TikTok Video নিৰ্মাণ কৰাই হ’ল কাল! দুৰ্ভাগ্যবশতঃ গুলীবিদ্ধ হৈ মৃত্যুক সাৱটিলে এগৰাকী যুৱতীয়ে। যুৱতীগৰাকীৰ বয়স ২৯ বছৰ। এটা অপহৰণৰ ভিডিঅ’ৰ শ্বুটিং কৰি থকাৰ সময়তে ঘটে এই অঘটন। মহিলাগৰাকীৰ নাম অৰেলীন মাৰ্টিন্জ।
শ্বুটিঙৰ সময়ত যুৱতীগৰাকীৰ হাত আৰু চকু বন্ধা আছিল। ডেইলী মেইলত প্ৰকাশ পোৱা খবৰ অনুসৰি, যুৱতীগৰাকী ওচৰতে বহি আছিল তেওঁৰ মাক। আৰু সেই সময়তে এগৰাকী ব্যক্তিয়ে আক্ৰমণ কৰে যুৱতীগৰাকীক। ভিডিঅ’টোত দেখা পোৱা অনুসৰি কাষতে থকা এজন লোকৰ হাতত আছিল এটা অট’মেটিক হাথিয়াৰ।
টিকটক ভিডিঅ’টোত আৰু এজন লোকক দেখিবলৈ পোৱা গৈছিল। যিজনে যুৱতীগৰাকীৰ মূৰত বন্দুক থোৱা দেখা গৈছে। কিন্তু হঠাত্ বন্দুকটোৰ গুলীৰে মহিলাগৰাকীৰ মূৰত আঘাত কৰে আৰু লগে লগে মহিলাগৰাকীয়ে দুৰ্ভাগ্যজনকভাবে মৃত্যুক আঁকোৱালি লয়। মেক্সিকো’ত সংঘটিত হৈছে এই ঘটনা।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : October 07, 2020, 19:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।