• Home
  • »
  • News
  • »
  • world
  • »
  • ভেকচিনো নলয় লকডাউনো নালাগে, সংসদ ভৱন ঘেৰাও কৰি প্ৰবল প্ৰতিবাদ এই দেশত

ভেকচিনো নলয় লকডাউনো নালাগে, সংসদ ভৱন ঘেৰাও কৰি প্ৰবল প্ৰতিবাদ এই দেশত

প্ৰতিবাদকাৰীসকলে দাবী কৰে তেওঁলোকক ২০১৮ বৰ্ষৰ দৰে এক মুক্ত পৰিৱেশ লাগে।

প্ৰতিবাদকাৰীসকলে দাবী কৰে তেওঁলোকক ২০১৮ বৰ্ষৰ দৰে এক মুক্ত পৰিৱেশ লাগে।

প্ৰতিবাদকাৰীসকলে দাবী কৰে তেওঁলোকক ২০১৮ বৰ্ষৰ দৰে এক মুক্ত পৰিৱেশ লাগে।

  • Share this:

কোভিড ভেকচিন আৰু লকডাউনৰ বিৰুদ্ধে এখন দেশত ওলাই আহিছে সহস্ৰগৰাকী মানুহ। দেশখন নিউজিলেণ্ড। কালি নিউজিলেণ্ডৰ সংসদৰ সন্মুখত মটৰচাইকেল ৰেলীৰ জৰিয়তে ভেকচিনৰ আদেশ (Vaccine Mandate) আৰু লকডাউনৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰে।


এই প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি সংসদৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ বাধ্য হয় চৰকাৰ। প্ৰতিবাদকাৰীসকলে হাতত 'নো মোৰ লকডাউন'ৰ বেনাৰ লৈ স্বাধীনতাৰ শ্ল'গান দিয়ে। প্ৰতিবাদকাৰীসকলে দাবী কৰে যে তেওঁলোকক ২০১৮ বৰ্ষৰ দৰে এক মুক্ত পৰিৱেশৰ প্ৰয়োজন।


ৰাইজৰ প্ৰতিবাদ দেখি প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে কয় যে দেশৰ সৰ্ববৃহৎ চহৰ অকলেণ্ডৰ লকডাউন এই মাহৰ শেষৰ ফালে সমাপ্ত হোৱাৰ সম্ভাৱনা আছে। লগতে কালিৰ পৰা কোৰোনা ভাইৰাছৰ সীমাবদ্ধতাত কিছু শিথিলতা অনাৰ প্ৰতিশ্ৰুতি দিয়ে।


উল্লেখ্য, কোৰোনাৰ ডেল্টা প্ৰকাৰৰ বিস্তাৰৰ পিছত অকলেণ্ড প্ৰায় তিনি মাহ ধৰি লকডাউনত আছে। নিউজিলেণ্ডে যোৱা সপ্তাহত প্ৰতিদিনে প্ৰায় ১৫০টা নতুন ডেল্টা প্ৰকাৰৰ ঘটনাৰ প্ৰতিবেদন দিছে আৰু মুঠ ৰোগীৰ সংখ্যা ৪,৫০০ অতিক্ৰম কৰিছে৷

Published by:Gautam Barman
First published: