থাইলেণ্ডত নাই কোৰোণাৰ সন্ত্ৰাস, পিছে কাৰণ কি জানেনে? ২০০৩ চনৰ পৰাই থাই সকলে মানি আহিছে বিশেষ নিয়ম

News18 Assam | News18-Assam
Updated:July 20, 2020, 6:57 PM IST
থাইলেণ্ডত নাই কোৰোণাৰ সন্ত্ৰাস, পিছে কাৰণ কি জানেনে? ২০০৩ চনৰ পৰাই থাই সকলে মানি আহিছে বিশেষ নিয়ম
Source-Google

থাই সংস্কৃতিত অতীজৰে পৰা প্ৰচলিত সামাজিক দূৰত্বৰ বিধানে দক্ষিণ-পূব এছিয়াৰ দেশখনত পৰাভূত হৈছে কোৰোণা।- এই দাবী থাইলেণ্ডৰ জনস্বাস্থ্য মন্ত্ৰণালয় মুখপাত্ৰ ডা০ তাৱেচীন বিশানুয়’থিনৰ।

  • Share this:
থাই সংস্কৃতিত অতীজৰে পৰা প্ৰচলিত সামাজিক দূৰত্ব মানি চলা পৰম্পৰাৰ বাবে দক্ষিণ-পূব এছিয়াৰ দেশখনত পৰাভূত হৈছে কোৰোণা।- এই দাবী থাইলেণ্ডৰ জনস্বাস্থ্য মন্ত্ৰণালয় মুখপাত্ৰ ডা০ তাৱেচীন বিশানুয়’থিনৰ। সংবাদমাধ্যমৰ আগত মুখপাত্ৰগৰাকীয়ে কয় যে, ‘থাই লোক সকলৰ বংশানুক্ৰমে ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক হাৰত থকাৰ কথাটো ভিত্তিহীন। তাৰ পৰিৱৰ্তে থাইসকলে শৰীৰ স্পৰ্শ নকৰি অভিবাদন জনোৱাৰ পৰম্পৰাইহে এই ক্ষেত্ৰত সহায় কৰিছে।

তেওঁ লগতে কয় –মেকং অঞ্চলৰ সকলো লোকেই তেনেদৰে অভিবাদন জনায়। যাৰ ফলত  দেশখনত কোৰোণাত আক্রান্তৰ সংখ্যা তুলনামূলকভাৱে কম। বেংককৰ আন এজন জনস্বাস্থ্য বিশেষজ্ঞ ‘Chulalongkorn University’ৰ ডা০ উইপুট ফুলচেৰানে বিশানুয়’থিনৰ মন্তব্যক সমৰ্থন কৰি  থাইলেণ্ডত কোৰোণা আক্ৰান্তৰ হোৱা ৯০ শতাংশ লোকেই উপসৰ্গবিহীন বুলি দাবী কৰে।

বেংকক নিবাসী প্ৰবাসী অসমীয়া ৰাহুল ভাৰ্গৱ কৌশিক বৰঠাকুৰে আজি News18ৰ সৈতে হোৱা আছুতীয়া সাক্ষাত্‍কাৰত কয় যে, ‘থাই ৱাই’, ভাৰতৰ নমস্কাৰ সদৃশ আৰু থাইলেণ্ডৰ লোকৰ দৈনন্দিন জীৱন শৈলীত শাৰীৰিক দূৰত্ব বজাই ৰখাৰ পৰম্পৰা অসমতকৈ বৰ বেছি পৃথক নহয়। তেওঁ লগতে কয় – এই পৰম্পৰাই নিঃসন্দেহে ভূমিকা পালন কৰিছে কিন্তু থাইলেণ্ডৰ সামগ্ৰিক সামাজিক-সাংস্কৃতিক পৰিকাঠামোৱে কোৰোণাক পৰাভূত কৰিছে।

তেওঁৰ মতে, থাই সমাজত জ্যেষ্ঠজনৰ কথা শুনাৰ পৰম্পৰাই মহামাৰীৰ বিৰুদ্ধে যুদ্ধখন শক্তিশালী কৰিছে আৰু ২০০৩ চনৰ SARS মহামাৰীৰ সময়ৰ পৰাই  থাই সকলে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ কাৰ্য প্ৰয়োজন সাপেক্ষে চলাই আহিছে। ৰাজনৈতিক নেতাৰ স্থানীয় প্ৰশাসনৰ পদক্ষেপত কোনো হস্তক্ষেপ নকৰাৰ এক পৰিবেশেও সহায় কৰিছে বুলি ক’ব খোজে বৰঠাকুৰে ।

উল্লেখযোগ্য যে, মেকং নদীৰ অৱবাহিকা দেশ গোটেই কেইখনত তুলনামূলকভাৱে কোৰোণাত আক্রান্ত লোকৰ সংখ্যা কম। উদাহৰণস্বৰূপে ৭ কোটি লোকৰ দেশ থাইলেণ্ডত আক্ৰান্তৰ সংখ্যা মাথো ৩,২৫০ জন। ভিয়েটনামত ৩৮৪ জন, কম্বোডিয়াত ১৭১ জন, ম্যানমাৰত ৩৩৬ জন আৰু লাওচত ১৯ জন। বৰঞ্চ মেকঙৰ পাৰৰ দক্ষিণ-পশ্চিম চীনৰ য়ুন্নান ৰাজ্যতো আক্রান্তৰ সংখ্যা ১৯০ জন ।
Published by: Himangshu Bhuyan
First published: July 20, 2020, 6:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading