• Home
  • »
  • News
  • »
  • world
  • »
  • Cure Corona Virus: বিষাক্ত সাপৰ মাৰাত্মক বিষেৰে হ'ব পাৰে কোৰোণা ভাইৰাছৰ চিকিৎসা, ব্ৰাজিলৰ চিকিৎসা বিজ্ঞানীৰ চাঞ্চল্যকৰ দাবী

Cure Corona Virus: বিষাক্ত সাপৰ মাৰাত্মক বিষেৰে হ'ব পাৰে কোৰোণা ভাইৰাছৰ চিকিৎসা, ব্ৰাজিলৰ চিকিৎসা বিজ্ঞানীৰ চাঞ্চল্যকৰ দাবী

এই মলিকিউল বা অণুবিধ হৈছে সাপৰ বিষৰ পৰা লাভ কৰা এবিধ পেপটাইড (peptide) বা এমিনো এচিডৰ এক শৃংখল (chain of amino acids) যি কোৰোণা ভাইৰাছৰ বংশবৃদ্ধিত সহায় কৰা পিএলপ্ৰো ( PLPro) এনজাইমবিধ ধ্বংস কৰিব পাৰে,

এই মলিকিউল বা অণুবিধ হৈছে সাপৰ বিষৰ পৰা লাভ কৰা এবিধ পেপটাইড (peptide) বা এমিনো এচিডৰ এক শৃংখল (chain of amino acids) যি কোৰোণা ভাইৰাছৰ বংশবৃদ্ধিত সহায় কৰা পিএলপ্ৰো ( PLPro) এনজাইমবিধ ধ্বংস কৰিব পাৰে,

এই মলিকিউল বা অণুবিধ হৈছে সাপৰ বিষৰ পৰা লাভ কৰা এবিধ পেপটাইড (peptide) বা এমিনো এচিডৰ এক শৃংখল (chain of amino acids) যি কোৰোণা ভাইৰাছৰ বংশবৃদ্ধিত সহায় কৰা পিএলপ্ৰো ( PLPro) এনজাইমবিধ ধ্বংস কৰিব পাৰে,

  • Share this:
দুবছৰ হ'বৰ হ'ল বিশ্ব পৰা কোৰোণা ভাইৰাছৰ আতংক শেষ হোৱা নাই। সকলো দেশত এতিয়া ভেকচিন প্ৰদান কাৰ্য জোৰদাৰ গতিত চলি থকাৰ বিপৰীতে এতিয়ালৈ কোৰোণাৰ ঔষধ আৱিষ্কাৰ হোৱা নাই।  এনে সময়তে ব্ৰাজিলৰ এজন গৱেষকে এক চাঞ্চল্যকৰ দাবী কৰিছে।

ব্ৰাজিলিয়ান গৱেষকজনৰ দাবী যে সাপৰ বিষৰ পৰা লাভ কৰা একপ্ৰকাৰৰ অণু বা মলিকিউলৰ পৰা কোৰোণা ভাইৰাছক ধ্বংস কৰাৰ ঔষধ প্ৰস্তুত কৰিব পৰা হয়। তেওঁ দাবী কৰে যে বান্দৰৰ কোষত প্ৰয়োগ কৰি কোৰোণা ভাইৰাছক প্ৰতিৰোধ কৰাত সফলতা পোৱা গৈছে।

মলিকিউলছ (Molecules) নামৰ এখন বৈজ্ঞানিক জাৰ্ণেলত প্ৰকাশিত গৱেষণা পত্ৰত কোৱা হৈছে যে জাৰাৰাকুছু প্ৰজাতিৰ ভাইপাৰ  (jararacussu pit viper)ৰ বি,ৰ পৰা পোৱা মলিকিউলে বান্দৰৰ দেহত কোৰোণা ভাইৰাছ ধ্বংস কৰাত ৭৫ শতাংশ কাৰ্যকৰী হৈছে।

এই গৱেষণা পত্ৰখনৰ লেক তথা ব্ৰাজিলৰ ছাও পাোলো বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাফোল গাইডো (Rafael Guido)ৱে কয়, “আমি এইটো দেখুৱাবলৈ সক্ষম হৈছোঁ যে সাপৰ বিষৰ পৰা পোৱা বিশেষ উপাদানটোৱে ভাইৰাছবিধে সৃষ্টি কৰা প্ৰ'টিনৰ বৃদ্ধি ৰোধ কৰিবলৈ সক্ষম হৈছে।"

এই মলিকিউল বা অণুবিধ হৈছে সাপৰ বিষৰ পৰা লাভ কৰা এবিধ পেপটাইড (peptide) বা এমিনো এচিডৰ এক শৃংখল (chain of amino acids) যি কোৰোণা ভাইৰাছৰ বংশবৃদ্ধিত সহায় কৰা পিএলপ্ৰো ( PLPro) এনজাইমবিধ ধ্বংস কৰিব পাৰে, তাকো দেহৰ অন্য কোষৰ ক্ষতিসাধন নকৰাকৈ। গৱেষণা পত্ৰখনত এইদৰে কোৱা হৈছে।

গৱেষকসকলে কয় যে এই অণুবিদৰ ভিন্ন ডোজৰ ক্ষেত্ৰত ইয়াৰ কাৰ্কৰীতা সম্পৰ্কত এতিয়াও অধিক গৱেষণাৰ প্ৰয়োজন আছে। লগতে এইটোও গৱেষণা কৰি থকা হৈছে এই অণুবিধে কোৰোণা ভাইৰাছক মানৱ দেহৰ কোষৰ ভিতৰত প্ৰৱেশত আৰম্ভণিতেই বাধা দিব পাৰিব নেকি।


গৱেষকসকলে মানৱ দেহত এই অণুবিধৰ পৰীক্ষণৰ কথা কৈছে যদিও এতিয়ালৈ তেনে পৰীক্ষণৰ বাবে কোনো সময় সূচী নিৰ্দিষ্ট কৰা নাই।

উল্লেখ্য যে জাৰাৰকুছু হৈছে ব্ৰাজিলত পোৱা এবিধ ডাঙৰ আকাৰৰ, প্ৰায় ২ মিটাৰ (৬ ফুট) দীঘল সাপ। এই সাপবিধ আটলাণ্টিকৰ উপকূলীয় অৰণ্যত পোৱা যায়। পিছে এই গৱেষণাৰ গৱেষকসকলে এটা কথা স্পষ্ট কৰি দিছে যে সাপ বিধৰ কেৱল বিষৰ পৰাই কোৰোণাৰ প্ৰতিকাৰ পোৱা নাযায়, গতিকে কোনোৱে যাতে জধে-মধে সাপবিধ নিধন নকৰে তাৰো আহ্বান জনাইছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি