Nobel Prize 2020: হেপাটাইটিছ চি ভাইৰাছৰ সন্ধান, চিকিৎসা বিজ্ঞানৰ তিনি গৱেষকলৈ নবেল বঁটা

News18 Assam | News18-Assam
Updated:October 5, 2020, 8:47 PM IST
Nobel Prize 2020: হেপাটাইটিছ চি ভাইৰাছৰ সন্ধান, চিকিৎসা বিজ্ঞানৰ তিনি গৱেষকলৈ নবেল বঁটা
প্রতি বছৰে ৭ কোটি মানুহ হেপাটাইটিচ চিত আক্রান্ত হয়। মৃত্যু হয় ৪ লাখ মানুহৰ। ইমানদিনে তেজৰ জৰিয়তে সংক্ৰমণ ঘটা হেপাটাইটিচ আক্ৰান্তৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিব পৰা হোৱা নাছিল।

প্রতি বছৰে ৭ কোটি মানুহ হেপাটাইটিচ চিত আক্রান্ত হয়। মৃত্যু হয় ৪ লাখ মানুহৰ। ইমানদিনে তেজৰ জৰিয়তে সংক্ৰমণ ঘটা হেপাটাইটিচ আক্ৰান্তৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিব পৰা হোৱা নাছিল।

  • Share this:
ষ্টকহোমঃ হেপাটাইটিত চি ভাইৰাছৰ আৱিষ্কাৰৰ অসামান্য কৃতিত্বৰ কাৰণে এইবছৰৰ নবেল বঁটা লাভ কৰিছে আমেৰিকাৰ হাৰ্ভে জে অল্টাৰ, চাৰ্লচ এম ৰাইচ আৰু ব্ৰিটেইনৰ বিজ্ঞানী মাইকেল হাউটনে। সোমবাৰে চিকিৎসা বিজ্ঞানৰ এই যুগান্তকাৰী কামৰ কাৰণে তিনি গৱেষকক নবেল বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰে জুৰীয়ে।

হেপাটাইটিচ ‘এ’ দূষিত পানী খোৱাৰ পৰা বিয়পে। হেপাটাইটিচ ‘বি’ তথা ‘চি’ বিয়পে তেজৰ জৰিয়তে। হেপাটাইটিচ ‘এ’ তথা হেপাটাইটিচ ‘বি’ ভাইৰাচৰ পূৰ্বে জনা গৈছিল কিন্তু তেজৰ জৰিয়তে বিয়পা হেপাটাইটিচৰ ফলত চিৰোচিচ আৰু পাকস্থলীৰ কেন্সাৰত ভোগে বহু মানুহে। প্রতি বছৰে ৭ কোটি মানুহে হেপাটাইটিচ চিত আক্রান্ত হয়। মৃত্যু হয় ৪ লাখ মানুহৰ। ইমানদিনে ৰক্তবাহিত হেপাটাইটিচ আক্রান্তৰ ক্ষেত্রত প্রকৃত কাৰণ নির্ণয় কৰিব পৰা হোৱা নাছিল। সেই ৰহস্যৰ সমাধান হয় এই তিনি গৱেষকৰ জৰিয়তে ৷ ক্রনিক হেপাটাইটিচ অর্থাৎ হেপাটাইটিচ চি ভাইৰাছৰ অস্তিত্বৰ সন্ধান বিচাৰি উলিয়াইছে আমেৰিকাৰ হাৰ্ভে জে অল্টাৰ, চাৰ্লছ এম ৰাইচ তথা ব্ৰিটিশ বিজ্ঞানী মাইকেল হাউটনৰ গৱেষণাই।



নবেল কৰ্তৃপক্ষই ইতিমধ্যে টুইট কৰি জনাইছে, ' হেপাটাইটিচ চি ভাইৰাছ আৱিষ্কাৰৰ কাৰণে ২০২০ বৰ্ষত চিকিৎসা বিজ্ঞানত যুটীয়াভাৱে নবেল পুৰষ্কাৰ লাভ কৰিছে হার্ভে জে অল্টাৰ, মাইকেল হিউটন তথা চার্লচ এম ৰাইচ।' ষ্টকহোমৰ পৰা বিবৃতিৰে জনোৱা হৈছে আমেৰিকাৰ হাৰ্ভে জে অল্টাৰে ক্ৰনিক হেপাটাইটিচৰ মূল কাৰণ হিচাপে প্ৰথমে এক চিনাক্ত নোহোৱা ভাইৰাছক চিনাক্ত কৰে। সেই সংক্ৰান্তত ভাইৰাছবিধৰ বিস্তাৰিত প্ৰমাণ তুলি ধৰে মাৰ্কিন গৱেষক চাৰ্লছ এম ৰাইচে। সেই ভাইৰাছৰ জেনোমক পৃথক কৰে ব্ৰিটিশ গৱেষক মাইকেল হিউটনে।



বিজ্ঞান, সাহিত্য তথা শান্তিলৈ বিশেষ অৱদানৰ কাৰণে ছটা বিভাগত প্ৰতি বছৰে নবেল পুৰষ্কাৰ দিয়া হয়। প্ৰতিবছৰে চিকিৎসাবিজ্ঞানৰ পৰা জয়ী হোৱাজনৰ পৰা আৰম্ভ কৰা হয় নবেল পুৰষ্কাৰৰ ঘোষণা।
First published: October 5, 2020, 8:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading