২৬/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছইদৰ ১০ বছৰৰ জে’ল, নিৰ্দেশ পাক আদালতৰ

News18 Assam | News18-Assam
Updated:November 20, 2020, 9:25 AM IST
২৬/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছইদৰ ১০ বছৰৰ জে’ল, নিৰ্দেশ পাক আদালতৰ
ৰাষ্ট্ৰসংঘ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই ইতিমধ্যে ছইদক গ্ল’বেল টেৰৰিষ্ট হিচাপে ঘোষণা কৰিছে।

ৰাষ্ট্ৰসংঘ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই ইতিমধ্যে ছইদক গ্ল’বেল টেৰৰিষ্ট হিচাপে ঘোষণা কৰিছে।

  • Share this:
মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত অভিযুক্ত আৰু টেৰৰ ফাণ্ডিঙত অভিযুক্ত হাফিজ ছইদক ১০ বছৰৰ কাৰাদণ্ড। পাকিস্তানৰ এণ্টি টেৰৰিজম ক’ৰ্টে জামাত উদ দাৱাৰ প্ৰধান ছইদক এই শাস্তি ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে সন্ত্ৰাসবাদী ছইদৰ ঘনিষ্ঠ সহযোগী আৰু জামাত উদ দাৱাৰ মুখপাত্ৰ ইয়াহিয়া মুজাহিদক ৩২ বছৰৰ কাৰাদণ্ড বিহিছিল আদালতে। মুজাহিদসহ সন্ত্ৰাসবাদী সংগঠনৰ আৰু দুজন নেতাক অপৰাধী ঘোষণা কৰা হৈছিল।

বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত সন্ত্ৰাসবাদী কাৰ্যযকলাপত আৰ্থিক সাহায্য কৰাৰ বাবে হাফিজক ১১ বছৰৰ কাৰাদণ্ড বিহে লাহোৰৰ এণ্টি ়টেৰৰিজম ক’ৰ্টে। ২৬–১১ত মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল হাফিজ ছইদ। এই সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছিল ১৬৬জন লোক, আহত হৈছিল শতাধিক। ৰাষ্ট্ৰসংঘ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই ইতিমধ্যে ছইদক গ্ল’বেল টেৰৰিষ্ট হিচাপে ঘোষণা কৰিছে।
Published by: Sanjay Kumar Das
First published: November 20, 2020, 9:25 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading