• Home
  • »
  • News
  • »
  • world
  • »
  • Sri Lanka Crisis : শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ বাসভৱনৰ ছুইমিং পুলত ক্ষুব্ধ জনতা, প্ৰতিবাদকাৰীৰ ৰূপত ক্ৰিকেটাৰ সনথ জয়সূৰ্যও

Sri Lanka Crisis : শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ বাসভৱনৰ ছুইমিং পুলত ক্ষুব্ধ জনতা, প্ৰতিবাদকাৰীৰ ৰূপত ক্ৰিকেটাৰ সনথ জয়সূৰ্যও

প্ৰতিবাদৰ সময়ত ৩০ জনৰো অধিক লোক আহত হয় বুলি জানিব পৰা গৈছে।

প্ৰতিবাদৰ সময়ত ৩০ জনৰো অধিক লোক আহত হয় বুলি জানিব পৰা গৈছে।

প্ৰতিবাদৰ সময়ত ৩০ জনৰো অধিক লোক আহত হয় বুলি জানিব পৰা গৈছে।

  • Share this:
শ্ৰীলংকাত চলি থকা অৰ্থনৈতিক সংকট এতিয়াও আঁতৰা নাই। বহুদিন ধৰি গুজৰি-গুমৰি থকা শ্ৰীলংকাৰ জনতাই আজি পুনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সমগ্ৰ দেশতে তেল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱৰ মাজতে জনতা আকৌ এবাৰ ৰাজপথলৈ ওলাই আহে। প্ৰতিবাদকাৰীৰ এটা দলে শনিবাৰে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ বাসগৃহ ঘেৰাও কৰি পদত্যাগৰ দাবী জনায়। সংবাদ সংস্থা এএফপিৰ মতে, প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতিৰ ঘৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে আৰু জনতাৰ ৰুদ্ৰ মূৰ্তি দেখি ৰাষ্ট্ৰপতি ৰাজপাক্ষে ( President Gotabaya Rajapaksa) তেওঁৰ বাসগৃহৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়।

খবৰ অনুসৰি, প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতিৰ বাসগৃহৰ চৌহদত প্ৰৱেশো কৰিছিল। সুৰক্ষা বাহিনীয়ে তেতিয়া ৰাষ্ট্ৰপতিক তেওঁৰ বাসগৃহৰ পৰা উলিয়াই আনি সুৰক্ষিত স্থানলৈ লৈ যায়। শ্ৰীলংকাৰ টিভি চেনেল চিৰাছা টিভিয়ে প্ৰকাশ কৰা ফুটেজত জনতাক ৰাষ্ট্ৰপতিৰ বাসভৱনত প্ৰৱেশ কৰা দেখা গৈছে (Protesters Break Police Barricades)। তাত জনতাই ৰাষ্ট্ৰপতিৰ ছুইমিং পুলত সাঁতোৰা দেখা গৈছে।



জনতাক ছত্ৰভংগ দিয়াবলৈ নিৰাপত্তাৰক্ষীয়ে পানী কামান আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰে। প্ৰতিবাদৰ সময়ত ৩০ জনৰো অধিক লোক আহত হয় বুলি জানিব পৰা গৈছে।

তাৎপৰ্যপূৰ্ণভাৱে, শ্ৰীলংকাই যোৱা কেইবামাহ ধৰি অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। সমগ্ৰ দেশতে ইন্ধনৰ নাটনিৰ লগতে খাদ্যৰ অভাৱ হৈছে। শ্ৰীলংকাৰ নিৰন্তৰ হ্ৰাস হোৱা বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ বাবে আনকি চিকিৎসা সম্পৰ্কীয় অত্যাৱশ্যকীয় সামগ্ৰীৰ আমদানি কমিবলৈ ধৰিছে।

প্ৰাক্তন ক্ৰিকেটাৰ সনথ জয়সূৰ্যও ৰাজপথত অৱতৰণ কৰিছিল
একে সময়তে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ সনথ জয়সূৰ্যয়ো (Sanath Jayasuriya) কলম্বোত শেহতীয়াকৈ হোৱা প্ৰতিবাদ সন্দৰ্ভত সংবাদ সংস্থা এএনআইক কৈছিল যে তেওঁ প্ৰতিবাদৰ অংশ আছিল আৰু জনসাধাৰণৰ দাবীত থিয় দিছে। শ্ৰীলংকাক ক্ৰিকেটত বিশ্ব চেম্পিয়ন বনোৱা প্ৰাক্তন অলৰাউণ্ডাৰ সনথ জয়সূৰ্যৰ এখন ছবিও পোহৰলৈ আহিছে, য'ত তেওঁক কলম্বোত ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ বাহিৰত ৰাষ্ট্ৰপতি ৰাজপাক্ষেৰ পদত্যাগৰ দাবীত প্ৰতিবাদ কৰি ৰাইজৰ মাজত থিয় হৈ থকা দেখা গৈছে।



প্ৰধানমন্ত্ৰীয়ে জৰুৰীকালীন বৈঠক আহ্বান কৰে
ইফালে, প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহে সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ আৰু তাৎক্ষণিক সমাধান বিচাৰি দলৰ নেতাসকলৰ অংশগ্ৰহণৰ সৈতে এখন জৰুৰী বৈঠক আহ্বান কৰিছে। শ্ৰীলংকাৰ ডেইলী মিৰ'ৰে প্ৰধানমন্ত্ৰীৰ মিডিয়া বিভাগৰ উদ্ধৃতি দি প্ৰতিবেদন দিছিল।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি