• Home
  • »
  • News
  • »
  • world
  • »
  • বিশ্বৰ আটাইতকৈ ভাগ্যশালী স্থান, য’ত সোমাব পৰা নাই কোৰোণা মহামাৰী, থাকে মাত্ৰ ৪ হাজাৰ ৫০০ লোক

বিশ্বৰ আটাইতকৈ ভাগ্যশালী স্থান, য’ত সোমাব পৰা নাই কোৰোণা মহামাৰী, থাকে মাত্ৰ ৪ হাজাৰ ৫০০ লোক

এই দ্বীপটো মাত্ৰ ১২০ স্কোৱেৰ কিলোমিটাৰ। দ্বীপটোত বাস কৰে মাত্ৰ ৪ হাজাৰ ৫০০ লোকে।

এই দ্বীপটো মাত্ৰ ১২০ স্কোৱেৰ কিলোমিটাৰ। দ্বীপটোত বাস কৰে মাত্ৰ ৪ হাজাৰ ৫০০ লোকে।

এই দ্বীপটো মাত্ৰ ১২০ স্কোৱেৰ কিলোমিটাৰ। দ্বীপটোত বাস কৰে মাত্ৰ ৪ হাজাৰ ৫০০ লোকে।

  • Share this:
২০১৯ চনত কোৰোণা ভাইৰাছে বিশ্বৰ চৌদিশে ত্ৰাসৰ সৃষ্টি কৰা আৰম্ভ কৰিছিল। এই ভাইৰাছৰ ফলত কেইবাখনো দেশত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইয়াৰ মাজতে কিছু এনে দেশো আছে যিসমূহ দেশে নিজৰ সাৱধানতাৰে কোৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হৈছিল। কোৰোণাই আটাইতকৈ বেছি ত্ৰাসৰ সৃষ্টি কৰা দেশৰ তালিকাত আছিল ইউ কে। কিন্তু ব্ৰিটেইনতে থকা এটা সৰু দ্বীপে প্ৰৱেশ কৰিবলৈ নিদিলে কোৰোণাক।

সন্ত হেলেনা দ্বীপত আৰম্ভণিৰে পৰা এতিয়ালৈ কোৰোণাত এজনো লোক আক্ৰান্ত হোৱা নাই। এই দ্বীপটো মাত্ৰ ১২০ স্কোৱেৰ কিলোমিটাৰ। দ্বীপটোত বাস কৰে মাত্ৰ ৪ হাজাৰ ৫০০ লোকে। এই দ্বীপটোত সৰ্বাধিক নেপোলিয়নৰ কাৰণে জনা যায়। news.com.auৰ ৰিপ’ৰ্ট অনুসৰি, এই দ্বীপটোতে ১৮২১ চনত তেওঁৰ মৃত্যু হৈছিল।

কোৰোণাৰ এটাও ঘটনা নথকাৰ ফলত ইয়াৰ বাসিন্দাসকলে মাস্কৰ কোনো প্ৰয়োজনীয়তা অনুভৱ কৰা নাই। দ্বীপটোত মানুহৰ মাজত নাই কোনো সামাজিক দূৰত্ব। সাৱধানতা বুলিবলৈ ইয়াৰ বাসিন্দাসকলে মাজে মাজে হাত ধোৱে আৰু কাহ মৰাৰ সময়ত ৰুমালেৰে মুখ ঢাকে। কোৰোণাৰ শূন্য ঘটনাৰ বাবে এই দ্বীপটোলৈ প্ৰায়ে পৰ্যটকৰ সোঁত বয়।
Published by:Sanjay Kumar Das
First published: