OPINION : অনুপ্ৰৱেশৰ ঘাটি এতিয়া অনুপ্ৰেৰণাৰ উৎস! বাংলাদেশৰ পৰা আমি শিকিবলগীয়া কথাবোৰ

বাংলাদেশৰ অৰ্থনীতি টনকিয়াল কৰা আন এটা উদ্যোগ হৈছে বস্ত্ৰ উদ্যোগ। দেশখনৰ ৰপ্তানি হোৱা সামগ্ৰীৰ ৮০ শতাংশই বস্ত্ৰ উদ্যোগৰ পৰা আহে।
বাংলাদেশৰ অৰ্থনীতি টনকিয়াল কৰা আন এটা উদ্যোগ হৈছে বস্ত্ৰ উদ্যোগ। দেশখনৰ ৰপ্তানি হোৱা সামগ্ৰীৰ ৮০ শতাংশই বস্ত্ৰ উদ্যোগৰ পৰা আহে।
- News18 Assam
- Last Updated: March 26, 2021, 9:04 AM IST
অসমৰ নিৰ্বাচন যদিও দেশৰ এক আভ্যন্তৰীণ প্ৰক্ৰিয়া কিন্তু বাংলাদেশ ইয়াত এক অন্যতম কেন্দ্ৰ বিন্দু। সেই দেশৰ পৰা অহা হিন্দুক নাগৰিকত্ব আৰু মুছলমানক বিতাড়নৰ এক ধাৰণাৰ যুদ্ধই (Perception Battle) অসমৰ নিৰ্বাচনী পৰিৱেশত (Narrative) বিশেষ স্থান দখল কৰিছে। বহু দশকৰ পৰা বিভিন্ন সমস্যাৰে জৰ্জৰিত অসমবাসীৰ মনত বিভিন্ন কাৰণত সেই দেশখনৰ প্ৰতি ঘৃণা আৰু উপলুঙাসূচক মন্তব্য কৰাৰ প্ৰৱণতা গঢ়ি উঠিছে। সাংস্কৃতিক, অৰ্থনৈতিক আদান-প্ৰদান আৰু মানুহৰ অহা-যোৱাৰ অৱকাশ নথকাৰ ফলত এনে চিন্তাধাৰাই সাৰ-পানী লাভ কৰিছে। আজিৰ এই সন্ধিক্ষণত ভাৰতে বাংলাদেশৰ পৰা বহু কথা শিকাৰ প্ৰয়োজনীয়তা আহি পৰিছে। কিন্তু কিয়?
২০২৬ বৰ্ষৰ ভিতৰত বাংলাদেশ উন্নয়নশীল দেশৰ শ্ৰেণীত অন্তৰ্ভুক্ত হ’ব অৰ্থাৎ উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰে একে শাৰীত অৱস্থিতি গ্ৰহণ কৰিব উপকূলীয় দেশখনে। অতি সম্প্ৰতি দেশখনে বিশ্বৰ GDP তালিকাত শীৰ্ষস্থান দখল কৰিছে। ২০১৯ চনত দেশখনৰ GDP আছিল ৮.৪ শতাংশ – সেই সময়ছোৱাৰ ভাৰতৰ GDP আছিল ইয়াৰ আধা। মহামাৰীৰ সময়ত ‘Positive GDP'ৰ হাৰ বাহাল ৰখা বাংলাদেশ বিশ্বৰ এখন অন্যতম দেশ। আজিৰ তাৰিখত দেশখনৰ GDPৰ বিপৰীতে গড়-আয় প্ৰায় ২০০০ ডলাৰ যি ভাৰতৰে প্ৰায় সমান।
দেশখন অনুন্নত দেশৰ শ্ৰেণীৰ পৰা উন্নয়নশীল দেশৰ শ্ৰেণীলৈ উত্তৰণ ঘটাৰ আঁৰত আছে নাৰীৰ এক সাৱলীল ভূমিকা। বাংলাদেশৰ ক্ষুদ্ৰ সঞ্চয় ব্যৱস্থাই বিশ্বৰ বহু দেশক অনুপ্ৰাণিত কৰিছে। বিশ্বত সবাতোকৈ সফল দুই ক্ষুদ্ৰ সঞ্চয় প্ৰতিষ্ঠানেই হৈছে – বাংলাদেশৰ গ্ৰামীণ আৰু BRAC। এই দুই প্ৰতিষ্ঠানে দেশখনৰ মহিলাসকলক অৰ্থনৈতিক ভাৱে স্বাৱলম্বী কৰাৰ লগতে তেওঁলোকক ঘৰৰ বাহিৰলৈ ওলাই অৰ্থনৈতিক কামৰ অংশীদাৰ হোৱাত অনুপ্ৰেৰণা যোগাই আহিছে। এনেদৰেই মহিলাসকল দেশৰ অৰ্থনীতি সবল কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ অবিসম্বাদী অংশীদাৰ হৈ পৰিছে।
