WWEৰ পৰা সন্ন্যাস ঘোষণা ‘দ্য ৰক’ ৰূপে জনাজাত ডুৱেন জনছনৰ

মল্লযুঁজৰ পৰা আঁতৰ হোৱাৰ কথা ঘোষণা কৰিছে ডুৱেন জনছনে। তেওঁ এক অনুষ্ঠানত কয় ৰেছলিং বৰকৈ মনত পৰিব, ৰেছলিং বহুত ভাল পাও মই

News18-Assam
Updated:August 5, 2019, 6:46 PM IST
WWEৰ পৰা সন্ন্যাস ঘোষণা ‘দ্য ৰক’ ৰূপে জনাজাত ডুৱেন জনছনৰ
মল্লযুঁজৰ পৰা আঁতৰ হোৱাৰ কথা ঘোষণা কৰিছে ডুৱেন জনছনে। তেওঁ এক অনুষ্ঠানত কয় ৰেছলিং বৰকৈ মনত পৰিব, ৰেছলিং বহুত ভাল পাও মই
News18-Assam
Updated: August 5, 2019, 6:46 PM IST
WWEৰ পৰা সন্ন্যাস লোৱাৰ কথা ঘোষণা কৰিলে ‘দ্য ৰক’৸ নামেৰে জনাজাত ডুৱেন জনছনে। তেওঁ কয় যে খেলৰ পৰা মনে মনে আঁতৰি আছো। অৱশ্যে মল্লযুঁজৰ ক্ষেত্ৰলৈ পুনৰ ঘূৰি অহাৰ ইংগিত দিয়ে বিশ্ব খ্যাত দ্য ৰকে। ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ অনুসৰি দ্য ৰকে মল্লযুঁজৰ পৰা আঁতৰ হোৱাৰ কথা ঘোষণা কৰিছে ডুৱেন জনছনে। তেওঁ এক অনুষ্ঠানত কয় ৰেছলিং বৰকৈ মনত পৰিব, ৰেছলিং বহুত ভাল পাও মই। মই এই ক্ষেত্ৰখনৰ পৰা অৱসৰ লৈছো কিয়নো মই ভাগ্যৱান য’ত এক লাভ কৰিলো এক সুন্দৰ কেৰিয়াৰ আৰু যি মনৰ ইচ্ছা আছিল সেয়া পূৰ কৰাত সম্পূৰ্ণ সফল হ’লো মই।

ৰেষ্টলমেনিয়া ২৯ত জন চীনাৰ বিৰুদ্ধে উল্লেখনীয় যুঁজ আছিল দ্য ৰকৰ। কিন্তু ৰেষ্টলমেনিয়া ৩২ত অন্তিম যুঁজত এৰি ৰৱানৰ বিৰুদ্ধে ৬ ছেকেণ্ডত পৰাস্ত হৈছিল দ্য ৰক। বিশ্ব খ্যাত যোদ্ধাগৰাকী হলীউডৰ ছবি জগততো সক্ৰিয়। বিগত সপ্তাহত মুক্তি লাভ কৰিছে দ্য ৰকৰ নতুন ছবি ফাষ্ট এণ্ড ফিউৰিয়াছ প্ৰেজেণ্টছ : হাবছ এণ্ড শ্ব’।
আৰু চাওক পৰৱৰ্তী বাতৰি