বিশ্বকাপত আজি সমুখ সমৰত দুই চিৰপ্ৰতিদ্বন্দ্বী

News18-Assam
Updated:June 16, 2019, 8:16 AM IST
বিশ্বকাপত আজি সমুখ সমৰত দুই চিৰপ্ৰতিদ্বন্দ্বী
মানচেষ্টাৰত আজি বিশ্বকাপ ক্ৰিকেটৰ সবাতোকৈ হাই প্ৰফাইল খেল

মানচেষ্টাৰত আজি বিশ্বকাপ ক্ৰিকেটৰ সবাতোকৈ হাই প্ৰফাইল খেল

  • Share this:
ভাৰত পাকিস্তানৰ মেচ মানেই যেন অন্তহীন উত্‍কণ্ঠা। আজি অনুষ্ঠিত হ’ব  বিশ্বকাপ ক্ৰিকেটৰ সবাতোকৈ ৰোমাঞ্চকৰ মেচ খন। ৰাউণ্ড ৰবীন লীগৰ মেচত আজি ভাৰত আৰু পাকিস্তানৰ মাজত হ’ব বিশ্বকাপৰ বহু চৰ্চিত মেচ।মেচখনক লৈ ইতিমধ্যে উৎকণ্ঠা বৃদ্ধি পাইছে ক্ৰিকেট অনুৰাগীৰ মাজত।

ইতিমধ্যে দুযোটা দলেই জয়ৰ মানসিকতাৰে খেল পতাৰত অৱতীৰ্ণ হ’ব বুলি জানিবলৈ দিছে। মেচখনক লৈ এতিয়া দুয়োটা দলেই চলাইছে কঠোৰ অনুশীলন। ইতিমধ্যে দুখন মেচত জয়লাভ কৰি যথেষ্ট আত্মবিশ্বাস বৃদ্ধি পাইছে ভাৰতীয় দলৰ।ইয়াৰ বিপৰীতে পাকিস্তানে বিশ্বকাপ ২০১৯ ত এতিয়ালৈকে এখন মেচত জয়লাভ কৰিছে। উভয় দলৰে এখনকৈ মেচ বৰষুণৰ বাবে বাতিল হৈছে।



বাওঁহাতৰ বুঢ়া আঙুলিত আঘাত পোৱা শিখৰ ধৱন সাম্প্ৰতিক উপশমৰ বাবে চেষ্টা চলাই আছে যদিও আজি ধাৱানে মূল একাদশত স্থান পোৱাৰ কোনো সম্ভাৱনা নাই।ধৱনৰ অনুপস্থিতিত ৰোহিত শৰ্মাৰ সৈতে ইনিংছ মুকলি কৰিব লোকেশ ৰাহুলে।

সাম্ভাব্য দল দুটা



ভাৰত– বিৰাট কোহলী(অধিনায়ক), লোকেশ ৰাহুল, ৰোহিত শৰ্মা, বিজয় শংকৰ,এম এছ ধোনী,হাৰ্ডিক পাণ্ডিয়া,কেদাৰ যাদৱ,কুলদ্বীপ যাহৱ,যুজবেন্দ্ৰ চাহাল,ভুৱনেশ্বৰ কুমাৰ,যশপ্ৰীত বুমৰাহ।



পাকিস্তান– ছৰফৰাজ আহমেদ(অধিনায়ক), ফকৰ জামান,ইমাম উল হক, বাবৰ আজম,হৰিশ ছোহাইল,চোৱাইব মালিক, হৰিশ ছোহেইল, ছাহিনশ্বাহ আফ্ৰিদী,হাছান আলী,বাহাব ৰিয়াজ, আছিফ আলী।
আৰু চাওক
পৰৱৰ্তী বাতৰি