কেনেদৰে মল–মূত্ৰ ত্যাগ কৰে মহাকাশচাৰীয়ে? ভিডিঅ’ দেখিলে অবাক হ’ব আপুনি
সম্প্ৰতি নিজৰ টুইটাৰ হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰিছে নাছাই। ভিডিঅ’টোত মহাকাশচাৰী ক্ৰিষ্টোফাৰ কেচিডিক দেখা গৈছে।

সম্প্ৰতি নিজৰ টুইটাৰ হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰিছে নাছাই। ভিডিঅ’টোত মহাকাশচাৰী ক্ৰিষ্টোফাৰ কেচিডিক দেখা গৈছে।

  • Share this:
মহাকাশযানত মল–মূত্ৰ ত্যাগ কৰাক লৈ সাধাৰণতে প্ৰশ্নৰ উদ্ৰেগ ঘটে সাধাৰণ মানুহৰ মনত। কিছুদিন পূৰ্বে খবৰ ওলাইছিল যে ২৩ মিলিয়ন মাৰ্কিন ডলাৰ খৰচ কৰি মহাকাশযানত নতুন অত্যাধুনিক টয়লেট স্থাপন কৰা হৈছে।

আচৰিত হ’বলগীয়া একো নাই। কাৰণ, নাছাই স্পষ্টকৈ কৈছে যে এই প্ৰশ্নটোৱে এজন মহাকাশচাৰীয়ে সৰ্বাধিক শুনিবলহীয়া হয় সাধাৰণ মানুহৰ পৰা! মহাকাশত মাধ্যকৰ্ষণ শক্তিয়ে কাম নকৰে, যিমানে চিঞৰিলেও শুনা নাযায় শব্দ। আৰু আছে বহু প্ৰশ্ন।

সম্প্ৰতি নিজৰ টুইটাৰ হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰিছে নাছাই। ভিডিঅ’টোত মহাকাশচাৰী ক্ৰিষ্টোফাৰ কেচিডিক দেখা গৈছে। কিদৰে মহাকাশযানৰ টয়লেটে কাম কৰে, কিদৰে মহাকাশত মল–মূত্ৰ ত্যাগ কৰিব লাগে, সেয়া ভিডিঅ’টোৰ যোগেদি বুজাই দিছে।

কেচিডিয়ে কয় যে, মহাকাশযানৰ টয়লেটক কোৱা হয় ৱেষ্ট এণ্ড হাইজিন কম্পাৰ্টমেণ্ট। দেখিবলৈ ৰে’লৰ টয়লেটৰ দৰে। কিন্তু খবেই সৰু, এজন মহাকাশচাৰীয়ে তাত সামান্য লৰচৰ কৰিব পাৰে।

কেচিডিয়ে ভিডিঅ’টোত দেখুৱাইছে যে এই ৱেষ্ট এণ্ড হাইজিন কম্পাৰ্টমেণ্টৰ বেৰত কিছুমান বুটাম থকা এটা পেনেল আছে। তাত তিনিটা বুটাম যেতিয়া ইংৰাজীৰ V আখৰটোৰ আকাৰত জ্বলি উঠিব, তেতিয়া বুজা যায় যে টয়লেট প্ৰস্ৰাৱ কৰাৰ বাবে সাজু হৈছে। ইয়াৰ পিছত পাইপ সংলগ্ন এক বিশেষ পদ্ধতিৰে প্ৰস্ৰাৱ কৰিব লাগে।

মলত্যাগৰ ব্যৱস্থা অৱশ্যে কিছু পৰিমাণে আমাৰ সাধাৰণ পদ্ধতিৰ দৰেই। কমোডৰ দৰেই প্ৰায়। যদিও কমোডৰ সলনি তাত থাকে এটা পাত্ৰ, তাৰ ওপৰত থাকে বহাৰ বাবে ঠাই। প্ৰায় ৫ ইঞ্চি ওখ গাঁতটোৰ ভিতৰত থাকে এটা বেগ। মলত্যাগৰ পিছত সেই বেগ আৰু নিজকে পৰিষ্কাৰ কৰা টয়লেট পেপাৰ একেলগে পেলাই দি পিছৰজনৰ বাবে নতুন এচা বেগ থ’ব লাগে! ভিডিঅ’টো চালে আপুনি আচৰিত নহৈ নোৱাৰিব!
Published by: Sanjay Kumar Das
First published: October 14, 2020, 2:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading