তালিবান শাসন ব্যৱস্থাক বিশ্বৰ বুকুত মান্যতা প্ৰদান কৰিবলৈ সকলোতকৈ বেছি চেষ্টা কৰা দেশখনেই হৈছে পাকিস্তান। যেতিয়া সমগ্ৰ বিশ্বই তালিবানৰ বিৰোধিতা কৰিছিল, তেতিয়াও তালিবানক সম্পূৰ্ণ সহায় কৰিছিল পাকিস্তানী চৰকাৰ তথা পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআয়ে। হাক্কানি নেটৱৰ্কৰ লগতে তালিবান চৰকাৰত গুৰুত্বপূৰ্ণ দায়িত্ব পোৱা তালিবানী উগ্ৰপন্থী গোটৰ বহু দুৰ্ধৰ্ষ নেতাক প্ৰশ্ৰয় দিছিল পাকিস্তানে।
শেহতীয়াভাৱে কেৱল পাকিস্তানী বায়ু সেনাৰ বাবেই পঞ্জশীৰ দখল কৰিবলৈ সক্ষম হৈছিল তালিবান। কিন্তু পাকিস্তানী চৰকাৰৰ তালিবানৰ এই দৰদৰ বিপৰীতে তালিবানক লৈ অসন্তুষ্ট পাকিস্তানৰ ৭৮ শতাংশ নাগৰিক। আপুনি শুনি আচৰিত হ'লেও এয়া সঁচা। ফ্ৰাণ্সৰ এটা সংস্থাই পাকিস্তানৰ প্ৰতিটো কোণৰ নাগৰিকক সামৰি কৰা সমীক্ষাত এয়া পোহৰলৈ আহিছে। Ipsos নামৰ সংস্থাটোৱে কৰা সমীক্ষাত পাকিস্তানৰ নাগৰিক শংকিত দেশত পুনৰ সন্ত্ৰাসবাদ আৰু নিচাজাতীয় সামগ্ৰীৰ উত্থানক লৈ।
হাক্কানি নেটৱৰ্কে পূৰ্বেও পাকিস্তানত ড্ৰাগছৰ এক বিশাল নেটৱৰ্ক চলাইছিল। এতিয়া সেই হাক্কানি নেটৱৰ্কৰ মুৰব্বী চিৰাজউদ্দিন হাক্কানি আফগানিস্তানৰ গৃহমন্ত্ৰী হোৱাৰ পিছতে পাকিস্তানৰ সাধাৰণ ৰাইজ শংকিত হৈ পৰিছে। দেশৰ ৪৭ শতাংশ নাগৰিকৰ মতে এতিয়া পাকিস্তানত সন্ত্ৰাসবাদ বৃদ্ধি পাব। ইপিনে দেশৰ ১৯ শতাংশ লোক শৰণাৰ্থী সমস্যাক লৈও শংকিত।
কাৰণ তালিবানৰ ভয়ত আফগানিস্তান এৰি অহা অধিকাংশ আফগানিস্তানীয়ে এতিয়া পাকিস্তানত আশ্ৰয় লোৱাৰ বাতৰি পোৱা গৈছে। ফলত প্ৰব্ৰজনে দেশখনৰ আৰ্থিক অৱস্থা আৰু অধিক দুৰ্বল কৰাৰ আশংকা প্ৰকাশ কৰিছে। ইপিনে ১৫ শতাংশ লোক শংকিত পাকিস্তানত অবৈধ অস্ত্ৰ-শস্ত্ৰৰ মুকলি বজাৰক লৈ। অবৈধ অস্ত্ৰ-শস্ত্ৰৰ মুকলি বেহাৰ বাবেই দেশত বৃদ্ধি পাইছে অপৰাধজনিত আৰু সন্ত্ৰাসজনিত কাৰ্যকলাপ।
বিশ্বৰ অধিকাংশ দেশৰ লোকে ভবাৰ দৰে পাকিস্তানৰ সাধাৰণ জনতা কিন্তু সন্ত্ৰাসবাদৰ সমৰ্থক নহয়। অধিকাংশ লোকেই পাকিস্তানত শান্তিত বাস কৰিব বিচাৰে যিটো বিগত সময়ছোৱাত কেৱল সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে সম্ভৱ হৈ উঠা নাই। অৱশ্যে ইয়াৰ বিপৰীতে দেশৰ ১২ শতাংশ গোড়া ধৰ্মালম্বী লোক তালিবানৰ বিজয়ত আনন্দিত। তেওঁলোকৰ মতে তালিবানৰ শাসনৰ বাবে ইছলাম ধৰ্মৰ প্ৰচাৰত সুবিধা হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|