মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »ডকাইতি কৰিবলৈ আহি গৃহস্থৰ জীয়ৰীৰ বিচনাতে শুই পৰিল ডকাইত! তাৰ পিছত ঘটিল আমোদজনক ঘটনা...

ডকাইতি কৰিবলৈ আহি গৃহস্থৰ জীয়ৰীৰ বিচনাতে শুই পৰিল ডকাইত! তাৰ পিছত ঘটিল আমোদজনক ঘটনা...

যাৰ ঘৰলৈ ডকাইত কৰিবলৈ আহিছিল, বিচনা দেখি সেইঘৰতে শুই থাকিল ডকাইত!

যাৰ ঘৰলৈ ডকাইত কৰিবলৈ আহিছিল, বিচনা দেখি সেইঘৰতে শুই থাকিল ডকাইত!

যাৰ ঘৰলৈ ডকাইত কৰিবলৈ আহিছিল, বিচনা দেখি সেইঘৰতে শুই থাকিল ডকাইত!

  • Share this:
কি যে নঘটে! আচৰিত ঘটনা! যাৰ ঘৰলৈ ডকাইত কৰিবলৈ আহিছিল, বিচনা দেখি সেইঘৰতে শুই থাকিল ডকাইত! এই ঘটনাটো সংঘটিত হৈছে থাইলেণ্ডত।

থাইলেণ্ডৰ এটা স্থানীয় নিউজ প্ৰকাশন গোষ্ঠীৰ খবৰ অনুসৰি, এই অদ্ভুত ঘটনাটো সংঘটিত হৈছে যোৱা মাৰ্চ মাহৰ ২২ তাৰিখে। Phetchabun চেণ্ট্ৰেল প্ৰভিন্স এলেকাৰ এখন ঘৰৰ মালিক শুৱাৰ পৰা উঠাৰ পিছত ঘৰৰ বেডৰুমত অচিনাক্ত এজন ব্যক্তি শুই থকা দেখি আচৰিত হৈ পৰে। লগে লগে Wichian Buri Districtৰ আৰক্ষী থানাত খবৰ দিয়ে ঘৰৰ মালিকে।



আৰু শুৱাৰ পৰা আৰক্ষীয়ে ডকাইতজনক উঠাই থানালৈ লৈ যায়। পিছত আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে ডকাইতি কৰিবলৈ যোৱাৰ কথা। আৰক্ষীয়ে জনোৱা মতে, ডকাইতটোৰ নাম আতিথ কিন। নিশা ২ বজাত সেই ঘৰটোত প্ৰৱেশ কৰিছিল আতিথে। কিন্তু অত্যন্ত ভাগৰুৱা হৈ থকাৰ বাবে কিছুপৰ বিশ্ৰাম কৰিবলৈ বিচনাত বাগৰ মাৰোতেই আহে টোপনী।

পিছদিনা পুৱা ঘৰৰ মালিকে জীয়ৰীৰ ৰুমত এ চি চলি থকাৰ উমান পায়। জীয়ৰী ঘৰত নথকাৰ অৱস্থাত এ চি চলি থকা দেখি মনত সন্দেহ ওপজে ঘৰৰ মালিকৰ। আৰু ৰুমত প্ৰৱেশ কৰি এজন অচিনাক্ত লোকে জীয়ৰীৰ বিচনাত কম্বল মেৰিয়াই শুই থকা দেথি হতবাক হৈ পৰে লোকজন।

কিন্তু উপস্থিত বুদ্ধি খটোৱাই গৃহস্থই আতিথক জগোৱাৰ পৰিৱৰ্তে খবৰ দিয়ে আৰক্ষীক। লগে লগে ঘৰটোত আৰক্ষী উপস্থিত হৈ শুৱাৰ পৰা উঠাই লৈ যায় থানালৈ। আৰু এতিয়া আৰক্ষীৰ জেৰাত ওলাই পৰে উৰহি গছৰ ওৰ!

শেহতীয়া বাতৰি