সংসদত গুৰুত্বপূৰ্ণ আলোচনা, কোলাত দেৱশিশু লৈ নিচুকাইছে অধ্যক্ষই, বিশ্বজুৰি ভাইৰেল এই দৃশ্য

News18-Assam
Updated:August 22, 2019, 12:31 PM IST
সংসদত গুৰুত্বপূৰ্ণ আলোচনা, কোলাত দেৱশিশু লৈ নিচুকাইছে অধ্যক্ষই, বিশ্বজুৰি ভাইৰেল এই দৃশ্য
অধ্যক্ষৰ কোলাত এটি দেৱশিশু। নিজৰ হাতেৰে গাখীৰ খুৱাই অধ্যক্ষই নিচুকাইছে দেৱশিশুটিক।

অধ্যক্ষৰ কোলাত এটি দেৱশিশু। নিজৰ হাতেৰে গাখীৰ খুৱাই অধ্যক্ষই নিচুকাইছে দেৱশিশুটিক।

  • Share this:
নিউজীলেণ্ডৰ সংসদত দেখা গ’ল শিশুস্নেহৰ এক অনন্য নিদৰ্শন। অধ্যক্ষৰ কোলাত এটি দেৱশিশু। নিজৰ হাতেৰে গাখীৰ খুৱাই অধ্যক্ষই নিচুকাইছে দেৱশিশুটিক। বিশ্বজুৰি ভাইৰেল হৈছে নিউজীলেণ্ডৰ সংসদৰ এই দৃশ্য। ছচিয়েল মিডিয়াত প্ৰশংসাৰে ওপচাইছে অধ্যক্ষ ট্ৰেভৰ মালাৰ্ডক।

আচলতে, সাংসদ তামাটি কফেই পিতৃত্বকালীন ছুটীৰ শেষত নিজৰ কণমানি সন্তানক লৈ আহিছিল সংসদলৈ। কফেই সংসদত বক্তব্য ৰখাৰ সময়ত তেওঁৰ সন্তানটিক কোলাত তুলি ল’লে অধ্যক্ষ ট্ৰেভৰ মালাৰ্ডে। সাংসদৰ বক্তব্য শুনাৰ লগতে অধ্যক্ষই নিজ হাতেৰে গাখীৰ খুৱালে দেৱশিশুটিক। কণমানিটিক নিচুকাই থকা দেখা গ’ল অধ্যক্ষ ট্ৰেভৰ মালাৰ্ডক।

First published: August 22, 2019, 12:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading