পাকিস্তানৰ ইছলামাবাদত ভাৰতৰ সমৰ্থনত বেনাৰ, বেনাৰত লিখা হৈছে – MAHA-BHARAT... A Step Forward

এই বেনাৰসমূহ আঁতৰাই পাকিস্তান আৰক্ষীয়ে অজ্ঞাত লোকৰ বিৰুদ্ধে দাখিল কৰিছে গোচৰ।

News18-Assam
Updated:August 7, 2019, 1:47 PM IST
পাকিস্তানৰ ইছলামাবাদত ভাৰতৰ সমৰ্থনত বেনাৰ, বেনাৰত লিখা হৈছে – MAHA-BHARAT... A Step Forward
এই বেনাৰসমূহ আঁতৰাই পাকিস্তান আৰক্ষীয়ে অজ্ঞাত লোকৰ বিৰুদ্ধে দাখিল কৰিছে গোচৰ।
News18-Assam
Updated: August 7, 2019, 1:47 PM IST
পাকিস্তানৰ ৰাজধানীৰ বিভিন্ন স্থানত মঙলবাৰে দেখা গ’ল ভাৰতৰ সমৰ্থনত লিখা বেনাৰ। এই বেনাৰক লৈ অস্বস্তিত পৰে পাকিস্তান আৰক্ষী। বেনাৰত শিৱসেনাৰ নেতা সঞ্জয় ৰাউটৰ বাৰ্তা লিখা আছিল। এই বেনাৰসমূহ আঁতৰাই পাকিস্তান আৰক্ষীয়ে অজ্ঞাত লোকৰ বিৰুদ্ধে দাখিল কৰিছে গোচৰ। বেনাৰৰ শীৰ্ষত লিখা আছিল – মহাভাৰত – এখোজ আগলৈ।

বেনাৰত লিখা আছিল, আজি জম্মু–কাশ্মীৰ লৈছো, কাইলৈ বেলুচিস্তান–PoK ল’ম। মোৰ বিশ্বাস আছে দেশৰ প্ৰধানমন্ত্ৰীয়ে অখণ্ড হিন্দুস্তানৰ সপোন পূৰণ কৰিব।

উল্লেখযোগ্য যে ভাৰত চৰকাৰে সোমবাৰে জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰে আৰু ৰাজ্যখনক দুই কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে বিভক্ত কৰে।

পাকিস্তানৰ বিদেশ মন্ত্ৰণালয়ে এক বিবৃতি জাৰি কৰি কৈছে যে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত জম্মু–কাশ্মীৰৰ স্থিতি বিবদমান হিচাপে ধৰা হৈছে। ভাৰত চৰকাৰৰ এয়া একপক্ষীয় সিদ্ধান্ত আৰু এই সিদ্ধান্ত জম্মু–কাশ্মীৰ আৰু পাকিস্তানৰ জনতাই স্বীকাৰ নকৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি