ৰাণী, বাংলাদেশৰ চুটি–চাপৰ এটা গৰু। ইমানেই সৰু আৰু মৰমলগা যে ৰাণীক চাবলৈ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় ২০,০০০ লোক আহিছিল আৰু উঠিছিল ছেলফি। জনপ্ৰিয় হৈ উঠা ৰাণীৰ বাবে আহিছিল আন এটা বিশ্ব স্বীকৃতি। বিশ্বৰ সবাতোকৈ চুটি গৰু ৰূপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছে স্বীকৃতি দিয়ে ৰাণীক।
ৰাণীৰ গৰাকীয়ে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ পঠিয়াইছিল ৰাণীৰ নাম। কিন্তু এই খবৰ দিয়ালৈ ৰাণী এই পৃথিৱীত নাছিল। ৰাণীৰ মৃত্যুৰ এমাহ পিছতে এই স্বীকৃতি আহে। যোৱা ১৯ আগষ্টত পাকস্থGuinnessলীৰ কোনো ৰোগৰ বাবে মৃত্যুমুখত পৰে ৰাণী। ইয়াৰ এমাহ পিছত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছে নিজৰ ৱেবছাইটত ৰাণীক বিশ্বৰ সবাতোকৈ সৰু গৰু ৰূপে স্বীকৃতি দিয়ে।
এই সম্পৰ্কে ৰাণীৰ গৰাকী আবু চুফিয়ানক সোমবাৰে মেইলো কৰে। স্বীকৃতি পোৱাৰ পিছত ৰাণীৰ গৰাকী মহম্মদ আবু চুফিয়ানে স্বাভাৱিকতে সুখী বুলি উল্লেখ কৰি কয়– "এই খবৰটো জানি আমি অত্যন্ত সুখী। কিন্তু যদি ৰাণী জীয়াই থাকিলহেঁতেন, মই অধিক আনন্দ পালোঁহেঁতেন।''
অৱশ্যে চুফিয়ানে কৈছিল যে গিনিজ কৰ্তৃপক্ষই এই স্বীকৃতি সহজে দিয়া নাছিল। গিনিজ কৰ্তৃপক্ষই নিশ্চিত হ'ব বিচাৰিছিল যে ৰাণীৰ আকাৰ জন্মগতভাৱে এনেকুৱা আছিল নেকি। চুফিয়ানে কৈছিল, "ৰাণী মৃত্যুমুখত পৰাৰ আগেয়ে আমি আবেদন পঠিইছিলো, কিন্তু শেষত আমি ৰাণীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গিনিছ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছিলোঁ। যাতে ই প্ৰমাণ কৰিব পাৰে যে কৃত্ৰিমভাৱে ৰাণীৰ আকৃতি হ্ৰাস কৰা হোৱা নাই।''
১৯ আগষ্টত মৃত্যুবৰণ কৰা ৰাণীৰ বক্সাৰ ভুট্টি প্ৰজাতিৰ এটা গৰু আছিল। ওজন মাত্ৰ ২৮ কিলোগ্ৰাম আছিল আৰু ৫১ ছেঃমিঃ ওখ আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|