নিহত হৈছে নেকি ISISৰ মুৰব্বী বাগদাদী! আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ টুইটক লৈ বিশ্বজুৰি চাঞ্চল্য

হোৱাইট হাউছৰ সূত্ৰই সদৰি কৰে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে (আমেৰিকাৰ সময় অনুসৰি) পুৱা ৯ বজাত এক ডাঙৰ ঘোষণা কৰিব।

News18-Assam
Updated:October 27, 2019, 11:56 AM IST
নিহত হৈছে নেকি ISISৰ মুৰব্বী বাগদাদী! আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ টুইটক লৈ বিশ্বজুৰি চাঞ্চল্য
Photo : ANI
News18-Assam
Updated: October 27, 2019, 11:56 AM IST
বিশ্বৰ সবাতোকৈ ভয়ংকৰ সন্ত্ৰাসবাদী সংগঠন ISISৰ মুৰব্বী আবু বক্কৰ অল বাগদাদীৰ মৃত্যুৰ খবৰ! আমেৰিকা সেনাৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে শনিবাৰে উত্তৰ পশ্চিম ছিৰিয়াৰ এক আক্ৰমণত আমেৰিকান সেনাই টাৰ্গেট কৰিছে ISISৰ মুৰব্বী বাগদাদীক। CNNৰ মতে, বিষয়াজনে কয় যে CIAই ISISৰ মুৰব্বী বাগদাদীৰ সন্ধান উলিওৱাত সহায় কৰিছে।

ইয়াৰ পূৰ্বে হোৱাইট হাউছৰ সূত্ৰই সদৰি কৰে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে (আমেৰিকাৰ সময় অনুসৰি) পুৱা ৯ বজাত এক ডাঙৰ ঘোষণা কৰিব। হোৱাইট হাউছৰ উপ–প্ৰেছ সচিব হোগন গিদলেই এই তথ্য সদৰি কৰিছে।

সন্ত্ৰাসবাদী সংগঠনটোৰ নেতা বাগদাদীয়ে বিগত ৫ বছৰ ধৰি আত্মগোপন কৰি আছে। সাধাৰণতে, সময়ে সময়ে বাগদাদীৰ মৃত্যুৰ খবৰ ওলাই থাকে, কিন্তু এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে টুইটাৰযোগে নিজেই প্ৰকাশ কৰিছে যে – ডাঙৰ কিবা এটা ঘটিছে। ড’নাল্ড ট্ৰাম্পৰ টুইটৰ পিছতে এতিয়া বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।


আমেৰিকাৰ সংবাদ সংস্থা ফক্স নিউজৰ মতে, সূত্ৰ অনুসৰি ISISৰ মুৰব্বী আবু বক্কৰ অল বাগদাদীৰ মৃত্যু হৈছে। অৱশ্যে আমেৰিকান সেনাই ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰা নাই।




NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি