মাতৃত্বৰ দুবছৰৰ পিছত টেনিছ কৰ্টলৈ জয়ী হৈ ছানিয়া মিৰ্জাৰ উভতনি, দৰ্শকৰ শাৰীত কণমানি পুত্ৰ

News18 Assam | News18-Assam
Updated:January 14, 2020, 7:48 PM IST
মাতৃত্বৰ দুবছৰৰ পিছত টেনিছ কৰ্টলৈ জয়ী হৈ ছানিয়া মিৰ্জাৰ উভতনি, দৰ্শকৰ শাৰীত কণমানি পুত্ৰ
ভাৰতীয় টেনিছক এক নতুন মাত্ৰা প্ৰদান কৰা তাৰকা খেলুৱৈ ছানিয়া মিৰ্জাই জয়েৰে প্ৰত্যাৱৰ্তন কৰিছে টেনিছ কৰ্টলৈ। মাতৃত্ব অৰ্জন কৰা দুবছৰৰ পিছত টেনিছ কৰ্টলৈ আহিয়ে জয়ৰ মুখ দেখা ছানিয়া একালৰ বিশ্বৰ ডাবলছৰ এক নম্বৰ খেলুৱৈ আৰু ছবাৰৰ গ্ৰেণ্ড শ্লাম বিজেতা। 

  • Share this:
ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই ডব্লিউ চাৰ্কিটৰ জয়ৰ সৈতে হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টত ইউক্ৰেইনৰ নাদিয়া কিচনৌকৰ সৈতে মহিলা ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মাতৃত্ব অৰ্জন কৰাৰ সম্পূৰ্ণ দুটা বছৰৰ পিছত টেনিছ কৰ্টলৈ উভতি অহা ছানিয়া মিৰ্জাই সহযোগী নাদিয়া কিচনৌকৰ সৈতে জৰ্জিয়াৰ ঔকচানা আৰু জাপানৰ মিয়ু কাতৌক এঘণ্টা ৪১মিনিট জোৰা খেলত ২–৬,৭–৬,১০–৩ৰে পৰাস্ত কৰে। এতিয়া ছানিয়া আৰু সহযোগীয়ে সন্মুখীন হ’ব আমেৰিকাৰ ৱানিয়া কিং আৰু ক্ৰিষ্টিনা মেকহলৰ সৈতে। প্ৰথমটো ছেটত পৰাস্ত হ’লেও দ্বিতীয় ছেটত ছানিয়া আৰু সহযোগীয়ে ভাল প্ৰত্যাৱৰ্তন কৰে।

২০১৭চনত মাতৃত্ব অৰ্জন কৰাৰ পিছত দুবছৰ ধৰি টেনিছৰ পৰা দূৰৈত আছিল ছানিয়া। ছানিয়াই পাকিস্তানৰ ক্ৰিকেটাৰ ছোৱেব মালিকৰ সৈতে নিকাহ কৰাৰ পিছত ২০১৮চনত ইজহানক জন্ম দিয়ে। অক্টোবৰ, ২০১৭ত তেওঁ অন্তিমখন টুৰ্ণামেণ্ট খেলে। ভাৰতীয় টেনিছক নতুন মাত্ৰা প্ৰদান কৰা খেলুৱৈগৰাকীয়ে ডাবলছত বিশ্বৰ এক নম্বৰ স্থানত আছিল আৰু ছবাৰ গ্ৰেণ্ডশ্লাম জয় কৰিছিল। তেওঁ ২০১৩চনত ছিংগলছ টেনিছ খেলা বাদ দিয়ে। ২০০৭চনত তেওঁ ডব্লিউটিএ ছিংগলছ ৰেংকিঙত ২৭নম্বৰ স্থানলৈকে গুচি গৈছিল।

নিজৰ কেৰিয়াৰত তেওঁ একেৰাহে পেশী আৰু আঁঠুৰ সমস্যাত আক্ৰান্ত হৈ আছিল। দুবছৰৰ মুৰত প্ৰত্যাৱৰ্তন কৰা ছানিয়াৰ খেল চাবলৈ দৰ্শকৰ শাৰীত আছিল পুত্ৰ আৰু মাতৃও। ছানিয়াই পুত্ৰৰ সৈতে ফটো শ্বেয়াৰ কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি