দুৰ্ঘটনাত মৃত্যু হৈছিল পত্নী–কন্যাৰ, কেঞ্চাৰে কাঢ়ি নিছিল পুত্ৰক! তথাপি জীৱন যুদ্ধত হাৰি যোৱা নাছিল বাইডেন!

News18 Assam | News18-Assam
Updated:November 8, 2020, 10:16 AM IST
দুৰ্ঘটনাত মৃত্যু হৈছিল পত্নী–কন্যাৰ, কেঞ্চাৰে কাঢ়ি নিছিল পুত্ৰক! তথাপি জীৱন যুদ্ধত হাৰি যোৱা নাছিল বাইডেন!
বাইডেনৰ জীৱনে কয় তেওঁ জিকি আহিছে। জয় তেওঁৰ বাবেই অপেক্ষা কৰিছিল।

বাইডেনৰ জীৱনে কয় তেওঁ জিকি আহিছে। জয় তেওঁৰ বাবেই অপেক্ষা কৰিছিল।

  • Share this:
জোছেফ ৰবিনেট বাইডেন জুনিয়ৰ ওৰফে জো বাইডেন। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্রপতি নিৰ্বাচনত যিয়ে টেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হৈ যুঁজিছে ৰিপাব্লিকান পাৰ্টীৰ প্ৰাৰ্থী ড’নাল্ট ট্ৰাম্পৰ বিপক্ষে। যিগৰাকীয়ে প্ৰাক্তন ৰাষ্ট্রপতি বাৰাক ওবামাৰ সৈতে দুটা কাৰ্যকালৰ বাবে ছিনেটৰ হিচাপে দায়িত্ব পালন কৰিছিল। এইবাৰ ঐতিহাসিক জয়লাভ কৰিছে জো বাইডেনে। তেওঁৰ সৈতে ইতিহাস ৰচিলে কমলা হেৰিছে। তেওঁৰ জয়ত আনন্দিত সমগ্ৰ আমেৰিকাবাসী। শেষ মুহূৰ্তলৈ ট্ৰাম্পে দাবী কৰিছিল যে তেওঁ জিকিব। কিন্তু সেয়া নহ’ল।

বাৰাক ওবামায়ো অভিনন্দন জনাইছে নতুন ৰাষ্ট্রপতি আৰু উপ–ৰাষ্ট্রপতিক। কঠিন সময়ৰ সন্মুখীন হ’ব লাগিব বাইডেন। মহামাৰীৰ পৰিস্থিতিৰ পৰা আৰম্ভ কৰি ভাগি পৰা অৰ্থনীতি তুলি ধৰিব লাগিব বাইডেনে। আমেৰিকাবাসীৰ ভৰসা এতিয়া বাইডেন। কিন্তু কোন এই বাইডেন?

জো বাইডেনৰ জন্ম ১৯৪২ চনৰ ২০ নৱেম্বৰত পেনছিলভেনিয়া অংগৰাজ্যৰ স্ক্ৰানটনত হৈছিল। চাৰি ভাই–ভনীৰ মাজত ডাঙৰ আছিল বাইডেন। পিতৃ জোছেফ ৰবিনেট বাইডেন ছিনিয়ৰ আৰু আইৰিছ বংশোদ্ভূত মাতৃ কেথৰিন ইউজেনিয়া ফিনেগান। ডেলাওৱাৰ বিশ্ববিদ্যালয়ত ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন কৰিছিল বাইডেনে। পিছত গ্ৰহণ কৰে আইনৰ ডিগ্ৰী। ১৯৬৬ চনত ছিৰাকিউজ বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ত বাইডেনে নিলিয়া হাণ্টাৰক বিয়া কৰায়। তেওঁলোকৰ তিনি সন্তান। ১৯৭২ চনত বৰদিনৰ পূৰ্বে খ্ৰীষ্টমাছ ট্ৰী কিনিবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হয় পত্নী নিলিয়াৰ। বাইডেনৰ কন্যাৰো দুৰ্ঘটনাত মৃত্যু হয়। তাৰ পিছতে ভাঙি পৰিছিল বাইডেন। কেনেকৈ কি কৰিব ভাবিব পৰা নাছিল তেওঁ। তাৰ পিছতো পুনৰ থিয় হৈছিল বাইডেন। এজন যোদ্ধা এনেকুৱাই হয়। জীৱন যুদ্ধত কেতিয়াও হাৰ নামানে।

বাইডেনৰ সপোন আছিল ছিনেটৰ হোৱাৰ। ছিনেটৰ হোৱাৰ পিছত লক্ষ্য মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হোৱা। তেওঁ তেওঁৰ লক্ষ্যত অবিচল আছিল। নিলিয়াক হেৰুওৱাৰ এবছৰ পিছত ১৯৭৩ চনত বাইডেনে জিল ট্ৰেছি জেকবক বিয়া কৰায়। তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছে। ১৯৭০ চনত ডেলাওৱাৰৰ নিউ কেচেল কাউণ্টিৰ কাউন্সিলমেন নিৰ্বাচিত হয় বাইডেন। ৩০ বছৰ বয়সতে যুক্তাৰষ্ট্ৰৰ ছিনেটৰ হোৱাৰ সপোন পূৰণ হয় বাইডেনৰ। ১৯৭২ চনৰ নৱেম্বৰত তদানীন্তন জনপ্ৰিয় ৰিপাব্লিকান ছিনেটৰ ছেলেব বগছৰ বিৰুদ্ধে ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হৈছিল তেওঁ। মাত্ৰ ৩০ বছৰ বয়সতে তেওঁ যুক্তৰাষ্ট্ৰৰ ইতিহাসত আটাইতকৈ কম বয়সীয়া পঞ্চম ছিনেটৰ হিচাপে নিৰ্বাচিত হয়।

ডেলাওৱাৰৰ পৰা মুঠ ৬বাৰ ছিনেটৰ হিচাপে নিৰ্বাচিত হয় জো বাইডেন। ২০০৭ চনত পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হয়। সেইবাৰ বাৰাক ওবামা ৰাষ্ট্ৰপতি হয় আৰু ৰানিংমেট হিচাপে বাচি লয় বাইডেনক। ২০০৯ৰ পৰা ২০১৭ চনলৈ তেওঁ উপ–ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰে। ২০১৫ চনত পুনৰ আত্মীয়ক হেৰুৱায় বাইডেনে। মস্তিষ্কৰ কেঞ্চাৰত বৰপুত্ৰ বো বাইডেনৰ মৃত্যুত ভাঙি পৰে জো বাইডেন।

ব্যক্তিগত আৰু ৰাজনৈতিক জীৱনত নানা উত্থান–পতনৰ পিছত আকৌ নিজকে প্ৰস্তুত কৰি তোলে বাইডেনে। আৰু এইবাৰ আমেৰিকাৰ ৰাষ্ট্রপতি। বাইডেনৰ জীৱনে কয় তেওঁ জিকি আহিছে। জয় তেওঁৰ বাবেই অপেক্ষা কৰিছিল। আমেৰিকাৰ মছনদ তেওঁৰ দখলত। এক নতুন ইতিহাসৰ সাক্ষী হ’ল পৃথিৱী। বাইডেন হাৰি নোযোৱা যোদ্ধা। কঠিন পৰিস্থিতিৰ মুখামুখি হোৱা যোগ্য সৈনিক তেওঁ।
Published by: Sanjay Kumar Das
First published: November 8, 2020, 10:16 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading