স্পেইনৰ ৰাফেল নাদালে দেওবাৰে অষ্ট্ৰেলিয়ান অপেন ২০২২ৰ খিতাপ দখল কৰে । স্পেইনৰ চুপাৰষ্টাৰ গৰাকীয়ে পুৰুষ ছিংগলছৰ প্ৰত্যাহ্বান পূৰ্ণ ফাইনেল খেলখনত ৰাছিয়াৰ দানিল মেদভেদেভক ২-৬, ৬-৭ (৫), ৬-৪, ৬-৪, ৭-৫ ব্যৱধানত পৰাস্ত কৰে আৰু ২১ সংখ্যক গ্ৰেণ্ড শ্লেম জয় কৰি অভিলেখ গঢ়ে।। তেওঁ ২১ টা গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰা প্ৰথম গৰাকী পুৰুষ টেনিছ খেলুৱৈ হৈছিল। ইতিহাস ৰচনা কৰাৰ পিছত, নাদাল আৱেগিক হৈ পৰে আৰু ইয়াক তেওঁৰ জীৱনৰ আটাইতকৈ গৌৰৱময় মুহূৰ্তবোৰৰ এটা বুলি অভিহিত কৰে।
দানিল মেদভেদেভৰ বিৰুদ্ধে ৫ ঘণ্টা ২৪ মিনিটৰ ফাইনেল খেলখনত ঐতিহাসিক বিজয়ৰ পিছত নাদালে সংবাদ মাধ্যমক কয় "মোৰ টেনিছ কেৰিয়াৰৰ আটাইতকৈ আৱেগিক খেলসমূহৰ ভিতৰত এইখন অন্যতম। মোৰ বাবে এইখন এখন চমৎকাৰপূৰ্ণ খেল আছিল। সঁচাকৈ ক'বলৈ গ'লে, ডেৰ মাহ আগতে, আনকি মই নিজেই ভবা নাছিলো যে বিদেশত মই পুনৰ খেলিব পাৰিম নে নাই।"
২০ টা গ্ৰেণ্ড শ্লেমৰ সৈতে ৰজাৰ ফেডাৰেৰ আৰু নোভাক জকোভিচৰ দৰে প্ৰাক্তন তাৰকা সকলক অতিক্ৰম কৰা স্পেনিছ কিংবদন্তিগৰাকীয়ে লগতে কয় যে এইটো তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ আৱেগিক মাহ। নাদালৰ মতে "ইয়াত কোনো সন্দেহ নাই যে এইটো সম্ভৱতঃ মোৰ টেনিছ কেৰিয়াৰৰ আটাইতকৈ আৱেগিক মাহবোৰৰ এটা আছিল। যোৱা তিনি সপ্তাহত মই লাভ কৰা সমৰ্থন মোৰ হৃদয়ত গোটেই জীৱন থাকিব।"
Published by: Kokil Sarma
FIRST PUBLISHED : January 31, 2022, 08:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|