• Home
  • »
  • News
  • »
  • world
  • »
  • Solar Eclipse : বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ ২৫ অক্টোবৰত, ৪ ঘন্টা ৩ মিনিটলৈ এই মহাজাগতিক পৰিঘটনা

Solar Eclipse : বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ ২৫ অক্টোবৰত, ৪ ঘন্টা ৩ মিনিটলৈ এই মহাজাগতিক পৰিঘটনা

৮ নৱেম্বৰত হ'ব বছৰটোৰ শেষৰটো চন্দ্ৰগ্ৰহণ। যিটো আংশিকভাৱে দৃশ্যমান হ'ব।

৮ নৱেম্বৰত হ'ব বছৰটোৰ শেষৰটো চন্দ্ৰগ্ৰহণ। যিটো আংশিকভাৱে দৃশ্যমান হ'ব।

৮ নৱেম্বৰত হ'ব বছৰটোৰ শেষৰটো চন্দ্ৰগ্ৰহণ। যিটো আংশিকভাৱে দৃশ্যমান হ'ব।

  • Share this:
বছৰৰ শেষৰটো সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব পৃথিৱীবাসী। ২৫ অক্টোবৰত হ'ব আংশিক সূৰ্যগ্ৰহণ। ভাৰতত পোহৰৰ উৎসৱ দীপাৱলীৰ সময়তেই অন্ধকাৰাচ্ছন্ন হৈ পৰিব মহাকাশ। ৪ ঘন্টা ৩ মিনিটজোৰা এই মহাজাগতিক পৰিঘটনা দুপৰীয়া ২.২৯ মিনিটৰ পৰা সন্ধিয়া ৬.৩২ মিনিটলৈ প্ৰত্যক্ষ কৰিব বিশ্বই।

সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ উত্তৰ–পূবৰ কিছু অঞ্চল বাদ দি সকলো ৰাজ্যতে দৃশ্যমান হ'ব আংশিক সূৰ্যগ্ৰহণ। বিশেষকৈ ৰাজ্যখনৰ উজনি অসমত দৃশ্যমান নহ'ব এই আংশিক সূৰ্যগ্ৰহণ। পৰিৱৰ্তে নামনি অসমৰ বিভিন্ন জিলাত কিছু সময়ৰ বাবে দৃশ্যমান হ'ব আংশিক সূৰ্যগ্ৰহণ। এই কথা জনাইছে গুৱাহাটী তাৰকাগৃহৰ কিউৰেটৰ বাবুল বৰাই।

বঙাইগাঁও
গ্ৰহণ আৰম্ভ হ'ব বিয়লি ৪.৪৩ মিনিটত। গ্ৰহণ শেষ হ'ব ৪.৫০ মিনিটত। গ্ৰহণ দৃশ্যমান হ'ব ৭ মিনিট।
কোকৰাঝাৰ
গ্ৰহণ আৰম্ভ হ'ব বিয়লি ৪.৪৩ মিনিটত। গ্ৰহণ শেষ হ'ব ৪.৫২ মিনিটত। গ্ৰহণ দৃশ্যমান হ'ব ৮ মিনিট।
ধুবুৰী
গ্ৰহণ আৰম্ভ হ'ব বিয়লি ৪.৪৪ মিনিটত। গ্ৰহণ শেষ হ'ব ৪.৫৪ মিনিটত। গ্ৰহণ দৃশ্যমান হ'ব ৯ মিনিট।
গুৱাহাটী
গ্ৰহণ আৰম্ভ হ'ব বিয়লি ৪.৪৫ মিনিটত। গ্ৰহণ শেষ হ'ব ৪.৪৭ মিনিটত। গ্ৰহণ দৃশ্যমান হ'ব ১ মিনিট ৮ ছেকেণ্ড। অৰ্থাৎ গুৱাহাটীত সূৰ্যাস্তৰ সময়তেই আৰম্ভ হ'ব গ্ৰহণ।

উল্লেখ্য, চলিত বৰ্ষৰ এই শেষৰটো সূৰ্যগ্ৰহণৰ পিছতেই আছে আন এটা মহাজাগতিক পৰিঘটনা। ৮ নৱেম্বৰত হ'ব বছৰটোৰ শেষৰটো চন্দ্ৰগ্ৰহণ। যিটো আংশিকভাৱে দৃশ্যমান হ'ব।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি