পৰুৱাৰ সৈতে আছে সকলোৰে অভিজ্ঞতা। কিবা এটা খালে ক'ৰ পৰা জানো আহি ওলাই পৰুৱা! সৰু অথচ বস্তুৰে আচৰিত সংযোগ। পিছে এই পৃথিৱীত পৰুৱা সংখ্যা গণনা কৰিব পৰা যায়নে?
গৱেষকৰ এটা দলে সমগ্ৰ বিশ্বৰ পৰুৱা গণনা কৰি "অসম্ভৱ" কাম সাধন কৰিছে। জীৱবিজ্ঞানৰ গৱেষকৰ দলটোৱে পৰুৱাৰ সংখ্যা বিশেষভাৱে গণনা কৰি পাইছে এই সংখ্যাটো ২০০০০০০০০০০০০০০০০০০০০০০০০। গণনা কৰাটো সহজ নহয়।
ইক’লজিষ্টসকলৰ মতে ডাইনোছৰৰ আগৰ পৰাই পৃথিৱীত পৰুৱাৰ অস্তিত্ব আছে। এতিয়ালৈকে সমগ্ৰ বিশ্বতে ১৫ হাজাৰৰো অধিক প্ৰজাতি আৰু উপপ্ৰজাতিৰ পৰুৱা আৱিষ্কাৰ হৈছে।
হংকং বিশ্ববিদ্যালয়ৰ গৱেষকসকলে বিশ্বৰ অন্যতম পুৰণি বাসিন্দাবিধৰ সংখ্যা গণনা কৰি পাইছে পৃথিৱীত প্ৰায় ২০ কোৱাড্ৰিলিয়ন (১ কোৱাড্ৰিলিয়ন = ১ হাজাৰ লাখ কোটি) পৰুৱা আছে। সংখ্যাত প্ৰকাশ কৰিলে ই ২০,০০০,০০০,০০০,০০০,০০০ হয়। গণনা কৰি থাকোঁতে যদি আপোনাৰ চকুৱে আমনি পাই তেন্তে জানি থওক যে ২ৰ পিছত আছে ১৬ টা শূন্য। অৰ্থাৎ পৃথিৱীত ২০ হাজাৰ বিলিয়ন পৰুৱা আছে।
বিশ্বৰ বিভিন্ন অঞ্চলত পৰুৱাৰ ঘনত্ব সম্পৰ্কে ৪৮৯খন প্ৰকাশিত গৱেষণা পত্ৰৰ তথ্য সংগ্ৰহ কৰি গৱেষকসকলে সেই সংখ্যা লাভ কৰা বুলি সদৰী কৰিছে। কিন্তু বিজ্ঞানীসকলেও বিশ্বাস কৰে যে এই হিচাপত সৰু-বৰ বিচ্যুতি হ’ব পাৰে।
বিস্ময়কৰ কথাটো হৈছে পৃথিৱীৰ সকলো পৰুৱাৰ মুঠ ওজন ১২০ কোটি কিলোগ্ৰাম, যি ৩০ লাখ ভাৰতীয় হাতীৰ ওজনৰ সমতুল্য।
Published by: Gautam Barman
FIRST PUBLISHED : September 20, 2022, 22:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।