মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Tokyo Olympic: ২৩ জুলাইত টকিঅ'ত অলিম্পিকৰ উদ্বোধনী সমাৰোহ, দুদিন পূৰ্বে আৰম্ভ হ'ল ফুটবল খেল, সাজু লাভলীনা

Tokyo Olympic: ২৩ জুলাইত টকিঅ'ত অলিম্পিকৰ উদ্বোধনী সমাৰোহ, দুদিন পূৰ্বে আৰম্ভ হ'ল ফুটবল খেল, সাজু লাভলীনা

টকিঅ' অলিম্পিক গেমছৰ বাকীবোৰ ইভেন্টৰ খেল উদ্বোধনীৰ পিছতেই ২৪ জুলাইৰ পৰা অনুষ্ঠিত হ'ব।

টকিঅ' অলিম্পিক গেমছৰ বাকীবোৰ ইভেন্টৰ খেল উদ্বোধনীৰ পিছতেই ২৪ জুলাইৰ পৰা অনুষ্ঠিত হ'ব।

  • Share this:

বিশ্ব শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধ 'অলিম্পিক গেমছ'। ৩২ সংখ্যক অলিম্পিক গেমছৰ উদ্বোধনী সমাৰোহ অনুষ্ঠিত হ'ব ২৩ জুলাইত। টকিঅ'ৰ অলিম্পিক ষ্টেডিয়ামত হ'ব উদ্বোধনী সমাৰোহ। অলিম্পিক গেমছ আনুষ্ঠানিকভাৱে আৰম্ভ হ'বলৈ এতিয়াও মাত্ৰ কেইটামান ঘন্টা আছে যদিও জাপানত আৰম্ভ হৈছে অলিম্পিক গেমছৰ ফুটবল, বেছবল আৰু ছফট বলৰ প্ৰাৰম্ভিক ৰাউন্ডৰ খেল।


জাপানৰ ৰাজধানী চহৰ টকিঅ'ৱে যদিও অলিম্পিকৰ মূল আয়োজক ভ্যেনু তথাপি আন সৰু সৰু কেইবাখনো চহৰেও কেইবাটাও খেলৰ প্ৰাৰম্ভিক খেল অনুষ্ঠিত কৰিছে। জাপানত কাৰ্যতঃ আৰম্ভ হৈছে অলিম্পিক গেমছৰ খেল। জাপানৰ ছাপ্ৰো ডম গ্ৰাউন্ডত অনুষ্ঠিত মহিলা ফুটবলৰ প্ৰাৰম্ভিক ৰাউন্ডৰ দিনটোৰ তিনিখন খেলত ক্ৰমে ইংলেণ্ড, ব্ৰাজিল আৰু ছুইডেন দলে জয়লাভ কৰি সম্পূৰ্ণ পইন্ট লাভ কৰিছে।


এই গ্ৰুপৰ প্ৰথমখন খেলত ইংলেণ্ড দলে চিলি দলক ২-০ গলত পৰাস্ত কৰে। দ্বিতীয়খন খেলত ব্ৰাজিলৰ মহিলা দলটোৱে চীনৰ দলক ৫-০ ব্যৱধানত পৰাজিত কৰি সম্পূৰ্ণ পইন্ট লাভ কৰে। তৃতীয়খন খেলত ছুইডেন দলে আমেৰিকা যুক্তৰাষ্ট্ৰ দলক ৩-০ গলত হৰুৱায়। এফ গ্ৰুপৰ লীগৰ খেলত চীনৰ বিৰুদ্ধে ব্ৰাজিলৰ মাৰটাই দুগল, ডেবিনহা আৰু বেটৰিজে ক্ৰমে এটাকৈ গল স্ক'ৰ কৰে।


ইফালে জাপানৰ আটকধুনীয়া ইকহামা ষ্টেডিয়ামত বুধবাৰৰ পৰা আৰম্ভ হয় টকিঅ' অলিম্পিত প্ৰথমবাৰলৈ অন্তৰ্ভুক্ত হোৱা বেছবল আৰু ছফটবলৰ খেল। লীগৰ অপেনিং ৰাউন্ডৰ প্ৰথমখন খেলত ঘৰুৱা জাপানে অষ্ট্ৰেলিয়াক ৮-১ ব্যৱধানত পৰাজিত কৰে। দিনটোৰ দ্বিতীয়খন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰ দলে ইটালী দলক ২-০ ব্যৱধানত আৰু অন্তিমখন খেলত কানাডাই মেক্সিকো দলক ৪-০ ব্যৱধানত পৰাস্ত কৰি সম্পূৰ্ণ পইন্ট লাভ কৰে।


টকিঅ' অলিম্পিক গেমছৰ বাকী বোৰ ইভেন্টৰ খেল উদ্বোধনীৰ পিছতেই ২৪ জুলাইৰ পৰা অনুষ্ঠিত হ'ব। অসমৰ পৰা গৈ অলিম্পিকত অংশল'বলগীয়া লাভলীনা বৰগোঁহায়ো সম্পূৰ্ণ ৰূপে সাজু হৈছে গেমছৰ বাবে। বৃহস্পতিবাৰে লাভলীনাৰ খেলৰ সূচী প্ৰকাশ পাব।

শেহতীয়া বাতৰি