• Home
  • »
  • News
  • »
  • world
  • »
  • পৃথিৱীৰ আটাইতকৈ অকলশৰীয়া ব্যক্তিজনৰ মৃত্যু, ২৬টা বছৰ জংঘলত অকলে কটোৱা ব্যক্তিগৰাকী কোন?

পৃথিৱীৰ আটাইতকৈ অকলশৰীয়া ব্যক্তিজনৰ মৃত্যু, ২৬টা বছৰ জংঘলত অকলে কটোৱা ব্যক্তিগৰাকী কোন?

পৃথিৱীৰ আটাইতকৈ অকলশৰীয়া মানুহ হিচাপেও তেওঁ পৰিচিত। ৭০ৰ দশকতে ব্ৰাজিলৰ এটা জনগোষ্ঠীয়ে তেওঁৰ পৰিয়ালৰ আটাইকেইগৰাকী সদস্যক হত্যা কৰিছিল কৃষিভূমিৰ বাবে।

  • Share this:
মহাভাৰত, ৰামায়ণত বনবাসৰ বিষয়ে আমি পঢ়িছো। কিন্তু আপুনি হয়তো ২৬টাকৈ বছৰ জংঘলত আত্মগোপন কৰি গাঁত খান্দি বাস কৰাৰ বিষয়ে আজিৰ যুগত কল্পনাও কৰিব নোৱাৰে! পিছে তেনে এক ঘটনাই সংঘটিত হৈছে ব্ৰাজিলত। ব্ৰাজিলৰ বিশ্ববিখ্যাত বৰ্ষাৰণ্যত ২৬টা বছৰ গাঁত খান্দি আত্মগোপন কৰি জীৱন-নিৰ্বাহ কৰিছিল এগৰাকী ব্যক্তিয়ে। গাঁত খান্দি বাস কৰাৰ বাবেই এখেতৰ নাম হৈ পৰিছিল মেন অৱ হোল।

পৃথিৱীৰ আটাইতকৈ অকলশৰীয়া মানুহ হিচাপেও তেওঁ পৰিচিত। ৭০ৰ দশকতে ব্ৰাজিলৰ এটা জনগোষ্ঠীয়ে তেওঁৰ পৰিয়ালৰ আটাইকেইগৰাকী সদস্যক হত্যা কৰিছিল কৃষিভূমিৰ বাবে। আমাজনৰ জনজাতীয় পৰিয়ালটোৰ একমাত্ৰ সদস্যগৰাকীয়ে তেতিয়াৰ পৰাই আমাজনৰ ঘন জংঘলত আত্মগোপন কৰি আছিল।

প্ৰথম অৱস্থাত জুপুৰী ঘৰ সাঁজি তেওঁ বাস কৰিছিল যদিও পিছলৈ কেৱল গাঁতৰ ভিতৰতে বাস কৰিছিল। খাদ্যৰ বাবে তেওঁ বনৰীয়া গাহৰি চিকাৰ কৰিছিল। চিকাৰ কৰিবৰ বাবে তেওঁ ৫০টাতকৈ অধিক জুপুৰী সাঁজিছিল। জুপুৰীবোৰৰ তলভাগত ১০ ফুট দ গাঁত আছিল।

এই মানুহগৰাকীৰ অৱস্থিতিৰ বিষয়ে ১৯৯৬ চনত প্ৰথম তথ্য পোৱা যায়। মানুহৰ সংস্পৰ্শৰ পৰা আঁতৰত থাকি ভাল পোৱা এইগৰাকী ব্যক্তিৰ মৃতদেহ ২৩ আগষ্টত উদ্ধাৰ কৰা হয়। সংবাদ মাধ্যমৰ তথ্য অনুসৰি, মৃতদেহ উদ্ধাৰ হোৱাৰ ৪০ দিন পূৰ্বেই তেওঁৰ মৃত্যু হৈছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি