পেট্ৰ’ল–ডিজেলৰ মূল্য দেশৰ সকলোতকৈ বৃহৎ মাৰ্কেটিং কোম্পানী আইঅ’চিৰ ৱেবছাইটত জাৰি কৰা নতুন দৰ মতে, দেশৰ প্ৰমুখ চাৰিখন মহানগৰ দিল্লী, কলকাতা, মুম্বাই আৰু চেন্নাইত পেট্ৰ’ল তথা ডিজেলৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে।
কিয় দাম বাঢ়িছে খাৰুৱা তেলৰঃ ইৰাণৰ কুৰ্ডছ ফৰ্চৰ প্ৰমুখ জেনেৰেল কাচিম সুলেমানীক বাগদাদৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হত্যা কৰে আমেৰিকাই। এই আক্ৰমণত হিজবুল্লাহৰ কামাণ্ডাৰ আবু মেহদী অল মুহাদিছৰো মৃত্যু হৈছে। এই সংঘাতৰ খবৰৰ পিছতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খাৰুৱা তেলৰ মূল্য বিগত দহ মাহৰ তুংগত উঠিছে। ইৰাণে প্ৰয়োজনীয় খাৰুৱা তেলৰ ৮০শতাংশৰো অধিক যোগান ধৰালৈ চাই ইৰাণ–আমেৰিকাৰ মাজত চাপ আৰু মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামাই ভাৰতৰ তেল ক্ৰয়ত যথেষ্ট প্ৰভাৱ পেলাব। ১০ডলাৰ প্ৰতি বেৰেললৈ বৃদ্ধি পোৱাৰ আশংকা দেখা গৈছে আৰু যদিহে এয়া হয় তেনেহ’লে ভাৰতৰ ৰাজকোষৰ যথেষ্ট প্ৰভাৱ পৰাৰ লগতে বৰ্তমান কাৰেণ্ট একাউণ্ট বেলেন্সত প্ৰভাৱ পৰে।
উল্লেখযোগ্য যে আমেৰিকাৰ বিমান আক্ৰমণত ইৰানৰ শীৰ্ষ সেনা বিষয়াৰ মৃত্যুৰ পাছত মধ্য প্ৰাচ্যত যুদ্ধৰ দামামা বাজিছে। আমেৰিকাক মুকলি সকীয়নি ইৰানৰ প্ৰধান নেতা আয়াতুল্লা আলি খামেইনিয়ে। সংবাদমাধ্যমত সম্প্ৰচাৰ হৈছে টুইটাৰত চৰম সাৱধানবাণী শুনাইছে ইৰানৰ নেতা খামেইনিয়ে। কৈছে যে চৰম প্ৰতিশোধ লোৱা হ’ব।
ইপিনে, ইৰানৰ বিদেশ মন্ত্ৰী জাভেদ জাৰিফেও স্পষ্ট কৰি দিছে যে এই আক্ৰমণৰ পাছত সৃষ্টি হ’ব পৰা পৰিস্থিতিৰ বাবে আমেৰিকাই দায়ী হ’ব।