মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»Covid Vaccine: বিদেশ ভ্ৰমণৰ পথত বাধা হৈ থিয় দিছে Covaxin ! ভেকছিনটোকলৈ অস্বস্তিত পৰিছে বিদেশলৈ যাব বিচৰা শিক্ষাৰ্থী আৰু ভ্ৰমণকাৰী...

Covid Vaccine: বিদেশ ভ্ৰমণৰ পথত বাধা হৈ থিয় দিছে Covaxin ! ভেকছিনটোকলৈ অস্বস্তিত পৰিছে বিদেশলৈ যাব বিচৰা শিক্ষাৰ্থী আৰু ভ্ৰমণকাৰী...

News18 Assam | News18-Assam
Updated:June 16, 2021, 11:35 AM IST
Covid Vaccine: বিদেশ ভ্ৰমণৰ পথত বাধা হৈ থিয় দিছে Covaxin ! ভেকছিনটোকলৈ অস্বস্তিত পৰিছে বিদেশলৈ যাব বিচৰা শিক্ষাৰ্থী আৰু ভ্ৰমণকাৰী...
ভাৰতে কোভাক্সিনৰ স্বীকৃতিৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাক আবেদন জনাইছে যদিও এতিয়ালৈকে ইয়াক স্বীকৃতি দিয়া হোৱা নাই ।

ভাৰতে কোভাক্সিনৰ স্বীকৃতিৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাক আবেদন জনাইছে যদিও এতিয়ালৈকে ইয়াক স্বীকৃতি দিয়া হোৱা নাই ।

  • Share this:
কোভাক্সিনক লৈ এতিয়া অস্বস্তিত পৰিছে বিদেশলৈ যাব বিচৰা ভাৰতীয় লোকসকল । ভাৰতত নিৰ্মাণ কৰা কোভাক্সিনৰ টিকা গ্ৰহণ কৰা লোকসকলৰ ভিতৰত যিসকলে শিক্ষা গ্ৰহণ বা কামৰ বাবে বিদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছে, সেইসকলৰ মাজত দেখা দিছে এই অস্বস্তি । কিয়নো এতিয়াও এই ভেকছিনে বিশ্ব স্বাস্থ্য সংস্থাৰ স্বীকৃতি লাভ কৰা নাই । তেনেস্থলত বিদেশ যাত্ৰাত ই বাধা হৈ থিয় দিয়াৰ আশংকাত ভুগিছে একাংশ ।

ইতিমধ্যে ভাৰত চৰকাৰে কোভাক্সিন ভেকছিনৰ স্বীকৃতিৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাক আবেদন জনাইছে যদিও বিষয়টোক লৈ এতিয়াও কোনো স্পষ্টতা প্ৰকাশ হোৱা নাই আৰু ইয়াৰ ওপৰত অধ্যয়ন চলি আছে । ইপিনে একাংশ দেশে কোভাক্সিন ভেকছিনৰ ড'জ গ্ৰহণ কৰাসকলক টিকাকৰণ নকৰা বুলি গণ্য কৰি আছে আৰু তেনে ভাৰতীয়ক উপস্থিত হোৱাৰ পিছত কোৱাৰেন্টিন হোৱাৰ নিৰ্দেশ দিছে । যাৰ বাবে এই লোকসকলৰ ওপৰত অতিৰিক্ত অৰ্থনৈতিক বোজা পৰিছে ।

এই বিষয়ত দিল্লীৰ যমুনা বিহাৰৰ বাসিন্দা আশুতোষ শৰ্মাই কয় যে তেওঁ ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ পৰা হোটেল মেনেজমেণ্টত স্নাতক পাঠ্যক্ৰম গ্ৰহণ কৰিছে । তেওঁ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে কানাডালৈ যাব বিচাৰে। কোভাক্সিন ভেকছিনৰ দুয়োটা পালি গ্ৰহণ কৰা আশুতোষে কয় যে কোভাক্সিন কানাডাত স্বীকৃত হোৱা নাই। কোভিশ্বিল্ডহে তাত স্বীকৃত । এই কথা জনাৰ পূৰ্বেই মই প্ৰথম ড'জটো লৈছিলো। তেনেস্থলত মই তালৈ গ'লে ১৪ দিনৰ বাবে কোৱাৰেন্টিন হৈ থাকিব লাগিব। তাত ইয়াৰ ব্যয় হৈছে একৰ পৰা ডেৰ লাখ টকা। এইটো মোৰ বাবে বহুত ব্যয়বহুল। আশুতোষৰ কয়, মই ঋণ লৈ পঢ়িবলৈ গৈ আছে। এটা ছেমিষ্টাৰৰ মাচুল হৈছে চাৰিৰ পৰা পাঁচ লাখ টকা। অনলাইন ক্লাছ লোৱাৰ এমাহ হ'ল, এতিয়া যদি মই তালৈ যাও এতিয়া মই কোৱাৰেন্টিন হ'ব লাগিব । সেয়েহে ভেকছিনৰ স্বীকৃতি প্ৰদান আৰু ইয়াক লৈ সকলো দিশ স্পষ্ট কৰাৰ দাবী কৰে আশুতোষে ।

আনফালে গুৰুগ্ৰামৰ আইটি কৰ্মী প্ৰতীক প্ৰকাশে কামৰ বাবে আমেৰিকা যুক্তৰাজ্য, ইউকে ভ্ৰমণ কৰিবলগীয়া হয় । তেওঁ কোভাক্সিনৰ প্ৰথম ড'জ গ্ৰহণ কৰিছে, দ্বিতীয় ড'জৰ সময়ো আহিছে । প্ৰতীকে কয়, মই কামৰ বাবে বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰি আছো। মই ভেকছিনটো গ্ৰহণ কৰিছো আৰু এইটো বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত নহয়। তেনেস্থলত কোভাক্সিনক লৈ মই অস্বস্তিত পৰিছো । ইয়াক লৈ সকলো স্পষ্ট হোৱাৰ প্ৰয়োজন আছে ।

কোভাক্সিন লোৱাসকলৰ বিদেশ যাত্ৰা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ভেকছিন আৰু জনস্বাস্থ্য বিশেষজ্ঞ ডাঃ চন্দ্ৰকান্ত লাহাৰিয়াই কয় যে ভেকছিনটোৱে বিশ্ব স্বাস্থ্য সংস্থাৰ স্বীকৃতিৰ লাভ নিশ্চিতভাৱে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ বাবে এক প্ৰত্যাহ্বান। কিন্তু এইটো মনত ৰাখিব লাগিব যে তেওঁলোকক ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া হৈছে। এই মুহূৰ্তত ভ্ৰমণৰ বাবে টিকাকৰণ বাধ্যতামূলক নহয় । যিসকলে তেওঁলোকৰ কৰ্মস্থানলৈ যাব লাগিব বা আন দেশৰ স্থানীয় বাধ্যবাধকতা থাকিব,তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তেনেস্থলত এনেলোকসকলে WHOএ প্ৰমাণ কৰা ভেকছিন লগাওক আৰু যিসকলে কোভাক্সিন গ্ৰহণ কৰিছে, মই বিশ্বাস কৰো যে ইণ্ডিয়া বায়োটেকে ইয়াৰ ফলাফল প্ৰকাশ কৰিব আৰু বিশ্ব স্বাস্থ্য সংস্থাক দিয়া ডজিয়াৰে অহা কেইসপ্তাহমানৰ ভিতৰত অনুমোদন লাভ কৰিব।
Published by: Kokil Sarma
First published: June 16, 2021, 11:35 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি