জুন মাহত তিনিটাকৈ প্ৰকাণ্ড উল্কাপিণ্ড আহি আছে পৃথিৱীৰ দিশলৈ! জানক সবিশেষ

News18 Assam | News18-Assam
Updated:June 4, 2020, 2:38 PM IST
জুন মাহত তিনিটাকৈ প্ৰকাণ্ড উল্কাপিণ্ড আহি আছে পৃথিৱীৰ দিশলৈ! জানক সবিশেষ
এগৰাকী শিল্পীৰ তুলিকাত পৃথিৱীৰ দিশলৈ অহা উল্কাপিণ্ড।

NASAৰ near-Earth object repositoryৰ সহায়ত উপলব্ধ তথ্যই আমাক জনাইছে যে প্ৰকৃততে এই উল্কাপিণ্ড আমাৰ কিমান ওচৰলৈ আহিব পাৰে। 

  • Share this:
Covid-19 অতিমাৰীয়ে যে ২০২০চনটো শেষ কৰাত ক’ৰবাত যেন অৱকাশ ৰৈ গৈছিল! একাধিক চুপাৰ চাইক্ল’নৰ ধ্বংসলীলাৰ মাজত অসংখ্য লোকৰ মৃত্যুৰ পিছত আন এক আশংকাৰ খবৰ। এই খবৰ আহিছে মহাকাশ বিজ্ঞানীসকলৰ পৰা। পৃথিৱীৰ নিচেই কাষেৰে কেইবাটাও প্ৰকাণ্ড উল্কাপিণ্ড পাৰ হৈ যোৱাৰ পূৰ্বানুমান কৰিছে বিজ্ঞানীয়ে। Centre for Near Earth Object Studies (CNEOS) ত থকা NASA ৰ Near-Earth Object (CEO) browser–এ প্ৰকাশ কৰিছে বৃহৎ আকাৰৰ উল্কাপিণ্ডই পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যাব। এই পৰিঘটনা আৰম্ভ হ’ব ৬জুন, শণিবাৰে।

উল্কাপিণ্ডৰ বিৱৰণঃ

 ASTEROID 2013 XA22

এই প্ৰকাণ্ড আকাৰৰ উল্কাপিণ্ড asteroid 163348 (2002 NN4) হৈছে পৃথিৱীৰ কক্ষপথৰ নিচেই কাষলৈ আহিবলগীয়া প্ৰথম শিলাখণ্ড (Minimum Orbit Intersection Distance (MOID) of 0.05 AU (7.48 million kilometres). NEO Close Approach data tableৰ মতে এই উল্কাপিণ্ড ৬জুন, শণিবাৰে 3:20AM UTC ত পৃথিৱীৰ কক্ষপথৰ কাষেৰে পাৰ হ’ব। কক্ষপথৰ নিচেই কাষেৰে (0.034 AU, or 5.09 million kilometres) পাৰ হোৱাৰ পূৰ্বানুমান কৰিছে বিজ্ঞানীয়ে। এই বিশাল উল্কাপিণ্ডৰ ব্যাসাৰ্ধ হৈছে 570 মিটাৰ অৰ্থাৎ পাঁচখন ফুটবল খেলপথাৰ একেলগ কৰিলে যিমান ডাঙৰ হ’ব সিমান বা ডুবাইৰ এণ্টিচাৰ টাৱাৰ যি বিশ্বৰ ভিতৰতে চতুৰ্থটো ওখ বিল্ডিং তাৰ সমান। গতিবেগ হ’ব 40,140 kmph!

অৱশ্যে আতংকিত হোৱাৰ প্ৰয়োজন নাই, এই পৰ্যন্ত পৃথিৱীৰ একেবাৰে কাষেৰে পাৰ হোৱা উল্কাপিণ্ড হ’লেও যিমান দূৰত্বৰে পাৰ হ’ব সেয়া পৃথিৱীৰ পৰা চন্দ্ৰলৈ গড় দূৰত্বৰ ১২গুণ। গতিকে আমি নিৰাপদ।

ASTEROID 2013 XA22
ইয়াৰ পিছতে সোমবাৰে 3:40PM UTC ত পৃথিৱীৰ কাষেৰে পাৰ হ’ব দ্বিতীয়টো বৃহৎ উল্কাপিণ্ড। 2002 NN4ত কৈ আৰু অধিক কাষেৰে পৃথিৱীৰ কক্ষপথৰ 0.019 AU (2.93 million kilometres) দূৰত্বৰে পাৰ হ’ব এই উল্কাপিণ্ড। অৱশ্যে Asteroid 2013 XA22 তুলনাত্মকভাৱে যথেষ্ট সৰু উল্কাপিণ্ড আৰু ইয়াৰ ব্যাসাৰ্ধ হৈছে 160 মিটাৰ। ইয়াৰ গতিবেগ হ’ব 24,050 kmph

ASTEROID 2010 NY65
পৃথিৱীৰ কাষেৰে পাৰ হৈ যাবলগীয়া asteroid 441987 (2010 NY65)কো বিজ্ঞানীসকলে ভালকৈ অধ্যয়ন কৰিছে। প্ৰায় এটা দশক পূৰ্বে ইয়াক আৱিষ্কাৰ কৰা হৈছিল। Asteroid 2010 NY65-এ ২৪জুন, 6:44AM UTCত পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব। পৃথিৱীৰ কক্ষপথৰ 0.025 AU (3.76 million kilometres) দূৰত্বৰে পাৰ হ’ব এই উল্কা। ইয়াৰ ব্যাসাৰ্ধ প্ৰায় 310 মিটাৰ। গতিবেগৰ ফালৰ পৰা সৰ্বোচ্ছ আৰু প্ৰায় 46,400 kmphৰে পৃথিৱীৰ কাষেৰে পাৰ হ’ব এই উল্কাপিণ্ড।

First published: June 4, 2020, 1:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading