কোৰোনাক অতিক্ৰমি অনুষ্ঠিত হ'বলৈ গৈ আছে ইউৰোপৰ বিশ্বকাপসদৃশ ফুটবলৰ মহাৰণ ইউৰো কাপ। কিছু সময় পিছতে নিশা ১২.৩০ বজাত (ভাৰতীয় সময় মতে) অনুষ্ঠিত হ'ব গ্ৰুপ 'এ'ৰ ইটালী আৰু তুৰস্কৰ মাজত এই খেল। ইটালী–তুৰস্কৰ লগতে এই ইউৰো কাপৰ যুঁজত থাকিব শীৰ্ষস্থানীয় জাৰ্মানী, ফ্ৰান্স, পৰ্তুগাল, ছুইজাৰলেন্ড, স্পেইন, পোলেন্ড, ইউক্ৰেইন, ছুইডেন, নেডাৰলেন্ড, ৰাছিয়া, ইংলেণ্ড, ক্ৰোৱেছিয়া, হাংগেৰী, বেলজিয়াম আৰু ডেনমাৰ্কৰ উপৰি আন ৭খন দেশ।
উল্লেখ্য ২০২০ বৰ্ষত কোৰোণাৰ বাবে আন ক্ৰীড়াৰ দৰে পিছুৱাই দিয়া হৈছিল ইউৰো কাপ। এতিয়া কোৰোণাক অতিক্ৰমি এই প্ৰতিযোগিতাখন পুনৰ আৰম্ভ হ’বলৈ আগবাঢ়িছে। ইউৰো কাপ চেম্পিয়নশ্বিপৰ বাবে ৰণাংগনত নামিবলৈ ইতিমধ্যে সাজু হৈছে ইউৰোপৰ শক্তিশালী ২৪খন দেশ।
উল্লেখ্য, পূৰ্বতকৈ ব্যতিক্ৰম হ’ব এইবাৰৰ ইউৰো কাপ। প্ৰতিযোগিতাখন এইবাৰ কেইবাখনো দেশত অনুষ্ঠিত হ'ব। পোন প্ৰথমবাৰৰ বাবে এইবাৰ ১১ খন দেশে একেলগে ইউৰো কাপ অনুষ্ঠিত কৰিব। এই ১১খন দেশ হৈছে আজাৰবাইজান, ডেনমাৰ্ক, ইংলেণ্ড, জাৰ্মানী, হাংগেৰী, ইটালী, নেদাৰলেণ্ড, ৰোমানিয়া, ৰাছিয়া, স্কটলেণ্ড আৰু স্পেইন। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব ১১ জুলাইত লণ্ডনত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|