নিশাটোৰ ভিতৰতে সলনি হৈ গ’ল এজন মাছমৰীয়াৰ ভাগ্য!
নিশাটোৰ ভিতৰতে সলনি হৈ গ’ল এজন মাছমৰীয়াৰ ভাগ্য। একেদিনাই হৈ পৰিল কোটিপতি! এটা তিমি মাছৰ বমিয়ে সলনি কৰি দিলে ভাগ্য। ঘটনাটো সংঘটিত হৈছে থাইলেণ্ডত। ডেইলি মেইলত প্ৰকাশ পোৱা বাতৰি অনুসৰি, নাৰিছ নামৰ এগৰাকী মাছমৰীয়াৰ সলনি হৈছে ভাগ্য। প্ৰথমে শিলৰ টুকুৰা বুলি ভবা তিমি মাছৰ বমি ক্ৰয় কৰিবলৈ এতিয়া এজন ব্যৱসায়ীয়ে মাছমৰীয়া জনক দিছে ২৫ কোটি টকাৰ প্ৰস্তাৱ।
প্ৰায় ১০০ কিলোগ্ৰাম ওজনৰ ‘আম্বাৰগ্ৰিছ’ৰ টুকুৰাটো হ’ল বৰ্তমানলৈকে পোৱা আটাইতকৈ ডাঙৰ টুকুৰা। ই অতি মূল্যবান। লগতে এক উত্কৃষ্ট মানৰ সুগন্ধৰ উত্স। উল্লেখ্য যে, তিমি মাছৰ বমিক বৈজ্ঞানিক ভাষাত আম্বাৰগ্ৰিছ বুলি কোৱা হয়। আচলতে তিমি মাছ সাধাৰণতে সাগৰৰ উপকূলৰ পৰা বহু দূৰত অৱস্থান কৰি থাকে বাবে ইয়াৰ দেহৰ পৰা ওলোৱা এই পদাৰ্থ সাগৰৰ পাৰলৈ অহালৈ বহু বছৰ লাগে।
মাছমৰীয়া জনে সাগৰৰ পাৰত উদ্ধাৰ কৰিছিল ‘আম্বাৰগ্ৰিছ’। প্ৰথমে তেওঁ ভাবিছিল সেয়া শীলৰ টুকুৰা। কিন্তু পিছত যেতিয়া ভালদৰে পৰীক্ষা কৰে, তেতিয়াহে প্ৰকৃত সত্য পোহৰলৈ আহে। তেওঁ সেই কথা আৰক্ষীকো অৱগত কৰিব বিচাৰিছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|