কোৰোণাৰ মাজতে এইবাৰ শিশুৰ দেহত বিয়পিছে ৰহস্যজনক ৰোগ, ৩ শিশুৰ মৃত্যু, আক্ৰান্ত শতাধিক

News18 Assam | News18-Assam
Updated:May 11, 2020, 9:50 AM IST
কোৰোণাৰ মাজতে এইবাৰ শিশুৰ দেহত বিয়পিছে ৰহস্যজনক ৰোগ, ৩ শিশুৰ মৃত্যু, আক্ৰান্ত শতাধিক
জানিব পৰা মতে এই ৰোগত আক্ৰান্ত শিশুৰ বয়স ২ৰ পৰা ১৫ বছৰৰ ভিতৰত।

জানিব পৰা মতে এই ৰোগত আক্ৰান্ত শিশুৰ বয়স ২ৰ পৰা ১৫ বছৰৰ ভিতৰত।

  • Share this:
কোৰোণাৰ সংক্ৰমণৰ মাজতে আমেৰিকাৰ নিউয়ৰ্কত এক নতুন বেমাৰে দেখা দিছে। এই বেমাৰ শিশুৰ মাজত বিয়পিছে আৰু কেৱল নিউয়ৰ্কত ৭৩টাতকৈ অধিক শিশু আক্ৰান্ত হোৱাৰ লগতে ৩টা শিশুৰ মৃত্যু হৈছে। সমগ্ৰ আমেৰিকাত এই ৰহস্যময় ৰোগত ১০০ৰো অধিক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। কেৱল আমেৰিকাতে নহয়, ব্ৰিটেইন, ফ্ৰান্স, ইটালী আৰু ছুইজাৰলেণ্ডতো এই ৰোগত আক্ৰান্ত হৈছে ৫০ৰো অধিক শিশু। জানিব পৰা মতে এই ৰোগত আক্ৰান্ত শিশুৰ বয়স ২ৰ পৰা ১৫ বছৰৰ ভিতৰত।

নিউয়ৰ্ক জীনোম চেণ্টাৰ আৰু ৰকফেলৰ ইউনিভাৰ্ছিটীয়ে মিলি এই ৰোগৰ কাৰণ বিচাৰি উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে। আৰম্ভণিতে ইয়াক কোৰোণা সংক্ৰমণৰ সৈতে জড়িত বুলি ধৰা হৈছিল যদিও নিউয়ৰ্কৰ গভৰ্ণৰ এনড্ৰিউ ক্যোম’ই কয় যে এই ৰহস্যময় ৰোগত আক্ৰান্ত অধিক সংখ্যক শিশুৰ উশাহ লোৱাত কষ্ট হোৱাৰ লক্ষণ দেখা গৈছে। ক্যোম’ৱে মৃত্যুৰ সংখ্যা ৩ বুলি ক’লে স্থানীয় সংবাদ মাধ্যমৰ মতে এই সংখ্যা ১০তকৈ অধিক।

নিউয়ৰ্ক টাইমছৰ মতে এই ৰোগৰ আৰম্ভণি লক্ষণ হ’ল ছাল আৰু ধমনী ফুলি যায়। শিশুৰ চকুত পোৰণি হয় আৰু শৰীৰত ৰক্ষা ৰক্ষা দাগ দেখা যায়। ইয়াৰ পিছত ছালৰ ৰং সলনি হ’বলৈ ধৰে। ইয়াৰ উপৰি দীৰ্ঘ সময়লৈ জ্বৰ, পেট–বুকুৰ বিষ আৰু নিম্ন ৰক্তচাপৰ দৰে সমস্যাই দেখা দিয়ে।

চিকিৎসকৰ মতে, এই ৰোগ আৰু কাৰণ সম্পৰ্কে জানিব পৰা হোৱা নাই, সেইবাবে চিকিৎসাও কঠিন। বৰ্তমান ৰোগীক ষ্টেৰায়ড, ইন্ট্রাভেন্ছ ইমিউন’গ্ল’বুলিন আৰু এস্পিৰিন ঔষধ দিয়া হৈছে। ইয়াৰ উপৰি বিপজ্জনক সময়ত এণ্টিবায়’টিকো দিয়া হৈছে। জানিব পৰা মতে, কিছুমান ৰোগীক অক্সিজেন ছাপ’ৰ্টত ৰখা হৈছে আৰু সংকটজনক ৰোগীক ভেণ্টিলেটৰত ৰাখিবলগীয়া হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading