মাউণ্ট এভাৰেষ্টত ভিৰ! পৰ্বতাৰোহনৰ সময়ত তিনিগৰাকী ভাৰতীয় পৰ্বতাৰোহীৰ মৃত্যু

বৃহস্পতিবাৰে পৰ্বতাৰোহনৰ সময়ত মৃত্যু হয় তিনিগৰাকী ভাৰতীয় পৰ্বতাৰোহীৰ। তিনিগৰাকী মৃত পৰ্বতাৰোহীৰ ভিতৰত আছিল দুগৰাকী মহিলা পৰ্বতাৰোহী।

news18assam
Updated:May 24, 2019, 8:05 PM IST
মাউণ্ট এভাৰেষ্টত ভিৰ! পৰ্বতাৰোহনৰ সময়ত তিনিগৰাকী ভাৰতীয় পৰ্বতাৰোহীৰ মৃত্যু
বৃহস্পতিবাৰে পৰ্বতাৰোহনৰ সময়ত মৃত্যু হয় তিনিগৰাকী ভাৰতীয় পৰ্বতাৰোহীৰ। তিনিগৰাকী মৃত পৰ্বতাৰোহীৰ ভিতৰত আছিল দুগৰাকী মহিলা পৰ্বতাৰোহী।
news18assam
Updated: May 24, 2019, 8:05 PM IST
বৃহস্পতিবাৰে পৰ্বতাৰোহনৰ সময়ত মৃত্যু হয় তিনিগৰাকী ভাৰতীয় পৰ্বতাৰোহীৰ। তিনিগৰাকী মৃত পৰ্বতাৰোহীৰ ভিতৰত আছিল দুগৰাকী মহিলা পৰ্বতাৰোহী। দীৰ্ঘসময় ধৰি মাউণ্ট এভাৰেষ্টত হোৱা ভিৰত নিয়ন্ত্ৰণ হেৰুৱাই কৰুণ মৃত্যুক সাবটি লবলগীয়া হয় ভাৰতৰ পৰ্বতাৰোহী কেইগৰাকী। নেপাল চৰকাৰৰ তথ্য অনুসৰি চলিত বছৰত এনেধৰণে পৰ্বতাৰেহণত হোৱা ভিৰৰ বাবে প্ৰায় ১৫ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু হৈছে পৰ্বতাৰোহনৰ সময়ত।



বৃহস্পতিবাৰে বিশ্বৰ সুউচ্চ পৰ্বত মাউণ্ট এভাৰেষ্টত ১২০ৰো অধিক লোকে পৰ্বতাৰোহন কৰিছিল । কিন্তু পৰ্বতৰ ঢালত, তাৰে কিছুলোক ভিৰৰ মাজত সোমাই যায় ,যাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই মৃত্যুক সাৱটি লব লগীয়া হয় তিনিগৰাকীকৈ ভাৰতীয় পৰ্বতাৰোহীয়ে। মৃত্যু হোৱা ভাৰতীয় পৰ্বতাৰোহী কেইগৰাকীৰ নাম নাম কল্পনা দাস, নিহাল ভগৱান আৰু অঞ্জলী শৰদ কোলকৰ্ণী বুলি চিনাক্ত কৰিছে নেপালত পৰ্যটন বিভাগে।

বৃহস্পতিবাৰে মাইণ্ট এভাৰেষ্টৰ ভিৰৰ বাবে প্ৰায় ১৫ ঘণ্টা ধৰি আৱদ্ধ হৈ থাকে পৰ্বতাৰোহীসকল।
আৰু চাওক পৰৱৰ্তী বাতৰি