তিব্বতীয় আধ্যাত্মিক নেতা দালাই লামাই এখন শান্তিপূৰ্ণ পৃথিৱী স্থাপনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে মানুহে অস্ত্ৰ-শস্ত্ৰৰ বাবে যথেষ্ট ধন ব্যয় কৰিছে, যিটো সম্পূৰ্ণ ভুল। ধৰ্মশালাত অনুষ্ঠিত 'এছইই লাৰ্ণিং: এ ৱৰ্ল্ডৱাইড ইনিচিয়েটিভ ফৰ এডুকেটিং দা হাৰ্ট এণ্ড মাইণ্ড' শীৰ্ষক দুদিনীয়া সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ দি দালাই লামাই কয় যে প্ৰকৃত সহানুভূতি হৈছে নিজকে সুৰক্ষিত কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ অস্ত্ৰ। এই সন্মিলনখন দালাই লামা ট্ৰাষ্ট আৰু এমোৰী বিশ্ববিদ্যালয়স্থিত তুলনামূলক বিজ্ঞান আৰু সহানুভূতি-আধাৰিত নৈতিকতা কেন্দ্ৰৰ দ্বাৰা যুটীয়াভাৱে আয়োজন কৰা হৈছে।
"মানুহে অস্ত্ৰ-শস্ত্ৰৰ বাবে যথেষ্ট ধন ব্যয় কৰিছে আৰু সেয়া সম্পূৰ্ণ ভুল। আমি এখন শান্তিপূৰ্ণ পৃথিৱী, এক সহানুভূতিশীল পৃথিৱী স্থাপন কৰাৰ বিষয়ে চিন্তা কৰিব লাগিব।"- দালাই লামাই সন্মিলনত সমবেত হোৱা লোকসকলক এইদৰে কয়।
বিশ্ব শান্তিৰ ওপৰত দালাই লামাই এইটো ডাঙৰ কথা কয়-দালাই লামাই কয় যে প্ৰকৃত সহানুভূতি হৈছে নিজকে সুৰক্ষিত কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ অস্ত্ৰ। সকলোৱে বিশ্ব শান্তিৰ কথা কয়, কিন্তু বিশ্ব শান্তি আকাশৰ পৰা নাহে। প্ৰকৃত সহানুভূতি হৈছে বিশ্ব শান্তি, পাৰিবাৰিক শান্তি আৰু সামূহিক শান্তিৰ আধাৰ।
মন কৰিবলগীয়া যে, দলাই লামাক শান্তিৰ নবেল বঁটা প্ৰদানৰ ৩৩ তম বাৰ্ষিকী উপলক্ষে সন্মিলনৰ উদ্বোধনী অধিৱেশন অনুষ্ঠিত হৈছিল।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|