US Election 2020: আজি হ’ব ট্ৰাম্পৰ ভাগ্য নিৰ্ণয়, জানক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কাৰণে ভোটিং আৰু ৰিজাল্ট কেতিয়া?

US Election 2020: আমেৰিকাৰ নিৰ্বাচনৰ ভোটিং ভাৰতীয় সময়মতে আবেলি ৩ বাজি ৩০ মিনিটত আৰম্ভ হৈ কাইলৈ পুৱা ভাৰতীয় সময়মতে চাৰে ছয় বজাত সমাপ্ত হ’ব। অৱশ্যে স্পষ্ট ফলাফল আহোতে পলম হ’ব।
US Election 2020: আমেৰিকাৰ নিৰ্বাচনৰ ভোটিং ভাৰতীয় সময়মতে আবেলি ৩ বাজি ৩০ মিনিটত আৰম্ভ হৈ কাইলৈ পুৱা ভাৰতীয় সময়মতে চাৰে ছয় বজাত সমাপ্ত হ’ব। অৱশ্যে স্পষ্ট ফলাফল আহোতে পলম হ’ব।
- News18 Assam
- Last Updated: November 3, 2020, 10:16 AM IST
আমেৰিকাৰ নিৰ্বাচন ২০২০ৰ তাৰিখ আৰু সময়
আমেৰিকাত বেছিভাগ ৰাজ্যত পুৱা ৬বজাত (ভাৰতীয় সময়মতে আজি ৩বাজি ৩০মিনিটত) ভোটগ্ৰহণ আৰম্ভ কৰিব লাগিব। অৱশ্যে ভোটদান আৰম্ভ কৰিবলগীয়া প্ৰথমখন ৰাজ্যই পুৱা ৫বজাত (ভাৰতীয় সময়মতে ২ বাজি ৩০ মিনিটত) ভোটগ্ৰহণ কৰিব। আনফালে নিউয়ৰ্ক আৰু নৰ্থ ডক’টাত নিশা ৯বজালৈকে ( ভাৰতীয় সময়মতে কাইলৈ পুৱা চাৰে ছয় বজালৈকে) ভোটগ্ৰহণ প্ৰক্ৰিয়া চলিব। আমেৰিকাত সকলোতকৈ আগত ৭বজাত অৰ্থাৎ ভাৰতীয় সময়মতে কাইলৈ পুৱা চাৰে চাৰি বজাত ভোটগ্ৰহণ বন্ধ হ’ব। গতিকে কাইলৈ পুৱা ৬বজাৰ পিছত ফলাফল সন্মুখলৈ অহা আৰম্ভ হ’ব।
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাটন সকলো আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম যেনে বিবিচি, চিএনএন, আল জাজিৰা আদিত প্ৰচাৰ কৰা হ’ব। আমেৰকাত ২৫ কোটিৰো অধিক ১৮বছৰৰ উৰ্ধৰ লোক আছে আৰু এইবাৰ প্ৰায় ২৪ কোটি নাগৰিক ভোটদানৰ যোগ্য। ইয়াত কোৱা হৈছে যে ১৬খন সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰতিস্পৰ্ধী ৰাজ্যত ৫৪শতাংশ ভোট দিয়া হৈছে আৰু এই ভোটদানে এইবাৰ ৰাষ্ট্ৰপতি পদ কোনে জিকিব সেয়া স্পষ্ট কৰিব।
ভোটৰ গণনা
৩ নৱেম্বৰত ভোটগ্ৰহণ শেষ হ’ব। ইয়াক পপুলাৰ ভোট কোৱা হয়, কিন্তু ইয়ে পোণপটীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ সিদ্ধান্ত বা নিৰ্বাচন নকৰে। অৱশ্যে এই কথা গুৰুত্বপূৰ্ণ যে ইলেক্টৰেল কলাজৰ ‘ইলেক্টৰে’ কাক ভোটদান কৰে।