বাংলাদেশৰ অৰ্থনীতি টনকিয়াল কৰা আন এটা উদ্যোগ হৈছে বস্ত্ৰ উদ্যোগ। দেশখনৰ ৰপ্তানি হোৱা সামগ্ৰীৰ ৮০ শতাংশই বস্ত্ৰ উদ্যোগৰ পৰা আহে। এই উদ্যোগত জড়িত হৈ থকা লোকৰ ৯৫ শতাংশই মহিলা। গতিকে দেশৰ বিদেশী মুদ্ৰাৰ ৰাজকোষ মহিলাই এককভাৱে টনকিয়াল কৰিছে বুলি ক’ব পৰা যায়। মহিলাৰ এনে সৰ্বাত্মক উত্তৰণ এগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ কাৰণে সম্ভৱ হৈছে বুলি বিশ্লেষকসকলে ক’ব বিচাৰে।
বাংলাদেশে দেশত নিৰ্মিত সামগ্রী বিশেষকৈ বস্ত্ৰ সামগ্ৰী বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰৱেশ শুল্ক নিদিয়াকৈ ৰপ্তানি কৰিব পাৰে। ভাৰতলৈও শুল্ক নিদিয়াকৈ বস্ত্ৰ ৰপ্তানি কৰে বাংলাদেশে। ভাৰতীয় বজাৰত উপলব্ধ বহু পশ্চিমীয়া দেশৰ কোম্পানীৰ বস্ত্ৰ বাংলাদেশৰ manufacturing unitত প্ৰস্তুত হৈ ভাৰতলৈ আহে। বাংলাদেশে সমান্তৰালকৈ কৃষি খণ্ড, শক্তি আৰু প্ৰাকৃতিক গেছ উৎপাদন, ঔষধ উদ্যোগ, তথ্য-প্ৰযুক্তিবিদ্যা আদিতো সফলতা লাভ কৰিছে আৰু শিথিল আইন প্ৰৱৰ্তনেৰে বিদেশী বিনিয়োগ লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে বাংলাদেশে সম্পূৰ্ণৰূপে ভিয়েটনামৰ বাণিজ্যিক নীতি অৱলম্বন কৰিছে। ১৯৮৬ চনত যুদ্ধবিধস্ত দেশখনে ‘দই-মই’ নামৰে নতুন বজাৰ নীতি গ্ৰহণ কৰিছিল। দেশখনেও শিল্প বিপ্লৱ বস্ত্ৰ উদ্যোগৰ পৰা আৰম্ভ কৰিছিল। বস্ত্ৰ উদ্যোগত সফলতা লাভ কৰাৰ পিছত ভিয়েটনাম এতিয়া অগ্ৰসৰ হৈছে মোবাইল ফোন আৰু অন্য ইলেকট্ৰনিক সামগ্ৰী নিৰ্মাণত। লাভ কৰিছে বুজন পৰিমাণৰ বিদেশী বিনিয়োগ। ভিয়েটনামৰো আমেৰিকা, চীন, জাপান, ভাৰত আদি দেশৰ সৈতে Free Trade Agreement আছে। ভিয়েটনামে চীনক অনুকৰণ কৰি দেশৰ জনতাক নিপুণ কৰিছিল এক শ্ৰমিক-সৰ্বস্ব নিৰ্মাণ শৈলীৰে যাৰ ফলত কম বিনিয়োগৰে সৰ্বাধিক সামগ্ৰী উৎপাদন কৰিব পৰা গৈছিল। সেয়ে শূন্য প্ৰৱেশ শুল্কৰে ৰপ্তানীকৃত সামগ্ৰী আন দেশত কম মূল্যত গ্ৰাহকৰ হাতত তুলি দিব পৰা গৈছিল। বাংলাদেশেও অনুৰূপ ধৰণে ভাৰতৰ দৰে বৃহৎ বজাৰসমূহক লক্ষ্য কৰি সামগ্ৰী ৰপ্তানী কৰি দেশৰ অৰ্থনীতি সবল কৰিছে।
দেশখনৰ এই অৰ্থনৈতিক যাত্রাত সহায় আগবঢ়াইছে বিদেশ নীতিয়ে। দুই বৃহৎ চুবুৰীয়া শক্তি ভাৰত আৰু চীনৰে বন্ধুত্বপূৰ্ণ সম্বন্ধৰে দেশখনে পৰিপক্কতাৰ পৰিচয় দিছে। আনহাতে ম্যানমাৰত অত্যাচাৰৰ বলি হোৱা ৰ’হিংগীয়া লোকসকলক খাদ্য, বস্ত্ৰ, বাসস্থান প্ৰদান কৰি বিশ্বত মানৱীয় প্ৰমূল্যবোধ ৰক্ষাৰ নিদৰ্শনো ডাঙি ধৰিছে দেশখনে।