உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • ২০১৯ ত কিমান বাংলাদেশীয়ে অবৈধ ভাবে প্ৰৱেশ কৰিলে ভাৰতত? প্ৰথমবাৰলৈ স্বীকাৰ কৰিলে বাংলাদেশে

    ২০১৯ ত কিমান বাংলাদেশীয়ে অবৈধ ভাবে প্ৰৱেশ কৰিলে ভাৰতত? প্ৰথমবাৰলৈ স্বীকাৰ কৰিলে বাংলাদেশে

    source-Google

    source-Google

    ২০১৯চনত আটক হৈছে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এহেজাৰ বাংলাদেশী

    • Share this:
    ২০১৯ চনত আটক হৈছে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এহেজাৰ বাংলাদেশী। প্ৰথমবাৰলৈ এই চাঞ্চল্যকৰ তথ্য সদৰী কৰিছে সীমান্তৰক্ষী বাহিনী বৰ্ডাৰ গাৰ্ড অৱ বাংলাদেশে। বিগত ২মাহত ৪৪৫জনক আটক কৰিছে সীমান্তৰক্ষী বাহিনী বৰ্ডাৰ গাৰ্ড অৱ বাংলাদেশে।

    বৃহস্পতিবাৰে এক সংবাদমেলযোগে এই তথ্য সদৰী কৰে বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ মহাপৰিচালক মেজৰ জেনেৰেল ছাফিনুল ইছলামে। ধৃত লোককেইজনে অবৈধভাৱে বাংলাদেশত অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল। ইতিমধ্যে ধৃতসকল বাংলাদেশী লোক বুলি নিশ্চিত কৰিছে স্থানীয় সংবাদ মাধ্যমে। ধৃতসকলৰ বিৰুদ্ধে বাংলাদেশৰ বিভিন্ন থানাত ২৫৩টা গোচৰ ৰুজু কৰা হৈছে। বিভিন্ন সময়ত কৰ্মৰ সন্ধানত ভাৰতত প্ৰৱেশ কৰিছিল লোককেইজন।

     

     
    Published by:Himangshu Bhuyan
    First published: