সন্ত্ৰাসবাদৰ ত্ৰাণকৰ্তা পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইয়ে প্ৰতি ক্ষণতে ভাৰতক অশান্ত কৰাৰ চেষ্টা কৰি আহিছে। ভাৰতত সংঘটিত প্ৰতিটো সন্ত্ৰাসবাদী কাৰ্যকলাপতে আইএছআই জড়িত থকাৰ কথা ইতিপূৰ্বে বহুবাৰ প্ৰমাণিত হৈছে।
কিন্তু তালিবানে আফগানিস্থান দখল কৰাৰ পিছত আইএছআইৰ মনোবল দুগুণে বৃদ্ধি পাইছে কাৰণ তালিবানৰ উত্থানৰ আঁৰত আইএছআইয়ে যথেষ্ট সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। সেয়ে এতিয়া আইএছআইৰ লক্ষ্য হৈ পৰিছে পুনৰ ভাৰতক অশান্ত কৰা। কাশ্মীৰত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ বাবে আইএছআইয়ে এতিয়া আৰু সক্ৰিয়তাৰে কাম কৰিছে।
চৰকাৰী তথ্য অনুসৰি, পাকিস্তানী সেনাৰ সহায়ত আই এছ আইয়ে জুনৰ পৰা আগষ্টলৈকে পাকিস্তান অধিকৃত কাশ্মীৰ (Pok) আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ বাবে ১০৫ বাৰ চেষ্টা কৰিছে৷ ভাৰতীয় সুৰক্ষা বাহিনীয়ে অনুপ্ৰৱেশৰ বেছিভাগ প্ৰচেষ্টা বিফল কৰিছিল যদিও প্ৰায় ছয় ঠাইত সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল৷ তদুপৰি, নিৰাপত্তা বাহিনীয়ে চোৰাংচোৱা সংস্থাৰ পৰাও সতৰ্কবাণী লাভ কৰিছে যে ইস্কপ সন্ত্ৰাসবাদী সংগঠনটোৰ প্ৰশিক্ষিত সন্ত্ৰাসবাদীয়ে ভাৰতত বিস্ফোৰণ সংঘটিত কৰিব পাৰে। জানিবপৰামতে , আফগান-পাকিস্তান সীমান্তৰ স্পিন বোল্ডকৰ ওচৰৰ সন্ত্ৰাসবাদী সংগঠনসমূহে ভাৰতত থকা সন্ত্ৰাসবাদীৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। সন্ত্ৰাসবাদী সংগঠনসমূহে সামাজিক মাধ্যমৰ জৰিয়তে কাশ্মীৰৰ যুৱপ্ৰজন্মক প্ৰৰোচিত কৰাৰো চেষ্টা চলাইছে। কাশ্মীৰৰ যুৱ-প্ৰজন্মক সাম্প্ৰদায়িক ভিডিঅ' প্ৰেৰণ কৰি ইছলামিক সন্ত্ৰাসবাদৰ প্ৰতি আকৰ্ষিত কৰাৰো চেষ্টা চলাইছে।
অৱশ্যে, এনে ভিডিঅ'বোৰে কাশ্মীৰৰ যুৱক-যুৱতীসকলৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই, তথাপিও পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইয়ে ইয়াৰ জঘন্য কাৰ্যকলাপৰ পৰা আঁতৰি থকা নাই। এক উচ্চ পদস্থ সূত্ৰই জনোৱা অনুসৰি, আফগানিস্তানত তালিবানৰ দখলৰ আগতেই কাশ্মীৰ ৰ ওপৰত আইএছআইৰ সক্ৰিয়তা বৃদ্ধি পাইছে। আইএছআইয়ে পাক অধিকৃত কাশ্মীৰত কাৰ্যকলাপ বৃদ্ধি কৰিছে আৰু যোৱা তিনি মাহ ধৰি পাকিস্তানৰ অনুদানপ্ৰাপ্ত সন্ত্ৰাসবাদী সংগঠন এলইটি, জইছ-ই-মহম্মদৰ সদস্যসকল আল-বদৰৰ পৰা জম্মু-কাশ্মীৰলৈ প্ৰেৰণ কৰাৰ চেষ্টা কৰিছে। চোৰাংচোৱাৰ তথ্য অনুসৰি বৰ্তমান জম্মু-কাশ্মীৰত প্ৰায় ২০০ সন্ত্ৰাসবাদী সক্ৰিয় হৈ আছে আৰু ৩৫ জনতকৈও অধিক সন্ত্ৰাসবাদীক লঞ্চপেডলৈ প্ৰেৰণ কৰা হৈছে।
ভাৰতীয় নিৰাপত্তা বাহিনীও ISIৰ জঘন্য অভিপ্ৰায়ৰ প্ৰতি লক্ষ্য ৰাখি নিয়ন্ত্ৰণ ৰেখাত অধিক সতৰ্ক হৈ পৰিছে । ভাৰতীয় সুৰক্ষা বাহিনীয়ে আইএছআইৰ প্ৰচেষ্টা নিষ্ক্ৰিয় কৰিবলৈ সীমান্ত গ্ৰিডক অধিক শক্তিশালী কৰিছে। সুৰক্ষা বাহিনীৰ জোৱানে পাকিস্তান সীমান্তত নিৰীক্ষণ বৃদ্ধি কৰিছে। জানিবপৰামতে, কাশ্মীৰৰ অভাৰগ্ৰাউণ্ড শ্ৰমিকৰ জৰিয়তে অনুপ্ৰৱেশকাৰী সন্ত্ৰাসবাদীয়ে যাতে সহজে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে বিশেষ নিৰাপত্তা গ্ৰিডসমূহ নিৰীক্ষণ কৰা হৈছে।
Published by: Kokil Sarma
FIRST PUBLISHED : September 15, 2021, 07:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।