বিমানবন্দৰত বহি আধা ঘণ্টাত ৩০ কেজি কমলা খাই বিমান ভাড়া কমালে ৪ যুৱকে

বিমানবন্দৰতে বহি নিজৰ সামগ্ৰীৰ ওজন কমাই পেলালে ৪ যুৱকে।
বিমানবন্দৰতে বহি নিজৰ সামগ্ৰীৰ ওজন কমাই পেলালে ৪ যুৱকে।
- News18 Assam
- Last Updated: January 28, 2021, 1:43 PM IST
ঘটনাটো সংঘটিত হৈছে দক্ষিণ চীনৰ ইউনান প্ৰদেশত। তেওঁলোকৰ সামগ্ৰীৰ সৈতে আছিল এটা বাকচ, য’ত বহু পৰিমাণৰ কমলা আছিল। সেই কমলাৰ ওজন হৈছিল ৩০ কিলোগ্ৰাম। যাৰ বাবে বিমানত তেওঁলোকে ভৰিবলগা হ’ল অতিৰিক্ত ভাড়া। বিমানবন্দৰ পাই তেওঁলোকে জানিব পাৰে যে তেওঁলোকে উক্ত সামগ্ৰীৰ বাবে ৩০০ ইউয়ান (ভাৰতীয় মুদ্ৰাত ৩৩৮৪ টকা) অতিৰিক্ত ভৰিব লাগিব। যিটো তেওঁলোকে দিবলৈ ইচ্ছুক নাছিল। ফলত সিদ্ধান্ত ল’লে সামগ্ৰীৰ ওজন কমোৱাৰ। লগে লগে চাৰিওজন লাগি গ’ল কমলা খোৱাত। মাত্ৰ আধা ঘণ্টাৰ ভিতৰত তেওঁলোকে খাই শেষ কৰিলে ৩০ কিলোগ্ৰাম কমলা। এই ঘটনা প্ৰত্যক্ষ কৰি উপস্থিত সকলো অবাক।
তেওঁলোকৰ মাজৰে ওৱাং নামৰ যুৱকজনে জনায়, সকলোখিনি কমলা খাওতে ২০–৩০ মিনিট সময় লাগে। কিন্তু তাৰ পিছতে তেওঁলোকৰ শাৰীৰিক সমস্যা আৰম্ভ হয়। কমলাৰ প্ৰতি অনিহা ভাৱ আহি যায়। ওৱাঙে কয় আৰু জীৱনত কেতিয়াও কমলা নাখায়।