কৰোনা মহামাৰীয়ে (Corona Pendemic) সমগ্ৰ পৃথিৱীতেই হাহাকাৰ লগাইছে। ৰোগীৰ চিকিৎসাৰ বাবে দেশবোৰত ৰাতি ভিতৰতে কোভিড চিকিৎসালয় দ্ৰুতগতিৰে স্থাপন কৰা হৈছে। বহুতো দেশত ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰি হোটেল, বিবাহ ভৱন আদিও কোভিড কেন্দ্ৰ (Covid Centres)লৈ ৰূপান্তৰিত কৰা হৈছিল। ইয়াৰ উপৰি চীন-ভাৰতকে ধৰি বহুতো দেশে দ্ৰুততাৰে কোভিড চিকিৎসালয় নিৰ্মাণো কৰে। কিন্তু লাহে লাহে যেতিয়া কোভিডৰ সংকেৰমণ কমি আহিছে কোভিড কেন্দ্ৰবোৰত চিকিৎসাৰ পৰিৱৰ্তে, আন কেতবোৰ অসামাজিক কাৰ্য়কলাপহে ঘটি থকা যেন লাগিছে।
থাইলেণ্ডত যেন এনে অসামাজিক কাৰ্যই সীমা চেৰাই গ'ল। থাইলেণ্ডৰ কোভিড চেণ্টাৰ এতিয়া যেন অশ্লীলতাৰ কেন্দ্ৰলৈ পৰিৱৰ্তন হৈছে। দেশখনৰ একাংশ কোভিড চেণ্টাৰত কিছু ৰোগীয়ে ড্ৰাগছ সেৱনৰ পৰা আৰম্ভ কৰি গ্ৰুপ ছেক্সলৈকে নানা অশ্লীল কাৰ্যত লিপ্ত হোৱাৰ বাতৰি আহিছে কোভিড কেন্দ্ৰসমূহৰ পৰা। কোভিডৰ সংক্ৰমণ শীৰ্ষ পৰ্যায়ত থকাৰ সময়ত নিৰ্মাণ হোৱা অস্থআয়ী কোভিড হাস্পতালসমূহত এতিয়া ৰোগীয়ে যৌনতাৰ পোহাৰ মেলিছে। ইমানেই নহয় ৰোগীৰ মাজত মাৰপিট পৰ্যন্ত হোৱাৰ খবৰ আহিছে এই কেন্দ্ৰসমূহৰ পৰা।
খবৰ মতে এনে বহু হাস্পতালত আৰক্ষীয়ে ৰেইড মাৰিছে। PPE কিট পিন্ধি থাইলেণ্ডৰ ইণ্টাৰনেল অপাৰেচন কমাণ্ডৰ দলে অভিযান চলাইছে এইনে কোভিড কেন্দ্ৰসমূহত। কেইবাটাও কেন্দ্ৰত হাজাৰৰ অধিক ৰোগীক সোধাপোছা কৰিছে অভিযানকাৰী দলে। এই কেন্দ্ৰবোৰত বুজন পৰিমাণত চিগাৰেট আৰু হোকা জব্দ কৰিছে। অৱশ্যে খবৰ মতে ড্ৰাগছ জব্দ হোৱা নাই। CCTV ভিজুৱেলত ধৰা পৰিছে পুৰুষ আৰু মহিলা ৰোগীয়ে পুৰুষ আৰু মহিলা ৱাৰ্ডলৈ অহা-যোৱা কৰা দৃশ্য।
উল্লেখ্য যে থাইলেণ্ডত প্ৰতিদিনে প্ৰায় ১৮-১৯ হাজাৰ নতুন কোৰোণা সংক্ৰমণ ঘটনা হৈ আছে। যেতিয়া দেশখনত কোৰোণাৰ সংক্ৰমণ শীৰ্ষ বিন্দুত আছিল তেতিয়া বেংকক বিমানন্দৰৰ ৱেৰহাউছটোক ১৮০০ বিছনাযুক্ত কোভিড হাস্পতাললৈ ৰূপান্তৰ কৰা হৈছিল। এতিয়া এই কোভিড হাস্পতালখনৰ পৰাও আহিছে এনে অশ্লীল কাণ্ডৰ অভিযোগ।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 29, 2021, 11:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।