আপুনি জানিবলগীয়া ড’নাল্ড ট্ৰাম্প–নৰেন্দ্ৰ মোদীৰ বৈঠকৰ ৫টা সৰ্ববৃহৎ দিশ

News18 Assam | News18-Assam
Updated:February 22, 2020, 1:44 PM IST
আপুনি জানিবলগীয়া ড’নাল্ড ট্ৰাম্প–নৰেন্দ্ৰ মোদীৰ বৈঠকৰ ৫টা সৰ্ববৃহৎ দিশ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰথম ভাৰত ভ্ৰমণৰ ৫টা অতি গুৰুত্বপূৰ্ণ দিশ। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰথম ভাৰত ভ্ৰমণৰ ৫টা অতি গুৰুত্বপূৰ্ণ দিশ। 

  • Share this:
সপ্তাহান্তিকত যেতিয়া আপুনি শুই থাকিব বা ফুৰিবলৈ কোনো ঠাইলৈ যাব তেতিয়া এটা সৰু কৰ্মীদলে বিশ্বৰ দুই শক্তিশালী নেতাৰ বৈঠক যাতে সুকলমে সম্পন্ন হয় তাৰ কাৰণে ২৪/৭ কাম কৰিব। ইয়াত কেৱল গুজৰাটত ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব’ৰ আয়োজনত ব্যস্ত সহস্ৰাধিক চৰকাৰী কৰ্মচাৰী অথবা নিৰাপত্তাৰ দিশ তন্ন তন্নকৈ পৰীক্ষা কৰা সুৰক্ষা কৰ্মীয়ে নাই। ব্যৱসায়ী, প্ৰতিৰক্ষা বিশেষজ্ঞ, কূটনীতিবিদ, ৰাজনৈতিক নেতা, চোৰাংচোৱা বিষয়া সকলোৱে শেষ মুহূৰ্তলৈ সষ্টম হৈ থাকিব যেতিয়ালৈকে এয়াৰ ফৰ্চ ৱানৰ হেলিকপ্তাৰখনে ভূমি স্পৰ্শ কৰে।

১.বেকষ্টেজঃএখন সঠিক বৈঠকৰ সকলো খুটি–নাটি

সোমবাৰে আহমেদাবাদত ৰাষ্ট্ৰপতি ট্ৰাম্পে অৱতৰণ কৰাৰ বহু পূৰ্বে আমেৰিকাৰ শতাধিক চোৰাংচোৱা সেৱাৰ সদস্যই ভাৰতৰ চোৰাংচোৱা সংস্থা আৰু বিশেষ নিৰাপত্তা গোটৰ সৈতে মিলি এই বৈঠকৰ নিৰাপত্তাৰ প্ৰতিটো দিশ তদাৰক কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বৈঠক যাতে সফলভাৱে সম্পন্ন হয় তাৰ কাৰণে সকলো দিশ চোৱা হৈছে। লাখ লাখ মানুহৰ সন্মুখলৈ অহাৰ সময়ত যাতে মুষ্টিমেয় আৰক্ষীয়ে অকণো সমস্যাৰ সন্মুখীন নহয় তাৰ কাৰণে সকলো দিশতে তৎপৰতা অব্যাহত। বিশেষভাৱে সজাই তোলা বয়িং ৭৪৭ত ভ্ৰমণ কৰিব ট্ৰাম্পে। ট্ৰাম্পৰ সৈতে আহিব তেওঁৰ ব্যক্তিগত বাহন যাৰ আছে বিস্ফোৰক প্ৰতিৰোধী ক্ষমতা। লগতে তেওঁ আনিব অতিশয় গোপনীয় যোগাযোগৰ সঁজুলী যাৰ জৰিয়তে তেওঁ আমেৰিকাৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ ভাণ্ডাৰো ৰিম’টৰ সহায়ত উৎক্ষেপণ কৰিব পাৰে।

সোমবাৰে আৰু মঙলবাৰে আমি এই সৰ্বজনচৰ্চিত হাই প্ৰফাইল বৈঠক সফল কৰিবলৈ পশ্চাৎত থাকি কাম কৰাসকলৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। চোৰাংচোৱা আৰু সেৱাত নিবৃত কৰ্মীসকল আৰু কূটনীতিবিদসকল ইয়াৰ ভিতৰত অন্যতম।

২.অৰ্থনীতিঃঅৰ্থনৈতিক সহযোগীতাৰ চুক্তিৰ ক্ষেত্ৰত বুজাবুজিৰ প্ৰত্যাশা

ভাৰত–আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কৰ পশ্চাৎ ক্ষেত্ৰৰ অন্যতম ৰাজহাড় হৈছে অৰ্থনীতি। ১৯৮০চনৰ পৰা এই সম্পৰ্কৰ পাতনি মেলাৰ পিছৰে পৰা অৰ্থনীতিয়ে দুয়োখন ৰাষ্ট্ৰৰ সম্পৰ্কৰ চালিকা শক্তিৰূপে পৰিগণিত হৈ আহিছে। কিন্তু শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰক্ষণশীলতা আৰু ভাৰতৰ অৰ্থনীতিৰ মন্থৰ গতিৰ কাৰণে এই ক্ষেত্ৰখনত সৃষ্টি হৈছে প্ৰশ্নবোধকৰ।

বেয়া খবৰটো হৈছে বহুতেই আশা কৰা ধৰণে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই সীমিত মুক্ত ব্যৱসায়িক চুক্তি স্বাক্ষৰ নকৰে। দুয়োখন ৰাষ্ট্ৰই ইয়াৰ পৰিৱৰ্তে কিছু ডাঙৰ দিশত কাম কৰিবলৈ আগবাঢ়িছে। এক সম্পৃক্ত অৰ্থনৈতিক সহযোগীতাৰ চুক্তিক লৈ কাম কৰিব দুয়োখন ৰাষ্ট্ৰই। ইয়াৰ দ্বাৰা কেৱল সামগ্ৰীৰ ‘ডিউটি–ফ্ৰী’ ব্যৱসায়ে নহয় লগতে পেছাদাৰী সকলৰ আহ–যাহ আৰু সহজ বিনিয়োগৰ বাটো মুকলি হ’ব। এই চুক্তি কাৰ্যকৰী হওতে সময় লাগিব পাৰে কাৰণ ইয়াত যথেষ্ট জটিলতা আছে কিন্তু যেতিয়া এই কাৰ্য সম্পন্ন হ’ব তেতিয়া ই এক ভৱিষ্যৎ নিৰ্মাণকাৰী চুক্তিলৈ পৰিণত হ’ব।

৩.প্ৰতিৰক্ষাঃ৮–১০ৰ পৰা ডাঙৰ চুক্তি সম্পন্ন হ’ব পাৰে, ভাৰত–আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহযোগীতা বৃদ্ধি পাব পাৰে

২০০০ৰ আৰম্ভনিৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ প্ৰতিৰক্ষা যোগানকাৰী। এই ভ্ৰমণৰ জৰিয়তে ৮–১০টা গুৰুত্বপূৰ্ণ এনে ক্ৰয় সম্পন্ন হ’ব যাৰ আনুমানিক মূল্য প্ৰায় ১০বিলিয়ন ডলাৰ। ইয়াৰ ভিতৰত আছে, ২.৬বিলিয়ন ডলাৰৰে ক্ৰয় কৰিবলগীয়া নৌসেনাৰ ২৪খন MH60 হেলিকপ্তাৰ, ৬খন AH64E আপাচে যুঁজাৰু হেলিকপ্তাৰ যাৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ৭৯৫মিলিয়ন ডলাৰ।

ইয়াৰ জৰিয়তে নিৰাপত্তাত ব্যৱহৃত তিনি তৰপীয়া ৰিঙৰ বায়ু সেনাৰ NASAMS প্ৰতিৰক্ষা ব্যৱস্থা আৰু P8I দূৰৱৰ্তী সাগৰীয় নিৰীক্ষণকাৰী বিমানো এই ক্ৰয়ৰ অংশ হ’ব।

আমেৰিকা যুক্তৰাষ্ট্ৰই লগতে ভাৰতক F21 যুঁজাৰু বিমান ক্ৰয় কৰিবলৈ উদ্গনি দিব পাৰে। সম্পৰ্কত কিছু সমস্যা থকাৰ কাৰণে নতুন দিল্লীয়ে আশা কৰা ধৰণে আমেৰিকা যুক্তৰাষ্ট্ৰই দেশৰ নিজা প্ৰতিৰক্ষা উদ্যোগৰ অংশ হ’বলৈ ইচ্ছুক নহ’ব, আনহাতে নতুন দিল্লীয়ে ৰাছিয়াৰ পৰা S-400 বিমান ক্ৰয় কৰাক লৈ ৱাশ্চিংটন ৰোষত আছে।

অৱশ্যে দুয়োপক্ষই আগৰ তিক্ততা পাহৰি একত্ৰিত হ’বলৈ আগবাঢ়িছে আৰু ইয়াৰ জৰিয়তে এছিয়াৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত এক যুগান্তকাৰী দিশৰ উন্মোচন হ’ব পাৰে।

৪.মোদী আৰু ট্ৰাম্পে কাশ্মীৰ, আফগানিস্তান আৰু পাকিস্তানৰ বিষয়ত মধ্যৱৰ্তী সমাধান সূত্ৰ উলিয়াব পাৰিবনে?

যোৱা মাহত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নতুন দিল্লীৰ কূটনৈতিক কৌশলক লৈ টিপ্পনী কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। তেওঁ কৈছিল যে তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সৈতে সীমান্ত বিবাদ আৰু কাশ্মীৰ সমস্যাক লৈ ভৱিষ্যত কাৰ্যপন্থা আলোচনা কৰি আছে।

ট্ৰাম্পে ইয়াৰ আগতেও কাশ্মীৰ সমস্যাত মধ্যস্থতা কৰিবলৈ প্ৰস্তাৱ আগবঢ়াই নতুন দিল্লীক বিতুষ্ট কৰিছিল।

ভাৰতৰ কাৰণে এই সকলোবোৰ ভাৰতৰ বিৰুদ্ধে পাকিস্তানী সেনাই জেহাদী অপশক্তিক অধিক জোৰদাৰ কৰাৰ অপচেষ্টা। বন্ধ কোঠাৰ দুৱাৰৰ ভিতৰত দুয়োজন নেতাই এই জটিল ভৌগলিক–ৰাজনৈতিক নিমিলা অংক মিলাবলৈ চেষ্টা কৰাৰ সম্ভাৱনা।

৫.ভাৰত–আমেৰিকাৰ সম্পৰ্কক সৱল কৰা সাধাৰণ ভাৰতীয় যাৰ কাৰণে এই সন্মিলনখন জৰুৰী

১৯শতিকাৰ শেষৰ ফালে যেতিয়া কৃষিক্ষেত্ৰত কাম কৰিবলৈ ভাৰতীয় প্ৰৱজনকাৰীয়ে প্ৰথম আমেৰিকা যুক্তৰাষ্ট্ৰত ভৰি থৈছিল তেতিয়া তেওঁলোকে এটাই সপোন দেখিছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰত তেওঁলোকে এটা উন্নত জীৱন লাভ কৰিব। আজি আমেৰিকাত বাস কৰা প্ৰৱাসী ভাৰতীয়সকল ক’ত থিয় হৈ আছে সেয়া হয়তো সেয়া তেওঁলোকে কল্পনাও কৰিব পৰা নাছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰত মেক্সিকানসকলৰ পিছত বৰ্তমান ভাৰতীয় সকল হৈছে দ্বিতীয় সৰ্ববৃহৎ নৃ–গোষ্ঠী। ভাৰতীয়সকলে আমেৰিকা যুক্তৰাষ্ট্ৰত ক্ষমতা, চৰকাৰ, শিক্ষা আৰু ৰাজনীতিত শক্তিশালী স্থিতি অৰ্জন কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জন্ম গ্ৰহণ কৰা জন্মসূত্ৰে আমেৰিকান ভাৰতীয়সকলে দেশৰ ১শতাংশ জনসংখ্যাক প্ৰতিনিধিত্ব কৰে। প্ৰত্যক্ষ নিৰ্বাচনী গুৰুত্ব লাভ কৰিব পৰাকৈ এই সংখ্যা কম হ’ব পাৰে কিন্তু তেওঁলোকৰ প্ৰভাৱ অনস্বীকাৰ্য আৰু অতি সুদূৰ প্ৰসাৰী। ভাৰত–আমেৰিকাৰ সম্পৰ্কই বিগত সময়ত নানান সমস্যাৰ সৈতে যুঁজিলেও ভাৰতীয়সকলে এই সম্পৰ্ক যাতে উন্নত হয় তাৰ কাৰণে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।

এতিয়া সেই একেটা গোষ্ঠীয়ে ভিজাৰ পৰা ৰাষ্ট্ৰীয়তাবাদলৈকে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই সমাৱেশৰ পৰা তেওঁলোকে সমস্যাসমূহ দূৰ হৈ কিছু ভাল খবৰ পোৱাৰ হেঁপাহ পুহি ৰাখিছে।

(ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ অহৰহ খবৰ পাব News18ত)

(প্ৰবীন স্বামীৰ লেখাৰ পৰা অনুপ্ৰাণিত)
আৰু চাওক
পৰৱৰ্তী বাতৰি