মাকে পঢ়িছে নিউজ, তাতে সঘন আমনি! শেষত কোলাত কণমানিক লৈয়ে নিউজ পঢ়িলে এংকৰে, ভাইৰেল ভিডিঅ'

সম্প্ৰতি আমেৰিকাৰ এটা সংবাদ প্ৰতিষ্ঠানৰ ভিডিঅ' ক্লীপ চৰ্চালৈ আহিছে
সম্প্ৰতি আমেৰিকাৰ এটা সংবাদ প্ৰতিষ্ঠানৰ ভিডিঅ' ক্লীপ চৰ্চালৈ আহিছে
- News18 Assam
- Last Updated: January 31, 2021, 10:36 PM IST
সম্প্ৰতি আমেৰিকাৰ এটা সংবাদ প্ৰতিষ্ঠানৰ ভিডিঅ' ক্লীপ চৰ্চালৈ আহিছে। য'ত দেখা গৈছে যে, বাতৰি পঢ়ি আছিল এংকৰে। কিন্তু সেইসময়তে এংকৰগৰাকীৰ ভৰিত ধৰি টানিবলৈ আৰম্ভ কৰে সন্তানে। প্ৰথমে কাম চলাই নিবলৈ চেষ্টা কৰিছিল যদিও অৱশেষত উপায়ন্ত হৈ সন্তানক কোলাত তুলিলৈয়ে বাতৰি পঢ়িবলৈ ধৰে এংকৰগৰাকীয়ে।
Baby on the move! There is no stopping adorable Nolan now that he can walk during Mommy’s (@abc7leslielopez) forecast. #Love #goodmorning #ThursdayThoughts #Babies #TheBest @ABC7 pic.twitter.com/jvUcaSMyGi
— Brandi Hitt (@ABC7Brandi) January 28, 2021
ভিডিঅ'টো পোষ্ট কৰাৰ লগে লগে ভাইৰেল হৈ যায়। বহুলোকে ভিডিঅ লাইক আৰু শ্বেয়াৰ কৰে।স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি মতে, ABC7 নিউজ চেনেলৰ সঞ্চালিকাৰ নাম লেচলি লোপেজ। বাতৰি পঢ়ি থকাৰ সময়ত এই ঘটনাটো ঘটে।