মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»PNB Scam: ডমিনিকাত গ্ৰেপ্তাৰ হ’ল দুবছৰে পলাতক হৈ থকা মেহুল চৌকছী, শীঘ্ৰে ভাৰতলৈ অনাৰ প্ৰস্তুতি

PNB Scam: ডমিনিকাত গ্ৰেপ্তাৰ হ’ল দুবছৰে পলাতক হৈ থকা মেহুল চৌকছী, শীঘ্ৰে ভাৰতলৈ অনাৰ প্ৰস্তুতি

News18 Assam | News18-Assam
Updated:May 27, 2021, 9:01 AM IST
PNB Scam: ডমিনিকাত গ্ৰেপ্তাৰ হ’ল দুবছৰে পলাতক হৈ থকা মেহুল চৌকছী, শীঘ্ৰে ভাৰতলৈ অনাৰ প্ৰস্তুতি
চিবিআইৰ সূত্ৰ মতে, মেহুল চৌকছীক শীঘ্ৰে ভাৰতলৈ অনা হ’ব পাৰে। ইয়াৰ বাবে সকলো ধৰণৰ কাম আৰম্ভ কৰা হৈছে।

চিবিআইৰ সূত্ৰ মতে, মেহুল চৌকছীক শীঘ্ৰে ভাৰতলৈ অনা হ’ব পাৰে। ইয়াৰ বাবে সকলো ধৰণৰ কাম আৰম্ভ কৰা হৈছে।

  • Share this:
পিএনবি কেলেংকাৰীৰ গোচৰত বিগত দুবছৰ ধৰি পলাই থকা অভিযুক্ত মেহুল চৌকছী (Mehul Choksi)ক অৱশেষত ডমিনিকা (Dominica)ৰ পৰা চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে। মেহুল চৌকছী কিছুদিন পূৰ্বে হঠাৎ এণ্টিগুৱাৰ পৰা নিখোজ হৈছিল। উল্লেখযোগ্য যে মেহুল চৌকছীক কেৰিবিয়ান দেশ ডমিনিকাত দেখা গৈছিল। ইয়াৰ পিছতে ডমিনিকা আইলেণ্ড আৰক্ষীয়ে তেওঁক জিম্মাত লয় আৰু কেইবাঘণ্টা সোধা–পোছাৰ অন্তত পুনৰ এণ্টিগুৱালৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাইছে। ইয়াৰ বাবে ইণ্টাৰপ’লৰো সহায় লোৱা হৈছে।

চিবিআইৰ সূত্ৰ মতে, মেহুল চৌকছীক শীঘ্ৰে ভাৰতলৈ অনা হ’ব পাৰে। ইয়াৰ বাবে সকলো ধৰণৰ কাম আৰম্ভ কৰা হৈছে। এই বিশেষ অভিযানৰ বাবে চিবিআইৰ দল ইণ্টাৰপ’ল আৰু ভাৰতীয় বিদেশ মন্ত্ৰণালয়ৰ বিষয়াসহ চোৰাংচোৱা সংস্থাৰ বিষয়াৰ সৈতে সম্পৰ্কত আছে।

উল্লেখযোগ্য যে বিগত দেওবাৰে অৰ্থাৎ ২৩ মে’ত মেহুল চৌকছীক সন্ধিয়া গাড়ীৰ পৰা নমা দেখা গৈছিল, কেন্তু কিছু সময় পিছতে তেওঁৰ গাড়ীখন পৰিত্যক্ত অৱস্থাত পোৱা গৈছিল। ইয়াৰ পিছতে তেওঁৰ পৰিয়াল আৰু মেহুল চৌকছীৰ ভাৰতস্থিত অধিবক্তা বিজয় আগৰৱালৰ দ্বাৰা সংবাদ মাধ্যমৰ লগতে আন এজেন্সীক কয় যে তেওঁ এণ্টিগুৱাৰ পৰা নিখোজ হৈছে।

এই ঘটনাৰ পিছত তাৰ ৰয়েল পুলিচ ফ’ৰ্চে তেওঁক বিচাৰি অভিযান আৰম্ভ কৰে। এণ্টিগুৱাৰ জলী হাৰ্বাৰ অঞ্চলত ভাৰতৰ পৰা পলায়ন কৰা ব্যৱসায়ী মেহুল চৌকছীয়ে বিগত দীৰ্ঘ সময় ধৰি বাস কৰিছিল। ২০১৮ চনত মেহুল চৌকছীয়ে ভাৰত এৰি পলায়ন কৰিছিল। তাৰ পিছৰে পৰা দেশৰ তদন্তকাৰী সংস্থা চিবিআই আৰু ই ডিৰ দলে তেওঁক ভাৰতলৈ প্ৰত্যৱৰ্তন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে পঞ্জাব নেচনেল বেংকৰ সৈতে ১৩,৫০০ কোটি টকাৰ প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত চৌকছী। তেওঁৰ বিৰুদ্ধে ইণ্টাৰপ’লেও ৰেড কৰ্ণাৰ নটিচ জাৰি কৰিছে।
চৌকছীৰ অধিবক্তাই দাবী কৰে যে তেওঁ এণ্টিগুৱাৰ নাগৰিক। গতিকে তেওঁ তাৰ সকলো লোকক সাক্ষাৎ কৰাৰ অধিকাৰ আছে। উল্লেখযোগ্য যে কেৰিবিয়ান দেশ এণ্টিগুৱাৰ কাষতে আছে ডমিনিকা য’ত মেহুল চৌকছীক গ্ৰেপ্তাৰ কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: May 27, 2021, 9:01 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি