আজব অ'ফাৰ! ভেলেণ্টাইন দ্য়ে' উপলক্ষে অসুখী দম্পতিলৈ আগবঢ়োৱা হৈছে এই সুবিধা!

ভেলেণ্টাইন দ্য়ে' লৈ মাজত মাথো কেইটামান দিন। বহু প্ৰেমিক প্ৰেমিকা এই দিনটোৰ বাবে অধীৰ অপেক্ষাৰে ৰৈ থাকে।
ভেলেণ্টাইন দ্য়ে' লৈ মাজত মাথো কেইটামান দিন। বহু প্ৰেমিক প্ৰেমিকা এই দিনটোৰ বাবে অধীৰ অপেক্ষাৰে ৰৈ থাকে।
- News18 Assam
- Last Updated: February 5, 2021, 7:10 PM IST
তেওঁলোকে ভেলেণ্টাইন দ্যে'ত আয়োজন কৰা হৈছে বিশেষ প্ৰতিযোগিতা। সুখী নোহোৱা দম্পতিৰ মাজত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। আৰু প্ৰতিযোগিতাৰ বিজয়ীক কৰাব বিনামূলীয়াকৈ বিবাহ বিচ্ছেদ । এই ফাৰ্মখনে বিচ্ছেদ বিচৰা অসুখী দম্পতিক আদালতত আবেদনৰ মাচূলৰ লগতে বিনামূলীয়া আইনী সাহায্য আগবঢ়াব।
ফাৰ্মখনে ফেচবুকত পোষ্ট কৰা এই সন্দৰ্ভত জাননী জাৰি কৰিছে। “আমি সকলোৱে ক’ভিড-১৯ৰ বাবে এক দুৰ্বিসহ বছৰ পাৰ কৰিলো। এই সময়ত বহুতৰে আৰ্থিক অৱস্থা দুৰ্বল হৈ পৰিছে। সেয়েহে ভেলেণ্টাইন দ্য়ে'’ উপলক্ষে অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত বিজয়ীক আমি বিনামূলীয়াকৈ বিবাহ বিচ্ছেদ দিয়াৰ পৰিকল্পনা কৰিছো।'
ফাৰ্মখনে এই বিষয়ে কয় যে “এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ কোনো মাচুলৰ প্ৰয়োজন নাই। প্ৰতিযোগীসকলে 'মিচেছ পাৱাৰ চাৰ্ভিচেছ'ৰ বাবে কোনো আদালত মাচুলো আদায় দিব নালাগে।
কিন্তু একমাত্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দাসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।