ট্ৰাম্পে ইফালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে তেওঁ সাংবাদিকসকলৰ সৈতে এই বিষয়টো ধেমালি কৰিহে উল্লেখ কৰিছিল। শুকুৰবাৰে ৰাষ্ট্ৰপতিজনৰ পৰা এই প্ৰসংগত প্ৰশ্ন কৰাৰ সময়ত তেওঁ কয়, 'মই আপোনালোকৰ দৰে সাংবাদিকসকলক ধেমালি কৰিবলৈ প্ৰশ্ন কৰিছিলো। চাব বিচাৰিছিলো যে কিনো হয়!’ ট্ৰাম্পে কয় যে তেওঁ এনেকুৱা বীজাণু নাশকৰ বিষয়ে জানিব বিচাৰিছিল যিটো ৰাইজে সুৰক্ষিত হৈ নিজৰ হাতত ব্যৱহাৰ কৰিব পাৰে।
মূল্যবৃদ্ধিয়ে দহিছে তেল বিক্ৰী কৰা দেশ খনক।
- News18
- Last Updated :
পাকিস্তানৰ পিছত বৃহৎ অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হোৱাৰ দিশে অন্য এখন ইছলামধৰ্মী লোকৰ বসতি প্ৰধান দেশ ইৰাণ ।
ব্ল’মাৰ্গৰ ৰিপৰ্ট অনুসৰি খাৰুৱা তেল বিক্ৰী কৰা দেশ ইৰাণৰ অৰ্থনীতি ক্ৰমাৎ ধ্বংস কৰিছে দেশ খনত অব্যাহত থকা ভয়াৱহ মূল্যবৃদ্ধিয়ে ।
IMFৰ তথ্য অনুসৰি প্ৰতি ডলাৰৰ বিপৰীতে ইৰাণী মুদ্ৰা "ৰিয়াল"ৰ মূল্য প্ৰতিদিনে হ্ৰাস পাইছে ।
যাৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যই আকাশ চুইছে ইৰাণত ।
আমেৰিকাই আৰোপ কৰা প্ৰতিবন্ধকতাই এতিয়া বিপদ মাতিছে দেশ খনলৈ ।
মে’ মাহৰ প্ৰথম সপ্তাহৰ পৰা আমেৰিকাই ইৰাণৰ খাৰুৱা তেলৰ ৰপ্তানীত সম্পূৰ্ণ ৰূপে প্ৰতিবন্ধকতা আৰোপ কৰিছে ।
যাৰ প্ৰভাৱ যে দেশ খনৰ অৰ্থব্যৱস্থাত পৰিব সেই কথা নিশ্চিত। যি কথা স্পষ্ট কৈ জনাইছে IMFৰ এজন জ্যেষ্ঠ বিষয়াই ।
আমেৰিকাই আৰোপ কৰা এই হকাবধাৰ ফলত এতিয়া অধিক সংকুচিত হৈছে দেশ খনৰ অৰ্থব্যৱস্থা ।
বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা আমেৰিকাই ইৰাণৰ পৰা তেল ক্ৰয় কৰাতো প্ৰতিবন্ধকতা আৰোপ কৰিছিল । সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ পৰা অন্য কোনো দেশে তেল
কিনিলে সেই দেশ খনৰ ওপৰতো প্ৰতিবন্ধকতা আৰোপ কৰাৰ কথা কৈছিল যিয়ে ব্যাপক হাৰত ক্ষতি কৰিছিল ইৰাণক ।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|